• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰী-পুৰুষৰ লিংগ পৰিচয়ৰ উৰ্দ্ধৰ প্ৰতিবাদী ভাষাৰে পাকিস্তানী ছবি ‘জয়লেণ্ড’

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
February 24, 2023 12:50 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ বৰ্ষত কাঁ‌ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা এই পাকিস্তানী চিনেমাখন প্ৰথমখন পাকিস্তানী চিনেমা, যিয়েই কাঁ‌ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতেই জুৰীৰ বিশেষ বঁ‌টা আৰু এল জি বি টি কিউ, কুইৰ তথা নাৰীবাদী ছবিৰ কুইৰ পাম বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি, জয়লেণ্ড পাকিস্তানৰ পৰা ৯৫ সংখ্যক একাডেমী বঁ‌টা প্ৰতিযোগিতালৈও শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবি শিতানৰ মনোনয়ন লাভ কৰা প্ৰথমখন ছবি। যদিওবা মূল প্ৰতিযোগিতাৰ দৌৰলৈ নিৰ্বাচিত নহ’ল জয়লেণ্ড।

উৰ্দু-পাঞ্জাৱী ভাষাত নিৰ্মিত এই ছবিখনৰ পৰিচালনা চাইম চাদিকৰ। পৰিচালক চাইম চাদিকৰ প্ৰথমখন ছবি জয়লেণ্ডৰ চিত্ৰনাট্য লিখিছে চাইম চাদিক আৰু মেগী ব্ৰিগছে। উল্লেখনীয় যে, বিশ্বজুৰি উচ্চ-প্ৰশংসিত এই ছবিখনৰ প্ৰদৰ্শনীত পিছে পাকিস্তানতেই নিষেধাজ্ঞা জাৰী কৰা হৈছে, ইছলাম বিৰোধী আৰু এল জি বি টি কিউৰ লোকসকলক গ্ৰাহ্যতা প্ৰদান কৰাৰ বাবে। অহা মাৰ্চৰ ১০ তাৰিখে ছবিখনে ভাৰতত মুক্তিলাভ কৰিব।

চিনেমাৰ আৰম্ভণি গায়ে-মূৰে কাপোৰেৰে ঢকা এটি অৱয়বেৰে (হেইদৰ), যিয়ে কোন দিশে গতি কৰি আছে, নেজানে। আৰম্ভণিৰ এই দৃশ্যটিয়েই প্ৰতীকাৰ্থত চিনেমাখনত হেইদৰৰ কাৰ্য বা আচৰণবিধিক প্ৰদৰ্শন কৰে। পুৰুষতন্ত্ৰৰ ধ্বজাবাহক পৰিয়ালটিত, য’ত ভ্ৰূণ গৰ্ভত থাকোতেই, লিংগ পৰীক্ষা কৰা হয়, পুত্ৰসন্তানৰ বাবে, সেই ঘৰখনতেই হেইদৰৰ পত্নী মুমতাজে পাৰ্লাৰত কাম কৰে আৰু হেইদৰে ঘৰুৱা কাম-কাজ কৰে— এয়াও এক প্ৰতিবাদী অংশই ছবিখনৰ। মূলতঃ হেইদৰ, মুমতাজ আৰু বিবা (ৰূপান্তৰিত লিংগৰ নাৰী)ৰ মাজৰ সম্পৰ্কৰ শৃংখলৰ কাহিনী জয়লেণ্ড।

Apply Now

পুৰুষতন্ত্ৰ, নাৰীবাদ, এল জি বি টি কিউ লোকসকলৰ প্ৰতি সামাজিক দৃষ্টিভংগী আৰু নিজৰ জন্মগতভাৱে লাভ কৰা লিংগ পৰিচয়ৰ উৰ্দ্ধত, নিজৰ যৌনচেতনাক কেনেদৰে অন্বেষণ কৰে বা ভিন্নৰূপত আৱিস্কাৰ কৰে, কৰিব পাৰে, মাতৃত্ব যে প্ৰত্যেক নাৰীৰ বাবে আনন্দদায়ক বিষয় নহয়-এনে বহুকেইটা সংবেদনশীল বিষয়বস্তুক সামৰি লোৱা ছবি জয়লেণ্ড। কাহিনীত বহুকেইটা সংবেদনশীল সামাজিক ব্যৱস্থাৰ কেৰুণক উপস্থাপন কৰিলেও, আটাইকেইটা বিষয়কেই সমতুলভাৱে সংযুক্ত কৰিবলৈ সক্ষম হৈছে কাহিনীকাৰ। লগতে, কোনো নাটকীয়তাবিহীনভাৱে প্ৰতিটো চৰিত্ৰৰেই স্বাভাৱিক প্ৰতিবাদ আৰু দুৰ্বলতাকো নিখুঁতকৈ তুলি ধৰা হৈছে। একেদৰেই, আন চৰিত্ৰসমূহৰ চিন্তাধাৰা-আচৰণবিধিকো গ্ৰহণযোগ্যতা প্ৰদান কৰা হৈছে। আৰম্ভণিৰ পৰাই কাহিনীৰ সাৱলীল গতিৰ লগতেই দৰ্শকক ছবিৰ সৈতে সংযুক্ত কৰিবলৈ সক্ষম কাহিনীকাৰ পৰিচালক।

