• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৃতদেহৰ বুকুত নৃত্য কৰা ফটোগ্ৰাফাৰ

কৌশিক তালুকদাৰ by কৌশিক তালুকদাৰ
October 1, 2021 4:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিপাঝাৰৰ উচ্ছেদক কেন্দ্ৰ কৰি যোৱা ২৩ ছেপ্টেম্বৰৰ দিনা অসমত এটা অতি ঘৃণনীয়, নৃশংস আৰু পাশৱিক ঘটনা সংঘটিত হৈ গ’ল যি ঘটনাই দেশ-বিদেশৰ সভ্য সমাজৰ আগত অসমবাসীক লজ্জানত কৰিলে ।

অসমৰ সভ্য সমাজে বিশ্বৰ সন্মুখত মুখ উলিয়াব নোৱাৰা অৱস্থা হৈ গ’ল, ভৱিষ্যতে মানৱ অধিকাৰৰ সপক্ষে মূৰ তুলি কথা কোৱাৰ সাহস আৰু অধিকাৰ যেন অসমবাসীয়ে হেৰুৱাই পেলালে ।

Apply Now

হাতত লাঠী লৈ খেদি অহা এগৰাকী উত্তেজিত প্ৰতিবাদকাৰীক আধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত কুৰিজনৰো অধিক আৰক্ষী জোৱানৰ দল এটাই প্ৰতিৰোধ কৰিব নোৱাৰিলে, পুলিচে নিমিষতে নাগৰিকজনক গুলীয়াই হত্যা কৰিলে । লাঠীৰ প্ৰত্যুত্তৰ বন্দুকেৰে কিয় ? অসম পুলিচ ইমান অকৰ্মণ্য আৰু ভয়াতুৰ নেকি ?

নে ওপৰৱালাৰ গোপন নিৰ্দেশ আছে– সুবিধা পালেই এনকাউণ্টাৰ কৰি দিব ? যোৱা দুই মাহ মানত অসম পুলিচৰদ্বাৰা সংঘটিত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ এটাই যুক্তি– অভিযুক্তই পুলিচক আক্ৰমণ কৰিছিল নতুবা পলাবলৈ চেষ্টা কৰিছিল । বছ্, কাহিনী খতম ।

কিয়নো মুখ্যমন্ত্ৰীয়ে এনকাউণ্টাৰৰ বাবে মুকলিকৈ নিৰ্দেশ দি থৈছে পুলিচক । অসমত অপৰাধ হ্ৰাস কৰাৰ হেনো নতুন ফৰ্মূলা । এই ফৰ্মূলাই অসমক ‘উত্তৰ প্ৰদেশ’ নবনালেই ৰক্ষা । অলপতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এনকাউণ্টাৰ সম্পৰ্কে অসম পুলিচৰ পৰা প্ৰতিবেদন বিচাৰিছে ।

সি যি হওক, পুনৰ ছিপাঝাৰৰ ঘটনাটোলৈ ঘূৰি আহিছো । প্ৰতিবাদকাৰীজনক গুলীয়াই হত্যা কৰাৰ পিছত তেওঁৰ মৃত(!) শৰীৰটোৰ ওপৰত এজন ফটোগ্ৰাফাৰে পাশৱিক উল্লাস জাহিৰ কৰি জপিয়াইছে, নিঠৰ দেহটোক গুৰিয়াইছে । আনকি আৰক্ষী জোৱানেও মৃতদেহটোক লাঠীৰে কোবাইছে, হাতত ধৰি মৃতদেহটো চোঁচৰাই নিছে । এনে বৰ্বৰতা আৰু নৃশংসতা কি অসমীয়া সংস্কৃতিৰ অংশ ?

নে ভাৰতীয় সংস্কৃতিৰ ? এয়া কি কোনো সভ্য মানুহৰ সংস্কৃতি ? আৰক্ষীৰ সংস্কাৰৰ নামত গৃহমন্ত্ৰীয়ে পুলিচক দানৱত পৰিণত কৰাৰ প্ৰকল্প হাতত লৈছে নেকি ? আমাক প্ৰশ্নবোৰৰ উত্তৰ লাগে । কোৱা বাহুল্য যে গেৰুৱা বাহিনীৰ উদ্যোগত অসমত এটা ঘৃণাৰ পৰিস্থিতিতন্ত্ৰ নিৰ্মাণ কৰি থকা হৈছে । ছিপাঝাৰৰ পাশৱিক ঘটনাটো দেখাৰ পিছত অনুমান কৰিব পাৰি যে ইয়াৰ নির্মাণ-কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে ।

সামগ্ৰিকভাৱে অসমত এতিয়া সাম্প্ৰদায়িক সম্প্ৰীতি নাইকিয়া হৈছে, সাম্প্ৰদায়িক ঘৃণা বৃদ্ধি পাইছে । মানৱতাৰ শত্ৰু তালিবান, আইছিছ আদি সন্ত্ৰাসবাদীয়ে কৰাৰ দৰে পাশৱিক আৰু নৃশংস আচৰণ অসমীয়া ডেকাই কিদৰে কৰিব পাৰিলে বুলি ছিপাঝাৰৰ ঘটনাটোৰ পিছত একাংশ সচেতন ৰাইজে প্ৰশ্ন কৰিছে । আমাৰ বোধেৰে অসমৰ সমাজ জীৱনত শক্তিশালী হৈ উঠা ঘৃণাৰ ৰাজনীতিৰ বাবেই অসমীয়া ফটোগ্ৰাফাৰজনে তেনেকুৱা পাশৱিক উল্লাস চৰিতাৰ্থ কৰিছে ।

কিমান ঘৃণা আৰু বিদ্বেষ মনত পুঞ্জীভূত হৈ থাকিলে মানুহে মৃতদেহ এটাৰ প্ৰতি এইধৰণৰ বৰ্বৰতা প্ৰদৰ্শন কৰিব পাৰে চিন্তা কৰকচোন ৷ কিন্তু এই ঘৃণাৰ ৰাজনীতি আৰু সংস্কৃতি অসমত শক্তিশালী কৰিছে কোনে ? ২০১৬ চনৰ পিছৰ পৰাই বিজেপি দলৰ নেতা-কৰ্মী-সমৰ্থকে দিয়া বক্তব্য-ভাষণ ইত্যাদিৰ এটা ‘সংগ্ৰহ’ তৈয়াৰ কৰক আৰু মন-মগজু খুলি চকু ফুৰাওক, উত্তৰ পাই যাব ।

বেছি দূৰলৈ যাবই নালাগে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীসমূহত আজিৰ মুখ্যমন্ত্ৰীয়ে দিয়া সাম্প্ৰদায়িক ঘৃণাভৰা, প্ৰৰোচনামূলক আৰু বিভাজনকামী ভাষণবোৰ শুনক, উৰহী গছৰ ওৰ বিচাৰি পাব । শাসকীয় মহলৰ দ্বাৰা অসমৰ এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে কেৱল ঘৃণা আৰু বিদ্বেষ বিয়পোৱা হৈছে । নিজৰ ন্যস্ত ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজনৈতিক শক্তিৰ উদ্যোগত দিন-ৰাতি আকাশে-বতাহে, মানুহৰ মনে-মগজুৱে সাম্প্ৰদায়িক ঘৃণাৰ বিষবাষ্প আৰু উন্মাদনা বিয়পি পৰা সমাজত মৃতদেহৰ ওপৰত উঠি পাশৱিক নৃত্য কৰা দানৱৰ জন্ম নহৈ শংকৰ, আজান, গান্ধী, বুদ্ধৰ জন্ম হ’ব নেকি ?

ছিপাঝাৰত প্ৰস্তাৱিত কৃষিপ্ৰকল্পৰ বিৰোধিতা আমি নাই কৰা । চৰকাৰী ভূমি বেদখলমুক্ত কৰি ৰাজ্যৰ উন্নয়ন হ’ব পৰা কাম কৰিলে বিৰোধ কৰাৰ প্ৰশ্নই নুঠে ।

আনকি বেদখলকাৰীসকলেও চৰকাৰৰ প্ৰচেষ্টাত সহযোগ কৰিছে বা কৰাৰ প্ৰতিশ্ৰুতি দিছে । কিন্তু প্ৰশাসনে হঠাতে উচ্ছেদ কৰিলে তেওঁলোক যাব ক’লৈ, থাকিব ক’ত ? সভ্য, দায়িত্বশীল আৰু গণতান্ত্ৰিক চৰকাৰ-প্ৰশাসনে উচ্ছেদিত নিৰাশ্ৰয়ী লোকসকলৰ বাবে সাহায্য বা বিকল্প ভূমিৰ ব্যৱস্থা কৰিব লাগে, মানুহক মানুহৰ দৃষ্টিৰে চাব লাগে ।

