• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এগৰাকী অৰণ্যমানৱ আৰু এটা ভাটৌ

আবু নাছাৰ চাঈদ আহমদ

by
April 18, 2024 1:03 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰণ্য। শব্দটোৱে চকুৰ আগলৈ আৰু মনৰ মাজলৈ, কল্পনাৰ কুঠৰিলৈ আনি দিয়ে অলেখ গছ গছনিৰে ভৰা এখন জগত, তাত আশ্রয় লৈ থকা নানাবিধ চৰাই-চিৰিকটি, জীৱজন্তু, পখিলা, সৰীসৃপেৰে এক চিৰ-জাগ্রত প্রাণপ্রাচুর্য্যভৰা পৰিবেশ। এইবিলাক সম্পদক বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ মানৱ সমাজৰ এচামলোকে অহৰহ আশাসুধীয়া প্রচেষ্টা চলাই থকাৰ বিপৰীতে আন এচামে তাক সমান্তৰালভাবে ব্যক্তিগত স্বার্থত শোষণ আৰু ধ্বংস কৰিবলৈ উঠিপৰি লাগি থাকে। এনে এক পৰিস্থিতিৰ মাজতে এগৰাকী অতিকৈ অসাধাৰণভাবে সাধাৰণ ব্যক্তিয়ে প্রকৃতিৰ এইবিলাক অমূল্য সম্পদক ৰক্ষা আৰু সংৰক্ষণ কৰিবলৈ নিৰন্তন আৰু অদম্য মনোবলেবে জীৱনটোৰ প্রতিটো ক্ষণ প্রয়োগ কৰি আছে। সেইগৰাকী ব্যক্তিক নজনা কাজিৰঙাত কোনো নাই বুলিব পাৰি। বিভিন্ন প্রজাতিৰ চৰাইক উদ্ধাৰ কৰি নতুন জীৱন দি থকাৰ কাৰণে আৰু কাজিৰঙাকে তেওঁৰ কৰ্মক্ষেত্ৰ কৰি লোৱাৰ হেতুকে অসমৰ প্রকৃতি-প্রেমী মানুহে তেওঁক বার্ডমেন অব কাজিৰঙা’ উপাধিৰে বিভূষিত কৰিছে। তেওঁ হৈছে মনোজ গগৈ। একেবাৰে সৰল জীৱন যাপন কৰি অহা প্রায় চল্লিছৰ বসন্ত পাৰ কৰা মনোজ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা গেটৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগত এটা সৰু আৰু সাধাৰণ ঘৰত দেউতাক জোনাৰাম, পত্নী ভানু, দুগৰাকী কন্যা সন্তান বুমিষ্ঠা আৰু বিটিষ্ঠাক সাৱটি সুন্দৰ আৰু সুখৰ সংসাৰ জীৱন যাপন কৰি আহিছে।

মনোজক এক বিশেষ কাৰণত লগ পোৱাৰ সৌভাগ্য ঘটিছিল যোৱা ২৫ফেব্ৰুৱাৰীৰ দিনা। ইয়াৰ আগতে তেওঁক Youtube Birdman of Kaziranga আৰু Manoj Gogoi, Kaziranga শিৰোনামাৰ দুখনমান তথ্যচিত্র চাবলৈ সুযোগ পাইছিলোঁ। তাত দেখিবলৈ পাইছিলো উদ্ধাৰ আৰু সংস্থাপন হোৱা বহুতো চৰাই, জহামাল প্রজাতিৰ জন্তু, সাপ আদি প্ৰাণীৰ সৈতে নিতান্ত একাত্ম সম্পৰ্কৰ ৰাখি সিহঁতক অৱশেষত সংস্থাপিত কৰা চিত্রকথা। তেওঁ উদ্ধাৰ কৰা কাউৰি, পাঁচটামান মাছৰোকা চৰাই, এটা হাড়ঘিলাৰ সৈতে খেলি থকা বা আত্মীয়তাৰে বাৰ্তালাপ কৰা, সিঁহতক সংস্থাপন কৰাৰ আৰু সিহঁতক নাম ধৰি মাতিলে পলকতে ক’ৰবাৰ পৰা আহি যোৱাৰ বহুতো কাহিনী। লগতে প্রকাণ্ড ৰাজফেটি (King Cobra) ধৰি তাক হাবিৰ মাজত থৈ অহাৰ ৰোমাঞ্চকৰ কাহিনী। এই খিনিতে এটা গুৰুত্বপূর্ণ কথা উল্লেখ কৰিবলৈ বিচাৰোঁ। মনোজ গগৈয়ে প্রকৃতিৰ মাজত আৰু আশ্রয়ত থকা সকলো জীৱ-জন্তু, চৰাই, গছ-গছনিক প্রকৃতিৰ সম্পদ বুলি গণ্য কৰে। তাৰ বিকাশ আৰু সংৰক্ষণ কৰাটো তেওঁৰ জীৱনৰ উদ্দেশ্য। প্রকৃতিক বুকুৰ মাজত সম্পূর্ণভাৱে সাৱটি ধৰাৰ আগতে তেওঁ বন বিভাগৰ চাকৰি কৰিছিল।

