NORTHEAST NOW (Assamese)

তিতাবৰত মহকুমা প্ৰশাসনে ধ্বংস কৰিলে কেইবাটাও অবৈধ চুলাই মদৰ ঘাটি

November 10, 2020 12:30 pm · নিৰ্মলেন্দু পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

যোৰহাট জিলাৰ তিতাবৰৰ বিভিন্ন অঞ্চলত গঢ়ি উঠা অবৈধ মদৰ ঘাটি সমূহে বহু লোকৰ জীৱন ধ্বংস কৰিছে।

এই ঘাটি সমূহ উচ্ছেদ কৰাৰ লক্ষ্যৰে তিতাবৰ মহকুমা প্ৰশাসনে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ।

দণ্ডাধীশ পল্লৱ জ্যোতি নাথৰ উদ্যোগত আৰু তিতাবৰ আবকাৰী বিভাগৰ নেতৃত্বত ব্যাপক হাৰত অবৈধ চুলাই মদ ধ্বংস অভিযান আৰম্ভ কৰা কাৰ্যই সচেতন মহলক উৎসাহিত কৰি তুলিছে।

আজি পুৱাৰ পৰা এই পৰ্যন্ত ধ্বংস কৰা হ’ল হাজাৰ হাজাৰ লিটাৰ অবৈধ চুলাই মদ।

তিতাবৰ মহকুমাৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙাজান জকাইচুক অঞ্চলতেই ধ্বংস কৰা হল ৬০  হাজাৰ লিটাৰ অবৈধ চুলাই মদ।

অসাধু ব্যৱসায়ীয়ে ঘৰৰ পিছফালে থকা বাহনীত প্লাষ্টিকৰ ড্ৰামত গাত খান্দি পুতি থৈছিল হাজাৰ হাজাৰ লিটাৰ চুলাই মদ।

গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত তিতাবৰ মহকুমা প্ৰশাসনৰ সহযোগত আৱকাৰী বিভাগে অভিযান চলাই ধ্বংস কৰে হাজাৰ হাজাৰ লিটাৰ অবৈধ চুলাই মদ।

অৱশ্যে এই সন্দৰ্ভত কোনো লোককে আটক কৰা নাই।

Related News