চিনেমা কথা: ছ’ৰী

আজি এখন দ্বি-ভাষিক চুটি ছবিৰ বিষয়ে এই লিখা। ‘ছৰী’ মানে, আমি সকলোৱে জানো- ক্ষমা খুজা বা কোনো অপৰাধৰ বাবে কোৱা এটি সৰু শব্দ। ছ’ৰী ২০২১ বৰ্ষত অসমৰ পৰা সকলো অসমীয়া কলা-কুশলী লৈ নিৰ্মিত প্ৰথমখন চুটি ছবি যি ডিজনী হ’টষ্টাৰত এবছৰ পৰ্যন্ত দৰ্শকৰ বাবে উপলব্ধ আছিল। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য মিৰ্জা আৰিফ হাজৰিকাৰ। কাহিনী আৰু সংলাপ লিখিছে জ্যোৎস্না নেওগে। ছ’ৰীয়ে ২০২১ বৰ্ষত পাঁচোটিকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মূল প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাৰ লগতে আউটষ্টেণ্ডিঙ এচিভমেন্টৰ দুটি বঁ‌টা (TIFF আৰু Lecorn film festival) লাভ কৰিবলৈ সক্ষম হৈছিলে। ছবিখনে ২০২১ চনৰ ৩ ডিচেম্বৰত ডিজনী হ’টষ্টাৰত মুক্তি লাভ কৰিছিল।

ছবিখনৰ আৰম্ভণি ঘটে-গাড়ী এখনত পিতৃ-মাতৃ আৰু সন্তান তিনিও আৰম্ভ কৰা এক যাত্ৰাক লৈ। আৰম্ভণিতেই এখন কাজিয়া আৰু এটি দৃশ্যৰ হঠাতে সমাপ্তি ঘটে। এইখিনিৰ পৰা কাহিনী আগবাঢ়ে হাস্পতালৰ ভিতৰত, দুয়ো স্বামী-স্ত্ৰীৰ কথোপকথনৰ মাজৰে। নিজ ঘটনাবহুল জীৱনৰ ভিন্ন দুখৰীয়া ছবিক তুলি চাওঁতে চাওঁতেই পুনৰাই সেই শেষৰ ফালে আৰম্ভণিৰ সেই দৃশ্যৰ অৱতাৰণা ঘটে আৰু দৃশ্যটো সিমানতে শেষ হয়।

ঝুলন কৃষ্ণ মহন্তৰ সম্পাদনাৰ দিশটো ভাল। আৰু কাহিনীকাৰৰ লগতেই চিত্ৰনাট্যকাৰ পৰিচালকক প্ৰশংসা কৰিবই লাগিব। স্বামী-স্ত্ৰীৰ কথোপকথন কিছু সময়ত আচৰিত যেন লাগিব ,দীঘলীয়া যেন লাগিব যদিও অন্তত ই সম্পূৰ্ণৰূপে গ্ৰহণযোগ্যতা লাভ কৰিব। আমি দৈনন্দিন জীৱনত অসূয়া-আখেজ এইবোৰকেই অধিক গুৰুত্ব দি জীৱনক, জীৱনৰ ভাল লগাক, মধুৰতাক ধৰি ৰাখিবলৈ পাহৰি যাওঁ‌ প্ৰায়েই। ভাল লগা কথাবোৰতকৈ বেয়া লগাবোৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ লওঁ। যাৰফলত মতান্তৰ গৈ মনান্তৰ হৈ পৰেগৈ। আৰু মনান্তৰে কি দিশে গতি কৰিব পাৰে— তাকে লৈয়েই এই ছ’ৰী ছবিখন।

এবাৰ এপলক নিজৰ অহমিকা এৰি কাৰোবাক এই এটি শব্দ “ছ’ৰী” কোৱাতো কিমান জৰুৰী হৈ উঠিব পাৰে, তাকেই দৰ্শোৱা হৈছে ছবিখনত। ছবিখন চলি থাকোতে মাজে মাজে বলীউডৰ ছবি “চ্চিচ্ছ’ৰে”ৰ কথা মনলৈ আহিছিলে।

অহিৰ ভৈৰৱৰ আৱহ-সংগীত পৰিস্থিতি-সাপেক্ষ হোৱাৰ লগতে অন্তিম গীতটোও ছবিৰ লগত খাপ খোৱা। আলোকশিল্পৰ কাম কৰিছে-চন্দ্ৰ কুমাৰ দাসে।

দুই মূল ভূমিকাত অভিনয় কৰিছে ৰবি শৰ্মা আৰু বৰষাৰাণী বিষয়াই। দুয়োৰে অভিনয় স্বাভাৱিক, পৰিপক্ক। ৰবি শৰ্মাৰ চৰিত্ৰটোৰ চেহেৰাত বিশেষকৈ হাস্পতালৰ সময়ছোৱাত চাপগ্ৰস্ত ৰূপটো বাৰুকৈয়ে ফুটি উঠিছে। পিছে সেইখিনি বৰষাৰাণী বিষয়াৰ ক্ষেত্ৰত দেখা নগ’ল। পিছে ছবিখনৰ অন্ত নিশ্চিতভাৱে দৰ্শকৰ বাবে অভাৱনীয় হ’ব আৰু সেইখিনিতেই সমগ্ৰ ২১ মিনিটৰ ছবিখনৰ সাৰ্থকতা। এক কথাত এখন সংবেদনশীল চুটি ছবি “ছৰী”।

 

লেখকৰ মেইল: rimli.borkotoky1985@gmail.com