Apply Now

সেই সময়তে তেওঁ প্রকৃতিৰ জগতখনৰ সেই সময়তে তেওঁ প্ৰকৃতিৰ জগতখনৰ সৈতে একাত্মাবোধেৰে জানিবলৈ আৰু বুজিবলৈ চেষ্টা কৰিছিল। তাৰ পৰা আহৰণ কৰা জ্ঞানেৰে তেওঁ বর্তমান অতি প্রণালীবদ্ধভাবে কাম কৰি যাবলৈ বিচাৰিছে। তাৰ লগতে অসমৰ মানুহৰ প্রকৃতিৰ সম্পৰ্কে কিমান সচেতন সেই বিষয়ে বুজিবলৈ চেষ্টা কৰি আহিছে। উদাহৰণ স্বৰূপে, সাপ বুলিলে আমাৰ প্ৰায় সকলো মানুহ আতংকিত হয়। দেখামাত্রে তাক মাৰিবলৈ উদ্যত হয়। এবাৰ এটা প্রকাণ্ড অজগৰ সাপ ধৰিবলৈ গৈ তেওঁ সম্মুখীন হোৱা অসুবিধাৰ কথা আমাক বর্ণনা কৰিছিল। এটা ঘৰৰ ভিতৰত জিৰণি লৈ থকা অজগৰটো ধৰাৰ ললে লগে সি মনোজৰ হাত এখন তাৰ সমস্ত দেহৰে মেৰিয়াই চেপিবলৈ ধৰিলে। অজগৰটো চাবলৈ ওচৰৰ বহুতো মানুহক আৰু যাৰ ঘৰত তাক ধৰিছিল তেওঁলোকক এটা বস্তা আনি তাৰ মুখৰ ওচৰত দিবলৈ অনুৰোধ কৰিলে। তাকে কৰিলে অজগৰটোৱে বস্তাটোৰ ভিতৰলৈ সোমাই গ’লহেঁতেন আৰু মনোজৰ হাতখন মুকলি হৈ মেৰিয়াই ধৰা প্ৰচণ্ড কুণ্ডলীটোৰ পৰা ৰেহাই পালেহেঁতেন। গধুৰ সাপটোক হাততলৈ তেওঁ ঘৰ পালেহি আৰু কোনোবা এজনে বস্তা এটাৰ মুখখন মেলি ধৰিলে। অজগৰটো ততালিকে তাৰ ভিতৰত সোমাই গ’ল। মনোজে কেইবা দিনলৈ হাতখনত বিষ আৰু অবশ অনুভৱ কৰি থাকিল।

