• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসূতিক কেন্দ্ৰ কৰি শিৱসাগৰত দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে চিকিৎসালয়ৰ আচবাব

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 1, 2018 12:37 pm
দুস্কৃতিকাৰীয়ে ভাঙিলে হাস্পাতালৰ আচবাব

দুষ্কৃতিকাৰীয়ে ক্ষতিসাধন কৰে মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয় আৰু চিকিৎসালয়খনৰ আচবাব। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ অন্তৰ্গত বেতবাৰী মৌজাৰ খেলুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শুকুৰবাৰে পুৱাই এগৰাকী প্ৰসূতিক কেন্দ্ৰ কৰি চিকিৎসালয় খনত তীব্র উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজনাৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয় আৰু চিকিৎসালয়খনৰ আচবাবৰ যথেষ্ট ক্ষতিসাধন কৰে।

ঘটনা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ তথ্য অনুসৰি শুকুৰবাৰে পুৱা খেলুৱা পঞ্চায়তৰ বেতবাৰী দুৱৰী গাঁৱৰ শিখামণি নামৰ প্ৰসূতি গৰাকীৰ হঠাৎ প্ৰসৱ বেদনা বাঢ়ি যোৱাত পুৱা খেলুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ পৰিয়ালৰ লোকে লৈ আহে আৰু চিকিৎসকৰ অনুপস্থিতিত কৰ্তব্যৰত নাৰ্চে প্ৰসূতি গৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত ৰক্ত চাপৰ অধিক পৰিবৰ্তনৰ তাৰতম্য দেখি উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ বৰ্গক শিৱসাগৰলৈ নিবৰ বাবে পৰামৰ্শ দিয়ে।

Apply Now

কিন্তু দুৰ্ভাগ্যবশত উন্নত চিকিৎসাৰ বাবে যোৱাৰ পথতে গাড়ীতে  প্ৰসূতি গৰাকীয়ে এটি কেচুৱা প্ৰসৱ কৰে আৰু পৰৱৰ্তী সময়ত এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছতে চিকিৎসকে জন্ম হোৱা শিশুটিৰ ইতিমধ্যে মৃত্যু হোৱা বুলি পৰিয়ালবৰ্গক জানিবলৈ দিয়ে।

হাস্পাতালত আক্ৰমণ
দুষ্কৃতিকাৰীয়ে ক্ষতিসাধন কৰাৰ পিছত চিকিৎসালয়খনত উপস্থিত হয় আৰক্ষী। ফটো : নৰ্থইষ্ট নাও

চিকিৎসালয় সূত্ৰৰ মতে সম্পূর্ণ দিনৰ পূৰ্বেই শিশুটি প্ৰসৱ হোৱা বাবেই শিশুটি মৃত্যু মুখত পৰে বুলি ধাৰণা কৰা হৈছে, কিয়নো চিকিৎসালয়ৰ তথ্যত প্ৰসূতি গৰাকীৰ প্ৰসৱৰ সঠিক দিন আছিল ২৪ নৱেম্বৰ। ইফালে জ্যেষ্ঠ চিকিৎসকৰ মতে শিশুটোৰ মৃত্যুৰ কাৰণ এতিয়াও সঠিক ভাৱে পোহৰলৈ অহা নাই।

আনহাতে,  শিশুটিৰ আকস্মিক মৃত্যুৰ খবৰে পৰিয়াল বৰ্গক মৰ্মাহত কৰে আৰু একাংশ দুষ্কৃতিকাৰীয়ে খেলুৱাস্থিত মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্য্যালয়ত প্ৰৱেশ কৰি কম্পিউটাৰ, চি চি টিভি, দুৱাৰৰ আইনা ভঙাৰ লগতে চিকিৎসালয়ৰ লেব’ৰটৰি, ঔষধ গৃহৰ উপৰিও নৈশ চকীদাৰৰ কোঠাৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰি চিকিৎসালয় খনত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে।  উল্লেখ্য যে যি সময়ত প্ৰসুতি গৰাকীক উন্নত চিকিৎসাৰ বাবে শিৱসাগৰলৈ নিয়া হৈছিল সেই সময়ত খেলুৱাস্থিত চিকিৎসালত নাছিল কোনো চিকিৎসক।

লক্ষণীয় বিষয়টো হ’ল যে যি সময়ত দুষ্কৃতিকাৰী চিকিৎসালয়ত প্ৰবেশ কৰি চিকিৎসালয়খন লণ্ড-ভণ্ড কৰিছিল তেতিয়া কৰ্তব্যত উপস্থিত থকা চিকিৎসকজনে মহকুমা স্বাস্থ্য বিষয়াক ফোনযোগে ঘটনা সন্দৰ্ভত অৱগত কৰে যদিও মহকুমা স্বাস্থ্য বিষয়াজন প্ৰায় ১-৩০ বজাতহে কাৰ্যালয়ত উপস্থিতি হয়হি। ইতিপূৰ্বে চেৰেকাপাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। আৰক্ষীয়ে সঠিক অনুসন্ধানৰ পাছতহে প্ৰকৃত দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিব পৰা যাব বুলি জানিবলৈ দিছে।

ইপিনে ৰাজহুৱা সম্পত্তি চিকিৎসালয়খন ধ্বংস কৰাৰ বাবে সচেতন ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজে  এই ক্ষেত্রত বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষৰ উপৰিও জিলা উপায়ুক্তৰ হস্তক্ষেপৰ দাবী জনাইছে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd