NORTHEAST NOW (Assamese)

কৰ্মক্ষেত্ৰত মানসিক চাপ আছে বুলি কোৱাৰ বাবেই শ শ কৰ্মচাৰীক চাকৰিৰ পৰান খেদালে নয়দাৰ এটা  সংস্থাই

December 14, 2024 11:11 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

কৰ্মক্ষেত্ৰত মানসিক চাপ আছে নে নাই সেই বিষয়ে জানিবলৈ নয়ডাৰ এটা সংস্থাই কৰ্মচাৰীৰ মাজত এক সমীক্ষা চলাইছিল। উত্তৰত শ শ কৰ্মচাৰীয়ে মানসিক চাপ আছে বুলি প্ৰকাশ কৰিলে। তাৰপিছতেই চাকৰি গ’ল কৰ্মচাৰীসকলৰ।

এই খবৰ পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে হুলস্থুল আৰম্ভ হ’ল। ছচিয়েল মিডিয়াত বহু লোকে ক্ষোভ প্ৰকাশ কৰে। যদিও এই পৰিস্থিতিত কোম্পানীটোৰ বক্তব্য, “কোনো কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হোৱা নাই।”

বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নয়ডাৰ ‘য়েছ মেডাম’ নামৰ এটা ষ্টাৰ্টআপ কোম্পানীত। খবৰ অনুসৰি শেহতীয়াকৈ কোম্পানীটোৱে কাৰ্যালয়ত কামৰ বোজা সম্পৰ্কে এক সমীক্ষা চলাইছিল। সমীক্ষাৰ বাবে কৰ্মচাৰীলৈ এখন প্ৰ-পত্ৰ প্ৰেৰণ কৰা হয়। সেই ফৰ্মত ১০০ জনতকৈ অধিক কৰ্মচাৰীয়ে কয় যে তেওঁলোক কৰ্মক্ষেত্ৰত মানসিক চাপত আছে। অভিযোগ অনুসৰি, ইয়াৰ পিছত সংস্থাটোৱে সেই সকলো কৰ্মচাৰীকে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

Related News