অৱশ্যে উচ্ছেদৰ সপক্ষে যিমান যুক্তি থাকিলেও কোনো সভ্য আৰু গণতান্ত্ৰিক সমাজে অমানৱীয় উচ্ছেদক সমৰ্থন কৰিব নোৱাৰে । চৰকাৰ-প্ৰশাসনৰ সৈতে গৰুখুঁটিৰ স্থানীয় লোকসকলে এক শান্তিপূৰ্ণ মীমাংসালৈ অহাৰ পিছতো কিয় হঠাৎ দুয়োপক্ষৰ মাজত সংঘৰ্ষময় পৰিস্থিতি এটাৰ সৃষ্টি হ’ল ইয়াৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত হ’ব লাগে, মানৱ অধিকাৰ আয়োগেও নিজাববীয়াকৈ তদন্ত কৰিব লাগে ।

মুখ্যমন্ত্ৰীয়ে হেনো ইয়াৰ ন্যায়িক তদন্ত ঘোষণা কৰিছে । পিছে এই তদন্ত সঁচাকৈয়ে ৰাজনৈতিক প্ৰভাৱমুক্ত নিৰপেক্ষ তদন্ত হ’ব পাৰিব নে?

কিয়নো দৰঙৰ আৰক্ষী অধীক্ষকগৰাকী হেনো মুখ্যমন্ত্ৰীৰ ভাতৃ ! সি যি হওক, কোনো ধৰণৰ সাম্প্ৰদায়িক আৰু প্ৰৰোচিত ৰাজনীতিৰ প্ৰভাৱত পৰি স্থানীয় ৰাইজ বা আৰক্ষী জোৱান ক্ষতিগ্ৰস্ত বা হিংসাৰ বলি হোৱাটো আমি নিবিচাৰো, অহিংস আৰু শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে কাম-কাজবোৰ আগবঢ়াটো আমাৰ কাম্য । সেয়ে সাম্প্ৰদায়িক শক্তিবোৰে যাতে প্ৰৰোচনামূলক বক্তব্যৰে সমাজত সাম্প্ৰদায়িক উত্তেজনা বিয়পাব নোৱাৰে তাৰ বাবে সকলোপক্ষ সচেতন আৰু সাৱধান হৈ থাকিব লাগিব ৷

বিজেপি নেতৃত্বই ইতিমধ্যে বিভিন্ন প্ৰৰোচনামূলক আৰু বিতৰ্কিত মন্তব্য দি নিজৰ ৰাজনীতি আৰম্ভ কৰিছে, আন সাম্প্ৰদায়িক শক্তিয়েও নিশ্চয় একেখন খেল আৰম্ভ কৰিব বা কৰিছে ৷ এই খেলখনৰ পৰিণতি কিন্তু ভয়ানক ৷ পৰিশেষত, উচ্ছেদ কৰাৰ আগতে ভূমিহীন লোকসকলৰ বাবে বিকল্প বাসস্থানৰ দিহা কৰি দিবলৈ আমি চৰকাৰ-প্ৰশাসনক আহ্বান জনালোঁ ।

অসমখন সভ্য মানুহৰ বাসভূমি হৈ থাকিবলৈ হ’লে সাম্প্ৰদায়িক ঘৃণা-বিদ্বেষৰ বিৰুদ্ধে আৰু মানৱতাৰ সপক্ষে অসমবাসীয়ে থিয় দিব লাগিব । ঘৃণা, হিংসা, বিদ্বেষৰ সংস্কৃতিক আমাৰ সমাজ জীৱনৰ পৰা বিদায় দিব নোৱাৰিলে আমি বা আমাৰ আত্মীয়-স্বজনো এদিন নৃশংস হত্যাকাৰী নতুবা মানৱতাৰ অপৰাধীলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে ।

ছিপাঝাৰত মৃতদেহ গুৰিয়াই পাশৱিক উল্লাস প্ৰদৰ্শন কৰা ফটোগ্ৰাফাৰজন কেৱল এটা প্ৰাৰম্ভিক উদাহৰণহে । আৰক্ষীয়ে ফটোগ্ৰাফাৰজনক গ্ৰেপ্তাৰ কৰিছে, সংঘৰ্ষত উচটনি দিয়া লোককো আটক কৰা হৈছে বুলি খবৰ কাকতত পঢ়িছোঁ ৷ পিছে মানৱ অধিকাৰ ভূলুন্ঠিত কৰা আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰা হ’বনে ? সাম্প্ৰদায়িক ঘৃণাৰ খেতি কৰা নেতা-মন্ত্ৰীক কোনে গ্ৰেপ্তাৰ কৰিব ?

ইমেইল: [email protected]

কৌশিক তালুকদাৰ

কৌশিক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd