বিজেপিৰ আগ্ৰাসন ৰোধৰ তৎপৰতা! : নতুন আঞ্চলিক দল গঠনৰ প্ৰস্তুতি

19-05-19 Guwahati- Anchalikatabad Surakha Mancha convention (4)

দেওবাৰে গুৱাহাটীত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ সভা। ফটো : য়ু বি

অসমত এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা অনুভৱ কৰি অসমৰ সমাজ জীৱনৰ কিছু সক্ৰিয় কৰ্মীয়ে দেওবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে এক তৎপৰতা।

ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এটা নতুন আঞ্চলিক দল গঠনৰ চিন্তা চৰ্চাৰে দেওবাৰে মহানগৰীৰ বিবেকানন্দ কেন্দ্ৰত আঞ্চলিকতাবাদী সুৰক্ষা মঞ্চই এখন প্ৰস্তুতি সভাৰ আয়োজন কৰে।

এই সভাৰ মূল উদ্যোক্তা হিচাপে আছে অৰূপ বৰবৰা, লাচিত বৰদলৈ, অনুপ চেতিয়া, কমল নাৰায়ন চৌধুৰীকে ধৰি কেইবাজনো ব্যক্তি। ইয়াৰ মাজত অৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা অহা বহু ব্যক্তি আছেষ তেওঁলোকে সময়ৰ তাগিদাত এইদৰে ওলাই অহাৰ কথা ব্যক্ত কৰিছে।

ৰাজ্যখনৰ জনজাতি, মুছলমান আদি সকলোকে ধৰি সকলো জাতীয় ভাৱাপন্ন লোকক লৈ এটা আঞ্চলিক দল গঠনৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

বিগত দিনত অসম গণ পৰিষদৰ ব্যৰ্থতা আৰু অসমৰ ৰাইজৰ আশা-আকংক্ষা পূৰণত অনীহাৰ বাবে এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব বৃদ্ধি পোৱা বুলি এই বিশিষ্ট ব্যক্তিসকলে অনুভৱ কৰে।

সভাত লগতে আশা ব্যক্ত কৰা হয় যে নতুন ৰাজনৈতিক দলটোত অগপৰ  লগতে আন ক্ষেত্ৰসমূহৰ পৰাও কিছু ভাল মানুহৰ সমাৱেশ ঘটিব। মঞ্চই কেইমাহমানৰ পাছতে এখন পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত কৰি দলটো ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।

নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ এই প্ৰস্তুতি পৰ্বৰ সভাখনত উপস্থিত থকা ব্যক্তি সকলৰ মাজত আছিল জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, হাইদৰ হুছেইন, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, অধিবক্তা নেকিবুৰ জামানৰ লগতে ব্ৰজেন ডেকা, অঞ্জন শৰ্মা আদি।