এটা বিশেষ কথাৰ বাবে মনোজৰ কাষ চাপিবলগীয়া হৈছিলোঁ। বিগত বছৰৰ (২০২৩চন)ব ৰঙালী বিহুৰ সময়ত আমাৰ পৰিয়ালৰ লগত ঘনিষ্ঠ দীপা কলিতাই এটা ভাটো পোৱালী আমাৰ ঘৰলৈ লৈ আনি তাক ৰাখি থ’বলৈ অনুৰোধ কৰিলে। সি এক বিৰল প্রজাতিৰ ঠোট ৰঙা, বুকুখন গোলাপী ৰঙৰ, দেহত প্রায় নটা বিভিন্ন বং, তাৰ ইংৰাজী নাম হৈছে Red-Breasted Parakeet। দুয়োখন দেউকাৰ পাখি লঠৰাকৈ কটা। দীপাৰ পৰা জানিব পাৰিলোঁ যে এক প্রবল ধুমুহাত তাৰ বাসস্থলী গছজোপা ভাগি পৰিল। ভাটো পোৱালীটো দিশহাৰা হৈ হাবিৰ মাজৰ পৰা ওলাই আহোঁতে কোনোবা এজন ব্যক্তিয়ে তাক ধৰি তাৰ দেউকাৰ পাখি কাটি ঘৰত ৰাখিবলৈ ঠিক কৰিলে। মানুহজন অকলশৰীয়া। ভাটোটোক সজাত বন্দী কৰি ৰাখি কামলৈ ওলাই যায় আৰু বেচেৰা চৰাইটোৱে দিনটো চিঞৰি থাকে। তেনেকুৱা অৱস্থাৰ পৰা দীপাই তাক উদ্ধাৰ কৰি আমাৰ ঘৰলৈ লৈ আনিলে। উৰণীয়া চৰাই এটা আমি ৰাখিবলৈ বিচৰা নাছিলোঁ। তদুপৰি এনে এটা বিৰল প্ৰজাতিৰ চৰাই ঘৰত ৰখাটো আইনমতে দণ্ডনীয়। তথাপি সি একবাৰে উৰিব নোৱাৰা দেখি, ক’ৰবাত এৰি দিলে তাৰ হানি বিঘিনি হ’ব বুলি ভাবি, পাখিখিনি সম্পূর্ণকে গজি উঠালৈকে আমি তাক আমাৰ ঘৰতে ৰাখি থ’লোঁ। দুষ্টচক্ৰৰ হাতত পৰিলে বহু হাজাৰ টকাৰ বিনিময়ত তাক বিক্ৰী কৰি দিব বুলি ভাবি ভয় কৰিছিলোঁ। দুগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াৰ সৈতে তাক মুকলি কৰাৰ বিষয়টো আলোচনা কৰিলোঁ। তেওঁলোকে অভয় দিলে। কেইমাহমানৰ পাছত তাৰ পাখিখিনি ভালদৰে গজিবলৈ ধৰিলে। তাৰ নাম দিলোঁ ‘মইনাটো’।

যোৱা বছৰৰ নৱেম্বৰ মাহত আমাৰ ঘৰলৈ আহিছিল উদীয়মান সমালোচক, গবেষক আৰু প্রকাশক অৰুণাভ গোস্বামী। আমাৰ মইনাটোক অৰণ্য মাজত কিদৰে মুকলি কৰি দিব পাৰোঁ সেই বিষয়ে তেওঁৰ সৈতে আলোচনা কৰোঁতে তেওঁ মনোজ গগৈৰ লগত যোগাযোগ কৰিবলৈ পৰামর্শ দিলে। মনোজে এতিয়ালৈকে প্রায় ৯০০০জীব-জন্তু আৰু চৰাইক উদ্ধাৰ কৰি সংস্থাপন কৰি আহিছে। তাৰ ভিতৰত চৰাইৰ সংখ্যা সর্বাধিক। অৰুণাভে ততালিকে মনোজৰ সৈতে যোগযোগ কৰাই দিলে। তাৰ পাছত দুবাৰ চেষ্টা কৰি বিফল হৈ তৃতীয়বাৰ মইনাটোক মনোজৰ হাতত গটাই দিবলৈ সক্ষম হ’লোঁ। মইনাটোক বিদায় দি মনত নিশ্রিত প্রতিক্রিয়া হৈছিল। সি ঘৰত ভিতৰত খোজ কাঢ়ি ফুৰিছিল, অনবৰতে আমাক তাৰ শুৱলা মাতেৰে মনটো ভাল লগাই আছিল, উপর্যুপৰি চুমা খাই আমাৰ প্ৰাণ পুলকিত কৰি ৰাখিছিল, তাক উৰিবলৈ শিকাইছিলোঁ, কিন্তু তাক আমি অৰণ্যত কিদৰে জীবন যাপন কৰিব সেয়া শিকাব পৰা নাছিলোঁ। সেয়ে আমি তাক মনোজৰ হাতত গটাই দিবলৈ দৃঢ় সিদ্ধান্ত ল’লোঁ।

মনোজৰ ঘৰ পাই মইনাটোক গটাই দি আমি তেওঁৰ পৰা অন্তৰ পৰশা কাহিনী শুবিলৈ পালোঁ। তেনে ধৰণৰ কাহিনী ইউটিউবত চাবলৈ আৰু শুনিবলৈ পাইছিলোঁ। তেওঁ প্রথমতে আমাক ক’লে যে মইনাটো প্রকৃতিৰ সম্পদ; এই সম্পদ প্ৰকৃতিৰ মাজত ওভোটাই দিয়াটো তেওঁৰ কর্তব্য। তেজপুৰৰ এগৰাকী ছোৱালীয়ে এটা ভাটো আনি তেওঁক গটালে। তাক প্রকৃতিৰ বুকুত এৰি দিবলৈ অনুৰোধ কৰিলে। মনোজে উদ্ধাৰ কৰা আহত বা ৰোগক্রান্ত চৰাইক শুশ্রুষা আৰু প্রশিক্ষণ দি অৰণ্যৰ জীৱন যাপন কৰিবলৈ শিকোৱাৰ দৰে সেই ভাটোটোক প্রথমতে এজোপা গছৰ পৰা আনজোপালৈ উৰিবলৈ, খাদ্য বিচাৰিবলৈ, সজাত ভৰাই দি এজোপা গছত বহুত সময় ৰাখি আন ভাটোক মাতিবলৈ শিকালে। এইদৰে ভাটোটোৱে লগৰীয়া বিচাৰি কেইদিনমান মাত মাতি থকাৰ পাছত লাহে লাহে বৃহৎ সংখ্যক একে প্রজাতি ভাটো তাৰ কাষলৈ আহিবলৈ ধৰিলে। সি সজাত ওলমি থকা কদম গছ এজোপাত হাজাৰ হাজাৰ ভাটো আহি বহিবলৈ ধৰিলে। সি যেন সিহঁতক কয় ‘মোক উদ্ধাৰ কৰ’। এদিন এটা ঘটনা দেখি মনোজ একেবাৰে বিমুগ্ধ হ’ল। কেইবা হাজাৰ ভাটো আহি কদম এগছজোপাত বহি চিঞৰি যেন ক’লে, ‘আমাৰ বন্ধুক এৰি দে’। মনোজে তাক এৰি দিলে আৰু সি উৰি জাকৰৰ মাজত বিলীন হৈ পৰিল। মনোজে আমাক ক’লে, ‘অলপ দিনৰ ভিতৰত আপোনাৰ মইনাটো একে ধৰণেৰে জাকৰ মাজত বিলীন হৈ পৰিব। সি হাবিত উৰি ফুৰা ভিডিঅ আপোনালৈ পঠিয়াই থাকিম। তাৰ জাতৰ কোনোবা এজনী ছোৱালী আগবাঢ়ি আহি তাৰ সৈতে বার্তালাপ কৰিব আৰু তায়ে তাক লগত লৈ ক’ৰবালৈ উৰি গৈ জাকৰ মাজত অদৃশ্য হৈ পৰিব। সেই বিনন্দীয়া দৃশ্য মই কেমেৰাত ধৰি ৰাখিম আৰু আপোনালৈ পঠিয়াই দিম। আপোনাৰ মইনাটো প্ৰকৃতিৰ সম্পদ। প্রকৃতিৰ এই সম্পদ প্রকৃতিক গটাই দিব পাৰিম’।

বহু সময় ধৰি মনোজৰ সৈতে প্ৰকৃতিৰ অপৰূপ ছবিখনৰ নানা কথা পাতি আমি উভতিবলৈ বিচাৰিলোঁ। আমাৰ সন্তান ছাজিভে তাৰ পৰা বিদায় ল’লে। মই তাৰ পিনে চাব পৰা নাছিলোঁ।তাৰ এক নিশ্চিত ভৱিষ্যতৰ কথা ভাবিলোঁ। সি এদিন তাৰ কইনাজনীৰ লগত উৰি যাব, তাৰপৰা চিৰদিনৰ বাবে আঁতৰি অহাৰ প্রস্তুতিত মই বেদনা-বিহ্বল আবেগত বিয়াকুল হৈছিলোঁ।আমাৰ ঘৰলৈ অহা দিনটোৰ পৰা বিচ্ছেদৰ ক্ষণলৈকে সি যে কিমান আনন্দ দিলে সেয়া ভাষাৰেবুজাব নোৱাৰোঁ। মনোজৰ কথাৰে প্ৰকৃতিক সম্পদ মইনাটো প্রকৃতিৰ মাজতে সোনকালে বিলীন হ’ব-তাকে ভাবি এক পবিত্র সন্তুষ্টিৰে আমি উভতি আহিলোঁ। মনোজে মোলৈ মইনাটোৰ ভিডিঅ ছবি পঠিয়াই আছিল। যোৱা ৫মার্চত পুৱা আমাৰ মইনাটোক তাৰ একে প্রজাতিৰ ভাটো কেইটামান লগতে দুজনীমান লগৰী আহি তাক লগত লৈ ক’ৰবালৈ উৰি গ’ল। সি এতিয়া হাবিৰ মাজত খাদ্য বিচাৰি খাব জনা হৈছে, সুন্দৰকৈ উৰিব পৰা হৈছে। ভাটোৰ নিজস্ব মাত বা ভাষা সি আয়ত্ব কৰিব পৰা হৈছে। আমি নিশ্চিত যে এতিয়া বনৰ মাজত সি বংশ বৃদ্ধি কৰি সুখী জীবন যাপন কৰিব পাৰিব। শেহতীয়াকৈ মনোজ গগৈয়ে জনাইছে যে মহানটোরে লগৰীক লৈ। দেখা দি গৈছে। তাৰ কইনাজনীৰ সৈতে তোলা ফটো আমালৈ পঠিয়াইছে। অর্থাৎ সি সংসাৰ আৰম্ভ কৰিছে।

এটা ফেঁচা পোৱালীৰ কথাৰে এই লেখাটো সামৰিবলৈ বিচাৰিছোঁ। এটা আহতপ্রাপ্ত ফেঁচা পোৱালী মনোজে উদ্ধাৰ কৰি সি সুস্থ আৰু উৰিব পৰা হোৱালৈকে নিজৰ ঘৰতে ৰাখিলে। কেইবামাহৰ পাছত সি সুস্থ হোৱাৰ পাছত তাক হাবিত এৰি থৈ আহিল। কেইবামাহৰ পাছত এদিন কাহিলি পুৱা মনোজে ঘৰৰ বাহিৰত ফেঁচাৰ মাত শুনিবলৈ পালে। বাহিৰলৈ ওলাই দেখিবলৈ পালে তেওঁৰ ঘৰতে পালিত ফেঁচাটো তেওঁৰ গাড়ীৰ ওপৰত আৰু কাষৰ গছজোপাত তাৰ শ্রীমতী আৰু দুটা পোৱালী। মনোজে সিহঁতক নিজৰ বাসভূমিলৈ গুচি যাবলৈ আদেশ দিলে। সিহঁতে বিশেষকৈ ফেঁচাটোৰ গৃহিনী আৰু পোৱালী দুটা মানুহৰ সংস্পৰ্শলৈ আহিলে ঘৰচীয়া হৈ পৰিব অর্থাৎ প্রকৃতিৰ পৰা আঁতৰি আহিব বুলি তেওঁ ভয় কৰিছিল। তেওঁৰ আদেশ মানি সি তাৰ পত্নী আৰু সন্তান দুটিক লৈ উৰি আঁতৰি গ’ল।

আমাৰ ৰাজ্যখনত মনোজৰ দৰে বহুত প্রকৃতি প্রেমীৰ প্রয়োজন হৈছে। আমাৰ পৰিৱেশ আমাৰ সভ্যতা, আমাৰ সম্পদ সুৰক্ষিত কৰি ৰাখিবলৈ শতাধিক মনোজ গগৈৰ প্রয়োজন হৈছে। বিভিন্ন সংস্থা আৰু ব্যক্তিয়ে তেওঁৰ মহান কামৰ স্বীকৃতি দিছে। প্ৰচাৰ-বিমুখ এইগৰাকী ব্যক্তিক আজিও চৰকাৰে কোনো স্বীকৃতি দিয়া নাই যদিও তেওঁ গাঁৱে-নগৰে প্ৰকৃতি সুৰক্ষাৰ সম্পৰ্কত সজাগতা সৃষ্টি কৰি আহিছে। শেহতীয়াকৈ যোৱা ৪মার্চত History চেনেলে King of Kaziranga শীর্ষক তথ্য চিত্র এখন প্ৰচাৰ কৰি তেওঁক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্রদান কৰিছে। এই লেখাটোৰ যোগেদি আমি চৰকাৰক অনুৰোধ কৰিছোঁ মনোজ গগৈক জানিবলৈ, তেওঁক উৎসাহিত কৰিবলৈ আৰু সহায় কৰিবলৈ চেষ্টা কৰক, তেহে আমি শতাধিক মনোজক সৃষ্টি কৰিব পাৰিম।

লেখকৰ ফোন নং-৯৪৩৫৪০৭৩৭৬

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd