চীনৰ জৰুৰীকালীন সেৱা বিভাগৰ উদ্ধৃতিৰে সংবাদ মাধ্যমৰ বাতৰিয়ে অৰুণাচল আৰু অসমলৈ অশনি সংকেত কঢ়িয়াই আনিছে। ব্ৰহ্মপুত্ৰৰ মূল সোঁত— য়াংৰ্লু চাংপোত বাধা পৰাৰ ফলত অসমৰ আয়ুসৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰ শুকাই যোৱাৰ প্ৰৱল আশংকাই দেখা দিছে।
চীনৰ পৰা প্ৰকাশিত শেহতীয়া প্ৰতিৱেদনটোত প্ৰকাশ পাইছে যে তিব্বতত এটা ভূমি স্খলনৰ ঘটনাৰ পাছত এলেকাটোৰ এটা গুৰুত্বপূৰ্ণ নদীৰ সোঁত বন্ধ হৈ যোৱাৰ ফলত উক্ত স্থানৰ পৰা ৬০০ লোকক স্থানান্তৰিত কৰা হৈছে।
প্ৰতিৱেদনত প্ৰকাশিত হোৱা অনুসৰি, বুধবাৰে পুৱা ব্ৰহ্মপুত্ৰৰ মূল সোঁত য়াংৰ্লু চাংপো নৈখন বৈ অহা গভীৰ উপত্যকাটোত পাহাৰৰ শিখৰ এটা খহি পৰাৰ ফলত উক্ত বান্ধ হ্ৰদটো গঠন হৈছে।
ইতিমধ্যে চীনে ভাৰতক এই অৱৰুদ্ধ হৈ থকা জলভাগ সন্দৰ্ভত শেহতীয়া খবৰ অৱগত কৰি আছে।
শেহতীয়াভাৱে বৃহস্পতিবাৰৰ প্ৰতিৱেদনত আৰু কোৱা হৈছে যে মেনলিং কাউণ্টিৰ অন্তৰ্গত এখন গাঁৱৰ সমীপত এই ভূমিস্খলন সংঘটিত হৈছে আৰু বন্ধ হৈ পৰা পানীখিনিয়ে ৪০ মিটাৰলৈকে জলস্তৰৰ উচ্চতা বৃদ্ধি কৰিছে।
ইতিমধ্যে এই বিষয়ত শংকিত হৈ অৰুণাচলৰ সাংসদ নিনং ইৰিঙে বহিঃ পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজ আৰু জল সম্পদ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য ন্ত্ৰী অৰুণ ৰাম মেঘৱাললৈ কৰিছে অৰুণাচলত ইয়াৰ পৰা পৰিব পৰা বিৰূপ প্ৰতিক্ৰিয়াৰ সন্দৰ্ভত পত্ৰযোগে এই কথা অৱগত অৱগত কৰিছে।
ইৰিঙে তেওঁৰ পত্ৰখনত কৈছে যে চীনৰ জল সম্পদ মন্ত্ৰ্যালয়ৰ শেহতীয়া তথ্য অনুসৰি, ব্ৰহ্মপুত্ৰৰ মূল জলভাগ মিলিন অংশটো বাধাগ্ৰস্ত হৈ পৰিছে যিটোৱে অৰুণাচলত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা আছে। ইয়াৰ ফলত নদীখন ভাটি এলেকাত শুকাই যোৱাৰ আশংকাই দেখা দিয়াৰফলত পৰিৱেশতন্ত্ৰ আৰু বাসিন্দাসকলৰ জীৱনলৈ অশনি সংকেত নামি অহাৰ আশংকা ব্যক্ত কৰিছে সাংসদ গৰাকীয়ে।
সাংসদগৰাকীয়ে অৰুণাচলৰ মাটি, পানী, অৰণ্য আৰু অমূল্য জীৱনক সুৰক্ষিত কৰাৰ বাবে যিমান পাৰি আগতীয়াকৈ বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক অনুৰোধ জনাইছে। ইৰিঙে অৰুণাচলৰ শুকাই যোৱা নদীখনৰ ফটোও পত্ৰখনত সংলগ্ন কৰিছে।