হাতীৰ পিছত এইবাৰ গৰ্ভৱতী গৰুৰ মুখত বিস্ফোৰক বিস্ফোৰণ ঘটালে নিৰ্দয় মানুহে

index.jpg2

কেৰেলাৰ এজনী গৰ্ভৱতী হাতীক খাদ্যৰ লগত বিস্ফোৰক খুৱাই হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ তদ্ৰূপ জঘন্য ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশত।

এইবাৰ হিমাচল প্ৰদেশৰ বিলাসপুৰত এজনী গৰ্ভৱতী গাই গৰুৰ মুখত বিস্ফোৰক বিস্ফোৰণ ঘটোৱাৰ ঘটনা পোহৰলৈ আহিছে।

ঘটনাৰ বিৱৰণী অনুসৰি বিলাসপুৰ জিলাৰ চিমলাৰ সমীপৰ দাহড় গাঁৱৰ এগৰাকী গোপালকৰ ঘৰৰ পৰা মাত্ৰ ২০ মিটাৰ দূৰৈৰ গোহালিত গভীৰ নিশা কোনো দুৰ্বৃত্তই এক বিস্ফোৰণ সংঘটিত কৰে।

বিস্ফোৰণৰ শব্দত গৃহস্থই সাৰ পাই গোহালিত গৈ দেখে যে এজনী গৰ্ভৱতী গাই গৰুৰ মুখত বিস্ফোৰণ হোৱাৰ ফলত মুখমণ্ডলৰ একাংশ এৰি গৈছে।

অৱশ্যে গাইজনী এতিয়াও জীৱিত।

গাইজনীৰ মালিকে গাঁৱৰে প্ৰতিবেশী নন্দলাল ধীমান নামৰ এজন ব্যক্তিয়ে এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি অভিযোগ কৰিছে।

বিস্ফোৰণত মুখমণ্ডলৰ একাংশ এৰি যোৱা গাইজনীৰ ভিডিঅ’টো ইতিমধ্যে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বিলাসপুৰৰ আৰক্ষী অধীক্ষক দিবাকৰ শৰ্মাই জনাইছে যে গাইজনীৰ মালিকৰ অভিযোগৰ ভিত্তিত শনিবাৰে নন্দলাল ধীমান নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

বৰ্তমান গৰ্ভৱতী গাইজনীক পশু চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।