NORTHEAST NOW (Assamese)

ভাৰতৰ ন্যায়িক ইতিহাসতে বিৰল! এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা মহিলাৰ সংগ্ৰামে প্ৰশস্ত কৰিলে উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

April 30, 2025 4:06 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 30, 2025 4:07 pm

২০২৩ চনৰ জুলাই মাহত এচিড আক্ৰমণৰ বলি হোৱা প্ৰজ্ঞা প্ৰসুনে আইচিআইচিআই বেংকৰ এটা শাখাত বেংক একাউণ্ট খুলিব বিচাৰিছিল। কিন্তু বেংকৰ কৰ্মচাৰীয়ে ডিজিটেল কেৱাইচি (KYC) প্ৰক্ৰিয়াৰ বাবে “লাইভ ফটোগ্ৰাফ”ৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চকু টিপিয়াবলৈ জোৰ দিয়াত তেওঁ এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব নোৱাৰিলে। কাৰণ এচিড আক্ৰমণৰ ফলত হোৱা মুখৰ আঘাতৰ বাবে প্ৰজ্ঞাৰ চকু টিপিয়াব পৰাৰ ক্ষমতা নষ্ট হৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিয়ন্ত্ৰিত কেৱাইচি নীতিৰ অধীনত গ্ৰাহকৰ ‘জীৱন্ত’ প্ৰমাণৰ বাধ্যতামূলক প্ৰয়োজনীয়তা পূৰণৰ বাবে কেমেৰাৰ সন্মুখত চকু টিপিয়াই ফটোৰ সৈতে মিলোৱাৰ নিয়মৰ কথা তেওঁক জনোৱা হয়।

প্ৰজ্ঞাৰ এই আইনী যুদ্ধত দৃষ্টিশক্তিৰ সমস্যাৰ বাবে কেৱাইচি ভেৰিফিকেচনত বাধাৰ সন্মুখীন হোৱা আন ব্যক্তিসকলেও যোগদান কৰে। প্ৰায় দুবছৰৰ সংগ্ৰামৰ পিছত, উচ্চতম ন্যায়ালয়ে ২০২৫ চনত ডিজিটেল অভিজ্ঞতাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দি এক ঐতিহাসিক ৰায়দান কৰে। আদালতে কেন্দ্ৰীয় চৰকাৰক দৃষ্টিশক্তি বা মুখৰ অক্ষমতা থকা ব্যক্তিসকলৰ বাবে কেৱাইচি প্ৰক্ৰিয়া সহজ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ বিচাৰপীঠে উল্লেখ কৰে যে ডিজিটেল প্ৰৱেশৰ অধিকাৰ ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত জীৱনৰ অধিকাৰৰ এক অবিচ্ছেদ্য অংশ। আদালতে ২০টাকৈ নিৰ্দেশনা জাৰি কৰি কয় যে এচিড আক্ৰমণ বা অন্ধতাৰ ফলত মুখাবয়বৰ বিকৃতিৰ সন্মুখীন হোৱা ব্যক্তিসকলৰ বাবে কেৱাইচি প্ৰক্ৰিয়া সংশোধনৰ প্ৰয়োজন। ডিজিটেল বিভাজনৰ ফলত কেৱল বিশেষভাৱে সক্ষম ব্যক্তিসকলেই নহয়, গ্ৰাম্য জনসংখ্যা, জ্যেষ্ঠ নাগৰিক, অৰ্থনৈতিকভাৱে দুৰ্বল সম্প্ৰদায় আৰু ভাষিক সংখ্যালঘুসকলো বঞ্চিত হৈছে। আদালতে জোৰ দি কয় যে প্ৰান্তীয় আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে সুলভ ডিজিটেল পৰিৱেশ গঢ়ি তোলা ৰাষ্ট্ৰৰ দায়িত্ব।

এই অভিজ্ঞতাৰ পিছত প্ৰজ্ঞাই ছ’চিয়েল মিডিয়াত এই বিষয়ে ক্ষোভ প্ৰকাশ কৰি সজাগতা সৃষ্টি কৰে। বেংকে পিছত তেওঁৰ বাবে বিকল্প প্ৰস্তাৱ দিলেও, তেওঁ এই সমস্যাৰ ব্যাপকতা উপলব্ধি কৰি আইনী পথৰ সিদ্ধান্ত লয়। তেওঁ একে সমস্যাৰ সন্মুখীন হৈ চিম কাৰ্ড ক্ৰয় কৰিবলৈও ব্যৰ্থ হৈছিল আৰু শেষত স্বামীৰ নামত চিম কাৰ্ড ক্ৰয় কৰিবলগীয়া হৈছিল। তেওঁৰ অধিবক্তা নীতিন সালুজাৰ জৰিয়তে দাখিল কৰা আবেদনত প্ৰজ্ঞাই “#IWontBlink” নামৰ এক অনলাইন অভিযানৰ জৰিয়তে ডিজিটেল কেৱাইচি প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত নীতিৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰে, যিয়ে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ প্ৰয়োজনীয়তা পূৰণত ব্যৰ্থ হৈছে।

এই ৰায়ত আদালতে উল্লেখ কৰৰিছে যে স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনি এতিয়া ডিজিটেল আন্তঃগাঁথনিৰ ওপৰত নিৰ্ভৰশীল। ফলত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰাৰ বাবে ডিজিটেল বিভাজন দূৰ কৰাটো অতি জৰুৰী। সকলো চৰকাৰী পৰ্টেল, শিক্ষণ প্লেটফৰ্ম আৰু বিত্তীয় প্ৰযুক্তি সেৱা সকলোৰে বাবে সুলভ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আদালতে গুৰুত্ব আৰোপ কৰে। প্ৰজ্ঞা প্ৰসুনৰ এই আইনী যুদ্ধই কেৱল তেওঁৰ নিজৰ অধিকাৰৰ বাবেই নহয়, বহুতৰ বাবে এক অন্তৰ্ভুক্ত আৰু অক্ষম-বন্ধুত্বপূৰ্ণ ডিজিটেল পৰিৱেশৰ পথ প্ৰশস্ত কৰিছে। এই ঐতিহাসিক ৰায়ে ভাৰতৰ ডিজিটেল নীতিৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে, যিয়ে সকলোৰে বাবে সমতা আৰু ন্যায়ৰ নিশ্চয়তা প্ৰদান কৰিব।

Related News