বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- ৩১ ডিচেম্বৰ

৩১ ডিচেম্বৰ

———————

কাইলৈ ফেহুজালি ফালি

উভতি আহিলে

বেলিটো বেলেগ হৈ আহিব নেকি ?

দোকমোকালি বেলিটো ওলালে কওঁ

এটা নতুন দিন ৷

কাইলৈ ক’ম নতুন বছৰ ৷

এটা পুৰণি বেলি

এটা পুৰণি জোন

এখন পুৰণি পৃথিৱী ৷

কিন্তু প্রতিটো দিনেই নতুন দিন ৷

প্রতিটো বছৰেই নতুন বছৰ ৷

যদিও কেৱল নির্ভৰ ভৰ,

নহলে সকলো শূন্য,

ক’ৰবাত এটা ঈশ্বৰ-কণাই

কিবা কৌতুক কৰি আছে ৷ আৰু সেয়েই

পৃথিৱী ঘূৰি আছে,

পুৰণি হৈও নতুন হৈ আছে ৷

—————————

টোকা: ভৰ-mass, ঈশ্বৰ-কণা-higgs particle, যি অন্য কণাক ভৰ দিয়ে।