DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিহুৰ সময়তে শিৱসাগৰত ১৪৪ ধাৰা জাৰি; ৰাজহুৱা স্থানত সমবেত হব নোৱাৰিব পাঁচ জনতকৈ অধিক লোক

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
April 8, 2022 6:47 am
বিহুৰ সময়তে শিৱসাগৰত ১৪৪ ধাৰা জাৰি; ৰাজহুৱা স্থানত সমবেত হব নোৱাৰিব পাঁচ জনতকৈ অধিক লোক
244
VIEWS
Share on FacebookShare on Twitter

অসমীয়াৰ বাপোতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন থকাৰ সময়তে শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ শিৱসাগৰ জিলাত ১৪৪ ধাৰা বলবৎ কৰাত জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিগত দুটা বছৰ ক’ভিডৰ বাবে অসমবাসীয়ে হেঁপাহৰ ৰঙালী বিহুটি ভালদৰে পালন কৰিব পৰা নাছিল যদিও এই বছৰত পৰিৱেশ সুস্থ হোৱাত বিহুটিক উলহ মালহেৰে পালন কৰিবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে শিৱসাগৰ জিলা প্ৰশাসনৰ হঠকৰী সিদ্ধান্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ অতিৰিক্ত দণ্ডাধীশ বিতুপন নেওগে তৎকালীনভাবে সমগ্ৰ জিলাখনত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে।

লগতে পঢ়ক: একেলগে প্ৰায় ২০টা কুকুৰৰ আক্রমণ; ভনীয়েকক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে ৮ বছৰীয়া শিশুৱে!

এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচজন বা তাতোধিক লোকৰ সমাবেশ, সভা সমিতি পতা, শোভাযাত্ৰা উলিওৱা, শ্বহীদ বেদী নিৰ্মাণ, দেৱাল লিখন, শ্ল’গান ছপা কৰা, কোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠান কাৰ্যালয় আদিত যি কোনো ধৰণৰ বৰঙণি সংগ্ৰহ বা প্ৰদান কৰা নিষিদ্ধ কৰিছে।

জিলাখনত দুচকীয়া যানত দুজন বা তাতোধিক লোকৰ বিচৰণো নিষিদ্ধ কৰা হৈছে।

জিলাখনৰ সীমামূৰীয়া অঞ্চলেদি উগ্ৰপন্থীৰ আহ-যাহ আৰু অসামাজিক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি অসম-নগালেণ্ড সীমান্তত সীমান্তৰ ৫ কিলোমিটাৰ পৰিধিৰ ভিতৰত সন্ধিয়া ৬-০০ বজাৰ পৰা পুৱা ৬-০০ বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰিছে।

এই নিষেধাজ্ঞা সমূহ তৎকালীনভাবে বলৱৎ হৈছে আৰু পৰৱৰ্ত্তী ৬০ দিনলৈ বা পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। এই আদেশসমূহ অমান্য কৰা সকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডণীয় হ’ব বুলিও এই নিৰ্দেশনাত  উল্লেখ কৰিছে।

লগতে পঢ়ক: কি কাৰণে একেলগে গোটেই মন্ত্ৰীসভাই পদত্যাগ কৰিলে অন্ধ্ৰ প্ৰদেশত?

প্ৰশ্ন হয় যি সময়ত অসম চৰকাৰে বিহু পাতিবলৈ বিহু সমিতি সমুহত আৰ্থিক অনুদান প্ৰদান কৰিছে তেনে সময়ত শিৱসাগৰ জিলা প্ৰশাসনে কিয় জিলাখনত ১৪৪ ধাৰা বলবৎ কৰিছে?

পাঁচজন ব্যক্তিৰ উপস্থিতিত কেনেদৰে বিহু পাতিব বুলিও শিৱসাগৰ জিলা প্ৰশাসনক প্ৰশ্ন কৰিছে একাংশ সচেতন মহলে। 

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd