জৰিমনা শুনি চকু কপালত উঠিব আপোনাৰ; এয়া হৈছে এতিয়ালৈকে সংগ্ৰহ কৰা জৰিমনাৰ ভিতৰত সৰ্বোচ্চ- চাওক কিমান টকাৰ জৰিমনা

car2_113019094740

নতুন যান বাহন আইন বলবৎ হোৱাৰ পাছত যান-বাহনৰ যিদৰে চালান কাটিবলৈ আৰম্ভ কৰিছে সেইটোৱে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বহু কেইবাৰ চালানৰ জৰিমনাৰ ধন ইমান বৃহৎ অংকৰ হৈ পৰিছে যে বাহনৰ মালিকৰ মূৰৰ ওপৰত সৰগ ভাগি পৰাৰ দৰে হৈছে।

হয়, গুজৰাট পুলিচে এখন বিলাসবহুল গাড়ীৰ মালিকক নম্বৰ প্লেট নথকাৰ বাবে এক বা দুই হাজাৰ নহয়, নগদ ৯ লাখ ৮০ হাজাৰ টকাৰ জৰিমনা বিহিছে।

দৰাচলতে গুজৰাটৰ আহমেদাবাদত সিন্ধুভবন ৰোডত বাহন খনৰ নম্বৰ প্লেট, ড্রাইভিং লাইসেন্স আৰু নথিপত্র নাথকাত পুলিচে এখন পোৰশ্ গাড়ীৰ মালিকক ৯ লাখ ৮০ হাজাৰ টকাৰ জৰিমানা বিহে।

নতুন যানবাহন আইন কার্যকৰী হোৱাৰ পাছত এইটো এতিয়া পর্যন্ত সকলোতকৈ ডাঙৰ চালান হিছাপে বিবেচিত হৈছে।

ইয়াৰ পূৰ্বে উৰিষ্যাৰ চম্বলপুৰত এখন ট্ৰাকৰ ৬লাখ ৫০ হাজাৰ ১০০ টকাৰ বৃহৎ পৰিমানৰ চালান কটা হৈছিল।

ট্ৰাকখন নাগালেণ্ডৰ আছিল আৰু ট্ৰাকখনৰ মালিকে ২০১৪ চনৰ জুলাইৰ পৰা ২০১৯ চনৰ ছেপ্টেম্বৰলৈকে টেক্স জমা দিয়া নাছিল।

তদুপৰি, ট্ৰাকখনৰ পাৰ্মিট, প্ৰদূষণ প্ৰমান পত্ৰ আৰু ইঞ্চুৰেন্সো  নাছিল। ট্ৰাকখনৰ মালিক শৈলেশ শংকৰ লাল গুপ্তা নাগালেণ্ডত থাকে।

তদুপৰি, পূৰ্বে দিল্লীত এখন ট্ৰাকৰ ২লাখ ৫০০ টকাৰ চালান কটা হৈছিল। ৰাম কিষন নামৰ ট্ৰাক চালকজনে ২ লাখ ৫০০ টকাৰ জৰিমনা হিচাপে চালান ভৰিবলগীয়া হৈছিল।

উল্লেখযোগ্য যে নতুন আইন অনুসৰি ট্ৰেফিক নিয়ম উলংঘাৰ বাবে জৰিমনাৰ ধন প্ৰায় দহ গুণ বৃদ্ধি কৰা হৈছে।

যোৱা ১ ছেপ্টেম্বৰৰ পৰা নতুন আইন প্ৰযোজ্য হৈছে। এই আইন বলবৎ হোৱাৰ পাছত বাহনৰ দামতকৈয়ো অধিক বাহনৰ চালান কটা দেখা গৈছে।