পুনৰ পৃথক বড়োলেণ্ডৰ দাবী; এই দাবীলৈ ওলাই আহিছে বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন

IMG-20220407-WA0065

ফটো: নৰ্থইষ্ট নাও।

বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়নে (বিঅ’এনএছইউ) পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত এক আন্দোলন আৰম্ভ কৰিছে। বৃহস্পতিবাৰে সংগঠনটোৱে কোকৰাঝাৰত এই আন্দোলন আৰম্ভ কৰিছে।

সংগঠনটোৱে উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও দাখিল কৰে।

বিঅ’এনএছইউৰ সভাপতি বনজিৎ মঞ্জিল বসুমতাৰীয়ে কয় যে তেওঁলোক বিটিআৰ চুক্তিত সন্তুষ্ট নহয় কিয়নো ই বড়ো জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ নকৰে।

লগতে পঢ়ক: বিহুৰ সময়তে শিৱসাগৰত ১৪৪ ধাৰা জাৰি; ৰাজহুৱা স্থানত সমবেত হব নোৱাৰিব পাঁচ জনতকৈ অধিক লোক

তেওঁ লগতে কয়, “কেৱল এখন পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰিলেহে ব’ডোফা আৰু বড়ো লোকসকলৰ সপোন পূৰণ হ’ব। বড়ো আৰু অন্যান্য জনজাতীয় লোকসকলৰ ভূমি সুৰক্ষিত কৰা হোৱা নাই আৰু খিলঞ্জীয়া লোকসকলৰ ভূমি সুৰক্ষিত কৰাত চৰকাৰৰ ব্যৰ্থতাৰ বাবে খিলঞ্জীয়া লোকসকল তেওঁলোকৰ নিজৰ ঘৰতে অতিথিৰ দৰে হৈ পৰিছে।”

তেওঁ লগতে কয় যে এখন পৃথক ৰাজ্য গঠন নকৰালৈকে ভূমি, পৰিচয়, অৰ্থনীতি, সংস্কৃতি আৰু ভাষাৰ বিকাশৰ সুৰক্ষা সম্ভৱ নহ’ব।

বসুমতাৰীয়ে কয় যে বিঅ’এনএছইউয়ে কোকৰাঝাৰৰ কেডিএছএ-ৰ পৰা বড়োলেণ্ড ৰাজ্য গঠনৰ বাবে গণতান্ত্ৰিক আন্দোলনৰ চতুৰ্থ পৰ্যায় আৰম্ভ কৰিছিল আৰু ইয়াৰ লক্ষ্য প্ৰাপ্ত নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব।

লগতে পঢ়ক: একেলগে প্ৰায় ২০টা কুকুৰৰ আক্রমণ; ভনীয়েকক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে ৮ বছৰীয়া শিশুৱে!

তেওঁ দোহাৰে যে ভাৰত চৰকাৰে যিমান সম্ভৱ সোনকালে বড়ো ৰেজিমেণ্ট গঠন কৰা, খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ ৰাষ্ট্ৰসংঘৰ ঘোষণা কাৰ্যকৰী কৰা আৰু কাৰ্বি আংলঙত আৰু ডিমা হাচাওত বাস কৰা বড়োসকলক অনুসূচীত জনজাতি (এছ টি হিলছ )ৰ তালিকাত অন্তৰ্ভুক্ত কৰি এক পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰিব লাগে।