কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ ৰাজীৱ ভৱন

কংগ্ৰেছত আছে বিজেপিৰ এজেন্টৰূপে কাম কৰা বিধায়ক!

066674c2-a7b3-4919-8cfa-4c6883a68c40

ৰাজীৱ ভৱনত সোমবাৰে কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদ। ফটো: নৰ্থইষ্ট নাও

কংগ্ৰেছত পুনৰ স্পষ্ট হৈ পৰিছে নেতৃত্বকেন্দ্ৰিক সংঘাত। বিজেপিৰ বিৰুদ্ধে নহয় কংগ্ৰেছী নেতাৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদত উত্তাল হৈ পৰিল ৰাজীৱ ভৱন।

হাজো সমষ্টিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুলু আহমেদৰ সমৰ্থকে দুলু আহমেদকেন্দ্ৰিক কেতবোৰ দাবীৰে ৰাজীৱ ভৱনৰ চৌহদ উত্তাল কৰি তোলে।

দুলু আহমেদৰ নিলম্বন ২৪ ঘন্টাৰ ভিতৰত প্ৰত্যাহাৰ কৰক, ২১ৰ নিৰ্বাচনত দুলু আহমেদক হাজোৰ পৰা টিকট প্ৰদান কৰক এনেবোৰ দাবীৰে  ৰাজীৱ ভৱনৰ চৌহদ উত্তাল কৰিলে শতাধিক দুলু আহমেদৰ সমৰ্থকে।

যি সময়ত বিজেপিৰ বিভিন্ন ইচ্ছু বা কামৰ বিৰুদ্ধে ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত হ’ব লাগিছিল সেই সময়তে কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে নেতৃত্বকেন্দ্ৰিক খোৱা-কামোৰা।

এনেয়ো জুৰুলা অৱস্থা তাতে আকৌ নিজ দলৰ নেতাৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ কৰি বিজেপিক নিৰ্বাচনী ৰণত জয়ী হোৱাৰ বাটটো যেন মুকলি কৰি দিয়াৰ প্ৰয়াস একাংশ কংগ্ৰেছীৰ। যেন নেতৃত্বকেন্দ্ৰিক সংঘাতৰ চুড়ান্ত নিদৰ্শন এই প্ৰতিবাদ।

‘আমি লাজ পাইছো যি সময়ত আমি বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিছিল সেই সময়ত আমি কংগ্ৰেছৰ একাংশ নেতৃত্বৰ ভুলৰ কাৰণেই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। ৰকিবুল হুছেইনৰ নিৰ্দেশতে দুলু আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন কৰিছিল। গতিকে ২৪ ঘন্টাৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নিলম্বন প্ৰত্যাহাৰ কৰক।‘ চাহিদ চান হক নামৰ এজন দুলু আহমেদৰ সমৰ্থকে এইদৰে কয়।

ইপিনে, দুলু আহমেদৰ সমৰ্থকসকলৰ মতে কংগ্ৰেছত আছে বিজেপিৰ এজেন্ট। এজন কংগ্ৰেছী বিধায়কে কৰে বিজেপি নেতাৰ গুণানুকীৰ্তন তথা কংগ্ৰেছত থাকিও বিজেপিৰ হৈ কাম কৰে কংগ্ৰেছী বিধায়কে।

নাম প্ৰকাশ নকৰাকৈ ছয়গাওঁ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদক আক্ৰমণ কৰে দুলু আহমেদৰ সমৰ্থকে।

উল্লেখযোগ্য যে, সদ্য নিলম্বিত কংগ্ৰেছী দুলু আহমেদৰ লগত প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ সংঘাত দীৰ্ঘদিনীয়া।

যি সময়ত কংগ্ৰেছ, এআইয়ুডিএফকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ মহাজোঁটবন্ধনৰ কথা কৈ অহা হৈছে সেই সময়তে কংগ্ৰেছৰ ভিতৰছোৱাৰ এনে কেতবোৰ কণ্ডলৰ বহিঃপ্ৰকাশে পুনৰবাৰ উদঙাইছে কংগ্ৰেছৰ লবিকেন্দ্ৰিক সংঘাত।

এনে পৰিপ্ৰেক্ষিতত নেতৃত্বকেন্দ্ৰিক সংঘাতত জুৰুলা কংগ্ৰেছে এআইয়ুডিএফৰ লগ লাগিলেও বিজেপিক পৰাভূত কৰিব পাৰিবনে? সেয়া বিচাৰ্য্যৰ বিষয় হৈ পৰিছে।