বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকা

প্ৰতিনিধিত্বমূলক ফটো।

পতাকা

 

এখন পতাকা উৰুৱাই দিয়া হ’ল,

কোৱা হ’ল, এইখন মুক্তিৰ পতাকা

সকলোৰে বাবে।

পতাকাখন উৰি থাকিল উৱলি নোযোৱালৈ ৷

আন এখন পতাকা উৰুৱাই দিয়া হ’ল

কোৱা হ’ল,  এইখন মানৱতাৰ কাৰণে ৷

পতাকাখন ওলোটাকৈ উৰি থাকিল,

কোনেও মন নকৰিলে ৷

তৃতীয় পতাকাখন উৰিল আটাইতকৈ ওখকৈ

সকলোৰে সুখ-সমৃদ্ধিৰ কাৰণে ৷

পতাকাখন এতিয়া নল’ৰে,

বহুত ভাষণেৰে পতাকাখন গধুৰ ৷

তলৰ আন্ধাৰত ৰৈ থকা মানুহবোৰে

ৰ’ লাগি চাই আছে সুদর্শন পতাকা

তেওঁলোকৰ চিঙা চোলাবোৰ

আৰু বেছি উৱলাৰ পিছত

তেওঁলোকে সুখৰ দিনলৈ ৰৈ আছে ৷

পতাকা উৰুৱাই ভোজ-ভাত খাই থকাসকলৰ

খিকিন্দালি

তেওলোকে শুনা নাই ৷

—————-