তিনিচুকীয়াৰ লেখাপানীত ডাম্পাৰৰ খুন্দাত এজন নিহত

Accident-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো

আজি সন্ধিয়া তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিৰাপ গে’ট তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্য হয়। এখন তীব্ৰ বেগী ডাম্পাৰে খুন্দিওৱাৰ ফলতেই লোকজন ঘটনাস্থলতে মৃত্যুক আকোৱালি লয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায়।

জানিব পৰা মতে আজি সন্ধিয়া প্ৰায় ৭:৩০ মান বজাত ডাম্পাৰখন জাগুনৰ পৰা মাৰ্ঘেৰিটা দিশে গৈ আছিল। আৰু তেতিয়াই ডাম্পাৰখনে উক্ত শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত কৰে। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকজনৰ এই পৰ্যন্ত পৰিচয় জানিব পৰা হোৱা নাই।

ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতেই ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হয় যদিও দুৰ্ঘটনাটোত ব্যক্তিজনৰ শৰীৰটো বেয়াকৈ ক্ষত-বিক্ষত হোৱা বাবেই এতিয়ালৈ আৰক্ষীয়ে ব্যক্তিজনক চিনাক্ত কৰিব পৰা নাই বুলি জনায়।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলৰ পৰা পলায়ন কৰে ডাম্পাৰখন। আৰক্ষীয়ে বৰ্তমান ডাম্পাৰখনৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।