• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত বিশ্ব ঐতিহ্য সপ্তাহ উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

উজনি অসমৰ চাৰিখন জিলালৈ মন্ত্ৰী কেশৱ মহন্তৰ ৪৫০ কোটি টকাৰ পুঁজি ঘোষণা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 21, 2019 8:31 am
IMG-20191121-WA0000

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত বিশ্ব ঐতিহ্য সপ্তাহ- ২০১৯ উপলক্ষে স্থানীয় যুৱদল প্ৰেক্ষাগৃহত বুধবাৰে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়।

এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা অসম চৰকাৰৰ প্ৰত্নতত্ব, জল সম্পদ, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা, তথ্য প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা ভাষণত শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ঐতিহাসিক, সাংস্কৃতিক, পৰ্যটন আদিৰ ক্ষেত্ৰত থকা প্ৰচুৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি চাৰিওখন জিলাৰ বাবে মুঠ ৪৫০ কোটি টকাৰ পুঁজি ঘোষণা কৰে।

Apply Now

এই পুঁজিৰ পৰা প্ৰতিখন জিলাৰ উপায়ুক্তৰ অধীনত ১০০ কোটি টকাকৈ তথা মুখ্য মন্ত্ৰীৰ পুঁজিত ৫০ কোটি টকা থাকিব। জিলা সমূহে এই পুঁজি কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, ক্রীড়া, পৰ্যটন আৰু কৌশল বিকাশৰ দিশত ব্যয় কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে।

পুৰাতাত্বিক স্থান আৰু কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ উল্লেখ কৰি এই সমূহৰ ৰক্ষণাবেক্ষণৰ বাবে ৰাইজৰ সহযোগিতা অতিকৈ অপৰিহাৰ্য্য বুলি কয়।

আলোচনা চক্ৰত উপস্থিত থকা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই অসম চৰকাৰ তথা ৰাজ্যিক প্ৰত্নতত্ব বিভাগে প্ৰাচীন কীৰ্তি চিহ্ন সমূহ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ শলাগ লয়।

জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই তেওঁৰ ভাষণত Soulful Sivasagar অভিযানৰ অধীনত জিলা প্ৰশাসনৰ উদ্যোগত প্ৰাচীন কীৰ্তি চিহ্ন সমূহ সংৰক্ষণৰ লগতে এই সমূহৰ প্ৰচাৰৰ মাধ্যমেৰে পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে চমু আভাষ দাঙি ধৰে।

প্ৰত্নতত্ব সঞ্চালিকা দীপি ৰেখা কৌলিয়ে অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে। আলোচনা চক্ৰখনিত মূল ভাষণ প্ৰদান কৰে ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণৰ অৱসৰ প্ৰাপ্ত সঞ্চালক ড০ নিজামুদ্দিন তাহেৰে।

সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ভাৰতৰ আটাইতকৈ কণিষ্ঠ প্ৰত্নতত্ববিদ আৰ্ছ্ আলী, ডিব্ৰুগড় বিশ্ববিদ্যালয় বুৰঞ্জী বিভাগৰ ড০ জাহ্নবী গগৈ নাথ, নামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জিতেন বৰপাত্ৰ গোহাঁই, কৰ্মশ্রী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ শিখামণি কোঁৱৰ, গড়গাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী ড০ মঞ্জুমণি গগৈ ধৰ, কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ব বিভাগৰ সহকাৰী অধ্যাপক ড০ মঞ্জিল হাজৰিকা, স্থানীয় সাংবাদিক নবীন বুঢ়াগোহাঁই আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড০ প্ৰবীণ শৰ্মাৰ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক ড০ নীলকমল সিঙে।

এই অনুষ্ঠানত উজনীয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মী কান্ত মহন্তৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

আনহাতে পুৱা ৬ বজাত বিশ্ব ঐতিহ্য সপ্তাহ উপলক্ষে ৰংঘৰৰ পৰা তলাতল ঘৰ, জয়দৌল হৈ পুনৰ ৰংঘৰলৈ এক ঐতিহ্য যাত্ৰা (Heritage Walk) অনুষ্ঠিত হয়।

এই যাত্ৰাত মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, প্ৰত্নতত্ব সঞ্চালিকা দীপি ৰেখা কৌলি, আলোচনা চক্ৰত অংশগ্ৰহণ কৰা সমল ব্যক্তি সকল, জিলা প্ৰশাসনৰ আৰু বিভিন্ন বিভাগৰ বিষয়াসকল, অসামৰিক প্ৰতিৰক্ষা বাহিনী, স্কাউট এণ্ড গাইড, এন চি চি, বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় নাগৰিকে অংশগ্ৰহণ কৰে।

এই যাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত প্ৰাচীন কীৰ্তিচিহ সমূহৰ সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd