তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লেখপানী গাঁও পঞ্চায়তৰ অধীনত উদয়পুৰ-কথাগাঁও সংযোগী পথটো নিৰ্মাণৰ ছমাহ নৌহওঁতেই পকী পথটোত প্ৰকাণ্ড প্ৰকাণ্ড দ গাঁতৰ সৃষ্টি হৈ যাতায়াতৰ বাবে একেবাৰে অনুপযোগী হৈ পৰিছে।
স্থানীয় ৰাইজে নিম্ন মানৰ সামগ্ৰীৰে পথছোৱা নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে ঠিকাদাৰৰ বিৰুদ্ধে।
তিনিচুকীয়াৰ মেচাৰ্চ জে আৰ কন্সট্ৰাকশ্যন নামৰ এটা পথ নিৰ্মাণকাৰী সংস্থাই প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত লেখাপানী থানাৰ অধীনৰ উদয়পুৰত ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উদয়পুৰ-কথাগাঁওঁ সংযোগী এটা পথ নিৰ্মাণৰ বাবদ আৱণ্টন পাইছিল ২ কোটি, ৪৪ লাখ, ৭ হাজাৰ ৩১৩ টকা।
এই পথছোৱা ১৫ নৱেম্বৰ ২০১৭ তাৰিখে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ উপস্থিতিত নিৰ্মাণ কাৰ্যৰ আধাৰশিলা উন্মোচন কৰিছিল।
উল্লেখ্য যে, ২০১৭ চনৰ ১৫ নৱেম্বৰ তাৰিখে কামৰ শুভাৰম্ভ কৰা পথছোৱা ৭ অক্টোবৰ ২০১৮ চনত পথছোৱাৰ কাম সমাপ্ত হোৱা দেখুৱাইছে যদিও ২০২০ৰ চলিত মাহলৈকে কাম চলি থকা বিষয়টোত অঞ্চল বাসী আশ্বস্ত হ’ব পৰা নাই।
কাৰণ মাত্ৰ ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰামাঞ্চলৰ এটা পথ এই বৃহৎ পৰিমাণৰ ধন ব্যয় সাপেক্ষে নিৰ্মাণৰ ছমাহৰ পাছতে বখলা বখলে এৰি যোৱাই নহয় পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড দ গাঁতৰ।
স্থানীয় ৰাইজৰ অভিযোগ যে, ৰাইজৰ চকুত ধূলি দি “জে আৰ কন্সট্ৰাকশ্যন” নামৰ পথ নিৰ্মাণকাৰী সংস্থাই পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি কাৰ্য সংঘটিত কৰিলে।
লগতে নিৰ্মাণকাৰী সংস্থাটোৱে পথ নিৰ্মাণৰ নীতি নিয়ম বা কাৰ্য সম্পাদন কৰা নীতি নিৰ্দেশনা মনা নাই বুলি উল্লেখ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি তথা উক্ত অঞ্চলৰ বাসিন্দা ৰাহুল ছেত্ৰীয়ে।
২, ৪৪, ০৭৩১৩.০০ টকা ব্যয়ৰে নিৰ্মাণ কৰা পথছোৱা নিৰ্মাণত সংস্থাটোৱে দুৰ্নীতি সংঘটিত কৰি বিসংগতি পূৰ্ণ কামেৰে পথটো নিৰ্মাণ কৰি ঠিকাদাৰে সিংহ ভাগ ধন উদৰস্থ কৰা অভিযোগ কৰি বিধায়ক ভাস্কৰ শৰ্মা কিম্বা সাংসদ ৰামেশ্বৰ তেলীক ব্যৱস্থা ল’বলৈ দাবী জনাইছে।
যদি কোনো ধৰণৰ ব্যৱস্থা নলয় তেন্তে দুয়োগৰাকী জনপ্ৰতিধিয়েই ঠিকাদাৰৰ সৈতে গোপন মিতিৰালি থকা বুলি ভাবিবলৈ বাধ্য হ’ব বুলি উল্লেখ কৰিছে ৰাহুল ছেত্ৰীৰ লগতে আদিবাসী চাহ জনজাতি ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ সভাপতি জাৰ্নেল মিঞ্জে।
এইক্ষেত্ৰত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিতৰ সাংসদ তথা মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।