• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী বিদ্যালয়ৰ পৰিভাষা সলনি কৰিছে এখন ব্যতিক্ৰমী বিদ্যালয়ে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 6, 2019 5:02 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাবে চৰকাৰী বিদ্যালয় সংকটৰ সন্মুখিন হ’বলগীয়া পৰিবেশৰ সৃষ্টি হৈছে তেনে সময়ত শিৱসাগৰৰ এখন বিদ্যালয়ে প্ৰত্যাহবান জনাইছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আগ্ৰাসনক। বিদ্যালয়খনৰ শিক্ষকসকলে প্ৰাথমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ শিক্ষাৰ পৰিবেশ দিবলৈ চেষ্টা কৰি সৃষ্টি কৰিছে শিক্ষাৰ মান পৰিবৰ্তনৰ উৎকৃষ্ট নিদৰ্শন।

Apply Now

ব্যতিক্ৰমী বিদ্যালয়খন শিৱসাগৰ চহৰৰৰ সমীপৰ লখিমী নগৰৰ লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়। দিখৌ নদীৰ পাৰৰ এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত অৱস্থিত বিদ্যালয়খন ১৯৮৫ চনত স্থাপন কৰা হৈছিল। বিদ্যালয়খনৰ শিক্ষকসকলে জন্মলগ্নৰে পৰা বিদ্যালয়খনক ব্যতিক্ৰম ৰূপত সজাই পৰাই তোলাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল।

বিদ্যালয়খনৰ চৌহদত প্ৰবেশ কৰিলেই চকুত পৰে কিছুমান মন পৰশা বাক্য আৰু মধুৰ শব্দ। গঠৰ মুঢ়া আৰু পেলনীয়া সামগ্ৰী আদিয়ে বিদ্যালয়খনৰ চৌহদত প্ৰাণ পাই উঠিছে। বিদ্যালয়খনত থকা প্ৰতিটো গছৰ মুঢ়াতে মহৎ লোকৰ বাণী লিখি থোৱা আছে।

আনহাতে, স্বচ্ছতাৰ দিশত বিদ্যালয়খনে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। বিদ্যালয়খনৰ চৌহদ বিভিন্ন প্ৰজাতিৰ ফুলেৰে জাতিস্কাৰ হৈ থকাৰ উপৰিও বহু আপুৰুগীয়া গছ গছনি বিদ্যালয়খনৰ চৌহদত উপলব্ধ।

তদুপৰি, বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণী কোঠা বিভিন্ন নামেৰে নামাংকন কৰা হৈছে। বিদ্যালয়ত অতিথি সকলৰ বাবে আছুতীয়াকৈ ৰখা কোঠাটোৰ নাম দিয়া হৈছে ‘জোনাকী কাৰেং’। একেদৰে অধ্যক্ষৰ কোঠাটোৰ নাম সাতসৰী, শিক্ষক জিৰণি কোঠাৰ নাম শইচৰ পথাৰ, পুথিভঁৰালৰ নাম পৰিয়সী আৰু বিভিন্ন শ্ৰেণীকোঠাৰ নাম হ’ল ক্ৰমে আৰ্যভট্ট, বনফুল, জোনাকী আদি নামেৰে নামাংকন কৰা হৈছে।

ব্যতিক্ৰমী বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এটা কোথাত অন্য বিদ্যালয়ত পাঠ গ্ৰহণ কৰাৰ দৰে পাঠগ্ৰহণ নকৰে। তেওঁলোকে মহাবিদ্যালয়ৰ দৰে বিভিন্ন কোঠাত পাঠগ্ৰহণ কৰে। তাৰোপৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰৰ শিক্ষাও প্ৰদান কৰা হয়।

প্ৰতিবছৰে এই বিদ্যালয়খনে বৃত্তি পৰীক্ষাত সফলতা লাভ কৰি আহিছে। বিদ্যালয়খনৰ পৰা ‘মৰুদ্যান’ আৰু ‘আখৰা’ নামৰ দুখন হাতেলিখা আলোচনী প্ৰকাশ কৰাৰ লগতে এখন প্ৰাচীৰ পত্ৰিকাও প্ৰকাশ কৰি অহা হৈছে।

আকৌ, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰাৰ দৰে লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়তো ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনু্ষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ ছাত্ৰ একতা সভাত শিক্ষা মন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰী, প্ৰধান মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী আদি পদ সমূহ থাকে। সম্পূৰ্ণ বিশ্ববিদ্যালয়ৰ আৰ্হিত পৰিচালিত মধ্য ইংৰাজী বিদ্যালয়খনত বৃটিছ কাউঞ্চিলৰ শিক্ষা পদ্ধতিৰে ইংৰাজী ভাষাৰ পাঠদান কৰি অহা হৈছে।

উল্লেখযোগ্য যে, বিদ্যালয়খনত কৰ্মৰত শিক্ষাগুৰু সকলে একমাত্ৰ চৰকাৰী দৰমহাৰ বাবে চাকৰি নকৰি ছাত্ৰ-ছাত্ৰীসকলক একোগৰাকী সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আত্ম নিয়োগ কৰিছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ব্ৰজেন বড়া আৰু সহকৰ্মী শিক্ষক শিক্ষয়ত্ৰীৰ এই মহান প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd