NORTHEAST NOW (Assamese)

বোকাখাতৰ নুমলীগড় কনিষ্ঠ মহাবিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ  

September 1, 2018 12:01 pm · উত্তম শইকীয়া

ৰজাবাৰী, বোকাখাতত অৱস্থিত নুমলীগড় কনিষ্ঠ মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ ১ম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ ব্যৱস্থা কৰা হয় । এই পাঠ্যপুথি বিতৰণী সভাখন যোৱা ৩০ আগষ্টত অনুষ্ঠিত হৈ যায়।

নুমলীগড় কনিষ্ঠ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যাদৱ হাজৰিকাৰ সভাপতিত্বত পৰিচালনা সমিতিৰ সম্পাদক অমৰ শৰ্মাই আঁত ধৰা পাঠ্যপুথি বিতৰণ অনুষ্ঠানত পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য বিজয় সন্দিকৈ, প্ৰীতি ৰঞ্জন বৰুৱা, ধনীৰাম কুৰ্মী , মহাবিদ্যালয়খনৰ  ভূমিদাতা কনপাই দাস, ভাৰপ্ৰাপ্ত অধ্যক্ষা মনালিছা শইকীয়া উপৰিও শিক্ষক নিভা শইকীয়া, মমী সেন , স্বপ্না হাজৰিকা, বন্দিতা হাজৰিকা , কুন্তলা হাজৰিকা আৰু অজন্তা তালুকদাৰ উপস্থিত থাকে।

অধিকাংশ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত মহাবিদ্যালয়খনৰ  চলিত শিক্ষাবৰ্ষৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীসমূহৰ ছাত্ৰ ছাত্ৰীৰ প্ৰায় ৪০ গৰাকীৰ মাজত  ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়া চৰকাৰী পাঠ্যপুথি বিতৰণ কৰা হয়৷

উল্লেখযোগ্য যে কনিষ্ঠ মহাবিদ্যালয়খনে গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীক অগ্ৰাধিকাৰ দি ভৰ্তি মাছুলৰ অবিহনে শিক্ষা গ্ৰহণৰ সুবিধাও প্ৰদান কৰি আহিছে৷

Related News