নুমলীগড় চাহ বাগিচাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ কৰুণ মৃত্যু

Kaziranga

ৰাজ্যৰ ভিতৰত গোলাঘাট জিলাতেই হাতী মানুহৰ সংঘাত সৰ্বাধিক৷ কাৰ্বি আংলং জিলাৰ সীমান্তত থকা জিলাখনৰ বিভিন্ন অঞ্চলত হাতী মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে৷

জিলাখনৰ নুমলীগড় চাহ বাগিচাতো বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। ৰবিবাৰৰ দিনা জিলাখনৰ নুমলীগড় চাহ বাগিচাৰ ২১ নম্বৰ লাইনত হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়৷

বাগিচাখনৰ বিভিষণ তেলেঙা নামৰ এজন লোকে চাহ বাগিচাৰ মাজতে থকা এটা পুখুৰীত অকলে মাছ ধৰি আছিল৷ সেই সময়তে সমীপৰ কাৰ্বি পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাক এটাই লোক জনক আক্ৰমণ কৰে৷

হাতীৰ আক্ৰমণত ঘটনাস্থলীতেই বিভিষণ তেলেঙাৰ মৃত্যু হয়।

পুৱাতেই সংঘটিত হোৱা এই ঘটনাটো বহু পলমকৈহে স্থানীয় ৰাইজে জানিব পাৰে৷

পিচত বনবিভাগে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।