“Cut to shot to”, অৰ্থাৎ এটি দৃশ্যাংশৰ পৰা আন এটি দৃশ্যাংশলৈ যোৱাৰ কাম বেছ প্ৰশংসনীয়। সম্পাদনাৰ দিশ ভাল। পৰিমিত মাত্ৰাত যদিও, আৱহ-সংগীতৰ ব্যৱহাৰ পৰিস্থিতি সাপেক্ষ। কলা নিৰ্দেশনাৰ দিশ সুন্দৰ। আৰু জয়ে চাদেৰ আলোকশিল্পৰ কাম খুবেই ভাল লগা। তেনে কেইটিমান দৃশ্যাংশ যেনে-কুৰবানীৰ পৰা নিৰ্গত হৈ মজিয়াত বৈ পৰা তেজ, মৃত ছাগলীটো আৰু অপ্ৰস্তুত হেইদৰক এটি হাই এংগল শ্বটেৰে দেখোওৱা, তেজৰ ওপৰত উৰি যোৱা কাউৰী এটিৰ প্ৰতিফলন আৰু কন্ঠৰ ব্যৱহাৰ, হেইদৰৰ কৰ্মসংস্থাপন লভাৰ লগে লগেই পৰিয়ালৰ সকলোৱে চাকৰি কৰাত বাধা দিয়া, প্ৰতিবাদ কৰি কৰি হাৰি যোৱা মুমতাজৰ পিছফালে কেমেৰা ৰাখি, মুমতাজৰ বাদে বাকী চৰিত্ৰসমূহক ধূঃসৰ ৰূপত চিত্ৰায়ণ, যন্ত্ৰণাক্লীষ্ট বিবাৰ কথনত ৰঙচুৱাকৈ ছঁ‌য়া-ময়া পোহৰৰ ব্যৱহাৰ আৰু লগতেই হেইদৰ, মুমতাজ আৰু বিবাৰ মানসিক অৱস্থাক দৰ্শাবলৈ অধিকাংশ সময়তেই সংলাপবিহীন ক্লজ-আপ শ্বটৰ ব্যৱহাৰ ইত্যাদি। হেইদৰ, মুমতাজ আৰু বিবাৰ মাজৰ সম্পৰ্কৰ শৃংখলে প্ৰত্যেককে কিদৰে প্ৰভাৱান্বিত কৰে-সেই লৈয়েই পৰৱৰ্তী কাহিনীভাগ, উত্তেজনা, নাটকীয়তাৰহিত ৰূপত আগবাঢ়ে। আত্মহননৰ পূৰ্বে কোনোৱে কিমান শীতলতা আৰু নীৰৱে অন্তৰ্ভাগৰ হাহাকাৰক লুকুৱাই— সেই দৃশ্যাংশৰ উপস্থাপন লোৰ কাটি যোৱাবিধৰ কৰা হৈছে।

অভিনয়ৰ ক্ষেত্ৰত সকলোৱেই সহজ আৰু স্বাভাৱিক যদিও, হেইদৰ(আলী জুনেজ’), মুমতাজ (ৰাষ্টি ফাৰুক), আৰু বিবা (আলিনা খান)ৰ অভিনয় সুন্দৰ। মাথোঁ মনোৰঞ্জন বিচৰাসকলে এই ছবিখন চাই নিৰাশ হ’ব, কাৰণ ছবিৰ বিষয়বস্তু অতি সুগভীৰ আৰু সংবেদনশীল তথা প্ৰতিবাদী আৰু সমগ্ৰ সমাজ-ব্যৱস্থাৰ ওপৰতেই এক তীক্ষ্ণ ভ্ৰূকুটি। ছবিৰ অন্ত এক তীব্ৰ মানসিক জোকাৰণিৰ লগতে বিষাদবোধৰ অনুভৱ দিয়াবিধৰ। অন্তিম দৃশ্যই পৰিচালক ফাতিহ আকিণৰ তুৰ্কীছ-জাৰ্মান ভাষাৰ ছবি “Edge of Heaven” (২০০৭)ৰ অন্তৰ লগত কিছু সামঞ্জস্যক সোঁৱৰালে।

 

লেখিকাৰ মেইল- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd