• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঁচ মাহতে জহি খহি জৰাজীৰ্ণ হ’ল মাৰ্ঘেৰিটাত নিৰ্মিত ২ কোটি ৪৪ লক্ষ টকীয়া পকী পথ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 29, 2020 7:53 pm
index.jpgb
186
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লেখপানী গাঁও পঞ্চায়তৰ অধীনত উদয়পুৰ-কথাগাঁও সংযোগী পথটো নিৰ্মাণৰ ছমাহ নৌহওঁতেই পকী পথটোত প্ৰকাণ্ড প্ৰকাণ্ড দ গাঁ‌তৰ সৃষ্টি হৈ যাতায়াতৰ বাবে একেবাৰে অনুপযোগী হৈ পৰিছে।

স্থানীয় ৰাইজে নিম্ন মানৰ সামগ্ৰীৰে পথছোৱা নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে ঠিকাদাৰৰ বিৰুদ্ধে।

তিনিচুকীয়াৰ মেচাৰ্চ জে আৰ কন্সট্ৰাকশ্যন নামৰ এটা পথ নিৰ্মাণকাৰী সংস্থাই প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত লেখাপানী থানাৰ অধীনৰ উদয়পুৰত ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উদয়পুৰ-কথাগাঁওঁ সংযোগী এটা পথ নিৰ্মাণৰ বাবদ আৱণ্টন পাইছিল ২ কোটি, ৪৪ লাখ, ৭ হাজাৰ ৩১৩ টকা।

এই পথছোৱা ১৫ নৱেম্বৰ ২০১৭ তাৰিখে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ উপস্থিতিত নিৰ্মাণ কাৰ্যৰ আধাৰশিলা উন্মোচন কৰিছিল।

উল্লেখ্য যে, ২০১৭ চনৰ ১৫ নৱেম্বৰ তাৰিখে কামৰ শুভাৰম্ভ কৰা পথছোৱা ৭ অক্টোবৰ ২০১৮ চনত পথছোৱাৰ কাম সমাপ্ত হোৱা দেখুৱাইছে যদিও ২০২০ৰ চলিত মাহলৈকে কাম চলি থকা বিষয়টোত অঞ্চল বাসী আশ্বস্ত হ’ব পৰা নাই।

কাৰণ মাত্ৰ ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰামাঞ্চলৰ এটা পথ এই বৃহৎ পৰিমাণৰ ধন ব্যয় সাপেক্ষে নিৰ্মাণৰ ছমাহৰ পাছতে বখলা বখলে এৰি যোৱাই নহয় পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড দ গাঁ‌তৰ।

স্থানীয় ৰাইজৰ অভিযোগ যে, ৰাইজৰ চকুত ধূলি দি “জে আৰ কন্সট্ৰাকশ্যন” নামৰ পথ নিৰ্মাণকাৰী সংস্থাই পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি কাৰ্য সংঘটিত কৰিলে।

লগতে নিৰ্মাণকাৰী সংস্থাটোৱে পথ নিৰ্মাণৰ নীতি নিয়ম বা কাৰ্য সম্পাদন কৰা নীতি নিৰ্দেশনা মনা নাই বুলি উল্লেখ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি তথা উক্ত অঞ্চলৰ বাসিন্দা ৰাহুল ছেত্ৰীয়ে।

২, ৪৪, ০৭৩১৩.০০ টকা ব্যয়ৰে নিৰ্মাণ কৰা পথছোৱা নিৰ্মাণত সংস্থাটোৱে দুৰ্নীতি সংঘটিত কৰি বিসংগতি পূৰ্ণ কামেৰে পথটো নিৰ্মাণ কৰি ঠিকাদাৰে সিংহ ভাগ ধন উদৰস্থ কৰা অভিযোগ কৰি বিধায়ক ভাস্কৰ শৰ্মা কিম্বা সাংসদ ৰামেশ্বৰ তেলীক ব্যৱস্থা ল’বলৈ দাবী জনাইছে।

যদি কোনো ধৰণৰ ব্যৱস্থা নলয় তেন্তে দুয়োগৰাকী জনপ্ৰতিধিয়েই ঠিকাদাৰৰ সৈতে গোপন মিতিৰালি থকা বুলি ভাবিবলৈ বাধ্য হ’ব বুলি উল্লেখ কৰিছে ৰাহুল ছেত্ৰীৰ লগতে আদিবাসী চাহ জনজাতি ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ সভাপতি জাৰ্নেল মিঞ্জে।

এইক্ষেত্ৰত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিতৰ সাংসদ তথা মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Recent News

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ: বিবাহ বিচ্ছেদৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd