মধ্যপ্ৰাচ্যৰ খাদ্য চিকেন শ্বাৱাৰমা আজিকালি ভাৰতত অত্যন্ত জনপ্ৰিয় হৈ পৰিছে। আৰু এই শ্বাৱাৰমাৰ বাবেই সোমবাৰে তামিলনাডুৰ নামককল জিলাত সংঘটিত হয় এক কৰুণ ঘটনা।
এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে এখন স্থানীয় হোটেলত চিকেন শ্বাৱাৰমা খোৱাৰ পিছতেই ছাত্ৰীগৰাকীৰ মৃত্যু হয়।
আৰক্ষীৰ তথ্য অনুসৰি মৃত ছাত্ৰীগৰাকীৰ নাম ডি কলাইয়াৰছি। তেওঁৰ ঘৰ নামকল চহৰৰ এ এছ পট্টাই অঞ্চলত।
বাতৰি কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি একেখন হোটেলৰ শ্বাৱাৰমা খাই আন কেইবাজনো লোক অসুস্থ হৈ পৰে। অসুস্থ আটাইকেইজন স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
খবৰ অনুসৰি ১৬ ছেপ্টেম্বৰৰ সন্ধিয়াৰ পৰাই এই ঘটনা আৰম্ভ হৈছিল। ডি কেলাইৰ্চিয়ে পৰিয়ালৰ পাঁচজন সদস্যৰ সৈতে ওলাই গৈছিল। ওচৰৰ হোটেল এখনৰ পৰা চিকেন শ্বাৱাৰমা আৰু অন্যান্য খাদ্য কিনিছিল। সেই খাদ্য খোৱাৰ পিছত সকলোৱে বমি কৰিছিল। সকলোৱে পেটৰ অস্বস্তি অনুভৱ কৰিছিল। স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ লগে লগে পৰিয়ালৰ সকলো সদস্যক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে সোমবাৰে চিকিৎসাৰ সময়তে ছাত্ৰীগৰাকীৰ মৃত্যু হয়।
নামককল চহৰ আৰক্ষীয়ে জনোৱা মতে, বৰ্তমান পৰিয়ালৰ আন সদস্যৰ অৱস্থা সুস্থিৰ। ডি কেলাইৰচিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
অৱশ্যে কেৱল ডি কেলাইৰচিৰ পৰিয়ালৰ লোকেই নহয়, দেওবাৰে নিশা তেৰজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰইও একেখন হোটেলৰ চিকেন শ্বাৱাৰমা খাইছিল। সেই আহাৰ খাই তেওঁলোকো অসুস্থ হৈ পৰিছিল। পিছত তেওঁলোকক নামককল চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সেই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ডায়েৰিয়া, বমি, জ্বৰ আদি লক্ষণ দেখা গৈছে।
ইয়াৰ পিছতেই জিলা দণ্ডাধীশ এছ উমাই চিকিৎসালয়লৈ আহি ছাত্ৰ-ছাত্ৰীক সাক্ষাৎ কৰে। তেওঁ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ বা এফ এছ এছ এ আইক হোটেলখন পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে।
এফ এছ এছ এ আইৰ দলটোৱে জনোৱা মতে, পৰিদৰ্শনৰ সময়ত হোটেলখনৰ পৰা কেঁচামালকে ধৰি সকলো খাদ্য সামগ্ৰী জব্দ কৰা হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ কৰি দিয়া হৈছে হোটেলখন।