• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীৰ বায়ু প্ৰদূষণক লৈ ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসমৰ উদ্যোগত বক্তৃতানুষ্ঠান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 4:42 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কেইটামান সপ্তাহ ধৰি গুৱাহাটী মহানগৰীৰ বায়ু প্ৰদূষণে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আনকি মহানগৰখনৰ বায়ুৰ গুণাগুণ সূচাংকই দেশৰ ৰাজধানী দিল্লীকো অতিক্ৰম কৰা পৰিলক্ষিত হৈছে। ইমান এটা গুৰুতৰ সমস্যাই জনসাধাৰণৰ মাজত যিমান চৰ্চা লাভ কৰিব লাগিছিল, সেই অনুপাতে সচেতনতা গঢ়ি উঠা দেখা যোৱা নাই। চৰকাৰী পক্ষৰ পৰাও এই ক্ষেত্ৰত এক প্ৰকাৰৰ উদাসীনতাহে প্ৰকাশ পাইছে। এনে এক জটিল সময়ত গুৱাহাটীৰ সচেতন নাগৰিকসকলৰ তৎপৰতাত নতুনকৈ গঠন হোৱা ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম নামৰ অনুষ্ঠানটোৱে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

পৰিবেশৰ সুৰক্ষা আৰু জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ধৰিত্ৰী সুৰক্ষা মঞ্চৰ উদ্যোগত অহা কাইলৈ অৰ্থাৎ ৮ মাৰ্চ, দেওবাৰে গুৱাহাটীৰ প্ৰদূষণক লৈ এখন বিশেষ আলোচনা তথা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানটো কটন বিশ্ববিদ্যালয়ৰ এলামনাই হলত বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব। মহানগৰীৰ প্ৰদূষণ আৰু ইয়াৰ ভয়াবহতাৰ বিষয়ে ৰাইজক অৱগত কৰাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য।

Apply Now

এই বক্তৃতানুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ ৰাহুল মহন্তই উত্তৰ-পূৰ্বাঞ্চলত জলবায়ু পৰিবৰ্তন আৰু প্ৰদূষণৰ মাজত থকা সম্পৰ্ক তথা ইয়াৰ মোকাবিলা কৰাৰ উপায় সন্দৰ্ভত বক্তব্য আগবঢ়াব। একেদৰে বি বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ বিজয় শংকৰ গোস্বামীয়ে গুৱাহাটীৰ বায়ু প্ৰদূষণৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ নিয়ন্ত্ৰণৰ উপায়সমূহ আলোচনা কৰিব। ইয়াৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডাঃ নিৰ্বাণ বৈশ্যই বায়ু প্ৰদূষণে মানৱ স্বাস্থ্যৰ ওপৰত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পেলাব পাৰে, সেই বিষয়ে সবিস্তাৰে বৰ্ণনা কৰিব।

ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসমৰ মুখ্য আহ্বায়ক মহেশ ডেকাৰ লগতে আহ্বায়ক উৎপলা দাস আৰু আকাশ দাসে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত মহানগৰীৰ প্ৰতিগৰাকী সচেতন নাগৰিকক উপস্থিত থাকিবলৈ তথা সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে। গুৱাহাটীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এনে বৌদ্ধিক আলোচনাৰ প্ৰয়োজনীয়তা অতিকে বেছি বুলি উদ্যোক্তাসকলে মত পোষণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd