গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, তেজপুৰৰ বিষয়ে কিছু কথা..

A Few things about Girijananda Chowdhury Instititute of Management and Technology, Tezpur

জি আই এম টি, তেজপুৰ।

২০১১ চনৰ ১৬ আগষ্ট তাৰিখে তেজপুৰ চহৰৰ ডেকাৰগাঁৱত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, চমুকৈ জি আই এম টি, তেজপুৰ (https://gimt-tezpur.ac.in) স্থাপন হৈছিল। জি আই এম টি, তেজপুৰ পাব্লিক প্রাইভেট পার্টনাৰশ্বিপ (পিপিপি) আৰ্হিত স্থাপিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন অভিযান্ত্ৰিক প্ৰতিষ্ঠান।

তেজপুৰৰ মিছন চাৰিআলিৰ পৰা ৪ কিলোমিটাৰ আৰু ৰে’লৱে ষ্টেচনৰ পৰা ২ কিলোমিটাৰ নিলগৰ সেউজীয়া পৰিৱেশত অৱস্থিত মহাবিদ্যালয়খন পূৰ্বতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আছিল আৰু ২০১৩ চনৰ আগষ্ট মাহত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে৷ ড° তুষাৰ কান্তি  ভট্টাচাৰ্য্য এই প্ৰতিষ্ঠানৰ প্রতিষ্ঠাপক অধ্যক্ষ। ইয়াৰ পিছত ক্রমে ড°  বিশ্বৰূপ শইকীয়া আৰু ড° ৰমেশ চন্দ্র গোস্বামীয়ে অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল। ২০১৮ চনৰ ১ আগষ্ট তাৰিখে মই অধ্যক্ষৰ দায়িত্বভাৰ গ্রহণ কৰো৷

অসমৰ উপৰিও অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, ত্রিপুৰা আদি ৰাজ্যৰ  বহুসংখ্যক শিক্ষাৰ্থীয়ে জি আই এম টি, তেজপুৰত শিক্ষা গ্রহণ কৰি আছে। এই শিক্ষানুষ্ঠানত ২০ শতাংশ চৰকাৰীভাৱে সংৰক্ষিত আসন আছে।

ইয়াত শিক্ষা গ্ৰহণ কৰা বহুজনে চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও তেজপুৰ বিশ্ববিদ্যালয় আৰু ইংলেণ্ডৰ Sussex University আদি আগশাৰীৰ শিক্ষানুস্থানত উচ্চশিক্ষা গ্রহণৰ সুযোগ লাভ কৰিছে। বহুসংখ্যক ছাত্ৰ-ছাত্ৰী চৰকাৰী, বেচৰকাৰী চাকৰিত নিয়োজিত হোৱাৰ উপৰিও  স্বনিয়োজনৰ পথো বাছি লবলৈ সক্ষম হৈছে৷

এই মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ ‘Avante Coureur’ প্রতি বছৰে আয়োজন কৰা হয়। আন্তঃ মহাবিদ্যালয় কুইজ, তৰ্ক, নৃত্য আৰু চিত্ৰাংকণ প্ৰতিযোগিতাত অন্যান্য বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰে।

জি আই এম টি, তেজপুৰত ‘Ethnic Day’ৰ কাৰ্য্যসূচী হিচাপে প্ৰতিবছৰে ব’হাগ মাহৰ প্ৰথম পষেকত ‘গোমচেং’ নামৰ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ ‘গোমচেং’ৰ অন্যান্য কাৰ্য্যসূচীৰ লগতে প্ৰতিষ্ঠানখনৰ সমূহ কৰ্মচাৰী ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰম্পৰাগত সাজপাৰ পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি নিজ নিজ কৃষ্টি-সংস্কৃতিৰ সাজ-পাৰ পৰিধান কৰে।

জি আই এম টি, তেজপুৰৰ বাৰ্ষিক আলোচনী “জিমচিয়ান” আৰু  খবৰ পত্ৰিকা ‘টেক-বাৰ্তা’ নিয়মীয়াকৈ প্রকাশ হৈ আহিছে।

মহাবিদ্যালয়খনৰ সামাজিক কল্যাণকামী ক্লাব ‘সহযোগ’ৰ উদ্যোগত শোণিতপুৰ জিলাৰ শিক্ষানুষ্ঠানসমূহত  বিনামূলীয়া কেৰিয়াৰ সজাগতা সভাৰ লগতে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলক নিয়মীয়াকৈ কেৰিয়াৰ দিহা-পৰামৰ্শ প্রদান কৰি অহা হৈছে।

ইচ্ছুক ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে অধিক তথ্যৰ বাবে  9854075378, 9864603100, 8812028822, 9365404513  এই ফ’ন নম্বৰকেইটাত যোগাযোগ কৰিব পাৰে৷

জি আই এম টি, তেজপুৰত বৰ্তমান Civil Engineering আৰু Mechanical Engineering বিভাগৰ B.Tech পাঠ্যক্ৰম গ্ৰহণৰ সুবিধা আছে।

(লেখক, অধ্যক্ষ, জি.আই.এম.টি., তেজপুৰ। ফোন: ৯৪৩৫১৮৮৬৩০। ই-মেইল: buljit@gmail.com)