অৰুণাচলৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ কেঁকোৰা আৱিষ্কাৰ

imagead2906c4-410d-41c7-9579-6636490a9c0c

অৰুণাচলৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত এটা নতুন প্ৰজাতিৰ কেঁকোৰা পোৱা গৈছে। জুটেক্সা(Zootaxa)নামৰ জীৱবিজ্ঞান বিষয়ক আলোচনীখনত এই তথ্য প্ৰকাশিত হৈছে।

ভাৰতীয় প্ৰাণীবিজ্ঞান জৰীপ (ZSI)   বিভাগৰ তিনিজনীয়া জীৱবিজ্ঞানীৰ এটা দলে এই নতুন প্ৰজাতিৰ কেঁকোৰাবিধ আৱিষ্কাৰ কৰে। ৰাজ্যখনৰ চাংলাং জিলাত থকা ৰাষ্ট্ৰীয় উদ্যানখনত ‘টেৰেটামন কেম-পাই’ (Teretamon kem-pi) নামৰ সদ্য-আৱিষ্কৃত  অলৱণাক্ত পানীত বাস কৰা কেঁকোৰাবিধ পোৱা যায় বুলি আলোচনীখনত প্ৰকাশিত গৱেষণামূলক প্ৰৱন্ধটোত কোৱা হৈছে।

এই কেঁকোৰাবিধ সাধাৰণতে বোৱতী পানী, নিজৰাত থকা শিলৰ মাজৰ গহ্বৰত থাকে। ইয়াৰ খোলাটো ঘূৰণীয়া আকৃতিৰ আৰু প্ৰায় ১.৫ ইঞ্চিমান আকাৰৰ হ’ব।  বিজ্ঞানীৰ দলটোৱে সাগৰপৃষ্ঠৰ পৰা ৩৭৫-৬৫৭ মিটাৰ উচ্চতাত থকা প্ৰাথমিক অৰণ্যত  এই মটীয়া ৰঙৰ কেঁকোৰাবিধৰ নমুনা সংগ্ৰহ কৰিছে।

এই কেঁকোৰাবিধক ভাৰতীয় জীৱবিজ্ঞান জৰীপ বিভাগৰ প্ৰাক্তন তত্বাৱধায়ক, তথা খোলাধাৰী প্ৰাণীৰ অধ্যয়ন ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা জীৱবিজ্ঞানী ষ্টেনলী  ৱেলছ কে’ম্পৰ নামেৰে নামকৰম কৰা হৈছে।

উল্লেখ্য যে ভাৰতত বৰ্তমান ১,০০০ টা প্ৰজাতিৰ সাগৰীয় কেঁকোৰা আৰু ১২০ বিধ অলৱণাক্ত পানীৰ কেঁকোৰা পোৱা যায়। গৱেষণাপত্ৰখনত উল্লেখ কৰা অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলত ৪৫ বিধ কেঁকোৰা পোৱা যায় আৰু ইয়াৰে ১০ বিধ অকল অৰুণাচলত পোৱা যায়।