NORTHEAST NOW (Assamese)

যোৰহাটত উদ্ধাৰ ২০ কিলোগ্ৰাম ওজনৰ বৃহৎ অজগৰ

December 29, 2021 12:28 pm · নিৰ্মলেন্দু পাঠক, টীয়ক
Updated: December 29, 2021 12:29 pm

যোৰহাট জিলা মেলেং বালিচাপৰিৰ এখন বিদ্যালয়ৰ কাষৰ পৰা মঙ্গলবাৰে এক প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয়।

স্থানীয় ৰাইজে মাজে-সময়ে এই প্ৰকাণ্ড অজগৰটো দেখি আহিছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।

আজি যোৰহাট আঞ্চলিক বন বিষয়াৰ নেতৃত্বত এই প্ৰকাণ্ড অজগৰ সাপটো উদ্ধাৰ কৰা হয়।

প্ৰায় ২০ কিলোগ্ৰাম ওজনৰ অজগৰটো গিবন অভয়াৰণ্যত মুকলি কৰিব বুলি জানিবলৈ দিয়ে বন বিষয়াই।

Related News