চহৰ-নগৰ নহয়, গাঁওৰ মাজত এইবাৰ ৰ’প ওৱে! কাৰ প্ৰচেষ্টাত ক’ত চলিছে এনে নিৰ্মাণ?
মৰণক শৰণ দি নাগ্ৰীজুলি-কাউলী-কুমাৰীকাটাবাসী ৰাইজে ভৰ বাৰিষা মটঙা নৈৰ মাজেৰে কৰা বিপদ সংকুল যাত্ৰাৰ দৃশ্য আমি বহুত দেখিছো।
কিন্তু এই পথেৰে যাতায়ত কৰা লোকৰ বাবে এইবাৰ আহিছে এটি ভাল খবৰ।
মটঙা নৈৰ ওপৰত যুদ্ধকালীন প্ৰস্তুতিৰে চলিছে ৰ’প ওৱে নিৰ্মাণৰ কাম।
প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া এই মিনি ৰ’প ওৱেৰ কাম ইতিমধ্যে ৫০ শতাংশ সম্পন্ন হৈছে।
নৈৰ ইপাৰৰ পৰা সিপাৰলৈ নিৰ্মাণ হবলগীয়া ইয়াৰ দৈৰ্ঘ্য হল চাৰিশ ফুট। ৰ’প ওৱেত একেলগে পাৰ হ’ব মটৰচাইকেল আৰু যাত্ৰী।
বিশেষ কাৰিকৰী ব্যৱস্থাৰে নিৰ্মাণ হৈ থকা এই মিনি ৰ’প ওৱেত বিকলংগ লোকৰ বাবে থাকিব হুইল চেয়াৰো।
ভাৰত-ভূটান সীমান্তৰ অতি ব্যস্ত নাগ্ৰীজুলি-কাউলী-কুমাৰীকাটা সংযোগী গড়কাপ্তানী পথৰ মাজত থকা মটঙা নৈৰ দলং নিৰ্মাণ নোহোৱাত অঞ্চলটোৰ কেইজনমান যুৱকে নিজাববীয়াকৈ ৰ’প ওৱে নিৰ্মাণৰ কাম হাতত লৈছে।
কোনো চৰকাৰী ধন বা বৰঙণি অবিহনে নিৰ্মাণ হৈ থকা এই ৰ’প ওৱে সম্পূৰ্ণ হৈ উঠিবলৈ এতিয়াও সময় লাগিব প্ৰায় ১৫ দিন।
নিৰ্বাচনৰ প্ৰাক ক্ষণত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মটঙা নৈৰ ওপৰত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল।
এতিয়ালৈ চৰকাৰে দলং নিৰ্মাণৰ কোনো কাম হাতত লোৱা নেদেখাত যুলৱককেইজনে ল’লে এই পদক্ষেপ।
ইয়াৰ আগতেও এইসকল যুৱকে ইয়াতে নিৰ্মাণ কৰি উলিয়াইছিল বাঁহেৰে শৰাইঘাট সদৃশ বৃহৎ আকাৰৰ দলং। কিন্ত কোনো দুস্কৃতিকাৰীয়ে জ্বলাই দিছিল সেই বাঁহৰ দলংখন।
প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহাৰ পিছতো কিন্ত ৰাইজৰ সুবিধাৰ বাবে হাৰ মনা নাই এই কেইজন যুৱকে।
তাৰমাজতে প্ৰশ্ন হয়, নিৰ্বাচনৰ প্ৰাকক্ষণত ডঃ হিমন্ত বিশ্ব শৰ্মাই পকী দলং নিৰ্মাণ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি পূৰণ হব নে, নে প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰব ?