অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত বিশ্ব ঐতিহ্য সপ্তাহ- ২০১৯ উপলক্ষে স্থানীয় যুৱদল প্ৰেক্ষাগৃহত বুধবাৰে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়।
এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা অসম চৰকাৰৰ প্ৰত্নতত্ব, জল সম্পদ, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা, তথ্য প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা ভাষণত শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ঐতিহাসিক, সাংস্কৃতিক, পৰ্যটন আদিৰ ক্ষেত্ৰত থকা প্ৰচুৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি চাৰিওখন জিলাৰ বাবে মুঠ ৪৫০ কোটি টকাৰ পুঁজি ঘোষণা কৰে।
এই পুঁজিৰ পৰা প্ৰতিখন জিলাৰ উপায়ুক্তৰ অধীনত ১০০ কোটি টকাকৈ তথা মুখ্য মন্ত্ৰীৰ পুঁজিত ৫০ কোটি টকা থাকিব। জিলা সমূহে এই পুঁজি কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, ক্রীড়া, পৰ্যটন আৰু কৌশল বিকাশৰ দিশত ব্যয় কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে।
পুৰাতাত্বিক স্থান আৰু কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ উল্লেখ কৰি এই সমূহৰ ৰক্ষণাবেক্ষণৰ বাবে ৰাইজৰ সহযোগিতা অতিকৈ অপৰিহাৰ্য্য বুলি কয়।
আলোচনা চক্ৰত উপস্থিত থকা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই অসম চৰকাৰ তথা ৰাজ্যিক প্ৰত্নতত্ব বিভাগে প্ৰাচীন কীৰ্তি চিহ্ন সমূহ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ শলাগ লয়।
জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই তেওঁৰ ভাষণত Soulful Sivasagar অভিযানৰ অধীনত জিলা প্ৰশাসনৰ উদ্যোগত প্ৰাচীন কীৰ্তি চিহ্ন সমূহ সংৰক্ষণৰ লগতে এই সমূহৰ প্ৰচাৰৰ মাধ্যমেৰে পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে চমু আভাষ দাঙি ধৰে।
প্ৰত্নতত্ব সঞ্চালিকা দীপি ৰেখা কৌলিয়ে অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে। আলোচনা চক্ৰখনিত মূল ভাষণ প্ৰদান কৰে ভাৰতীয় পুৰাতত্ব সৰ্বেক্ষণৰ অৱসৰ প্ৰাপ্ত সঞ্চালক ড০ নিজামুদ্দিন তাহেৰে।
সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ভাৰতৰ আটাইতকৈ কণিষ্ঠ প্ৰত্নতত্ববিদ আৰ্ছ্ আলী, ডিব্ৰুগড় বিশ্ববিদ্যালয় বুৰঞ্জী বিভাগৰ ড০ জাহ্নবী গগৈ নাথ, নামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জিতেন বৰপাত্ৰ গোহাঁই, কৰ্মশ্রী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ শিখামণি কোঁৱৰ, গড়গাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী ড০ মঞ্জুমণি গগৈ ধৰ, কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ব বিভাগৰ সহকাৰী অধ্যাপক ড০ মঞ্জিল হাজৰিকা, স্থানীয় সাংবাদিক নবীন বুঢ়াগোহাঁই আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড০ প্ৰবীণ শৰ্মাৰ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক ড০ নীলকমল সিঙে।
এই অনুষ্ঠানত উজনীয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মী কান্ত মহন্তৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
আনহাতে পুৱা ৬ বজাত বিশ্ব ঐতিহ্য সপ্তাহ উপলক্ষে ৰংঘৰৰ পৰা তলাতল ঘৰ, জয়দৌল হৈ পুনৰ ৰংঘৰলৈ এক ঐতিহ্য যাত্ৰা (Heritage Walk) অনুষ্ঠিত হয়।
এই যাত্ৰাত মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, প্ৰত্নতত্ব সঞ্চালিকা দীপি ৰেখা কৌলি, আলোচনা চক্ৰত অংশগ্ৰহণ কৰা সমল ব্যক্তি সকল, জিলা প্ৰশাসনৰ আৰু বিভিন্ন বিভাগৰ বিষয়াসকল, অসামৰিক প্ৰতিৰক্ষা বাহিনী, স্কাউট এণ্ড গাইড, এন চি চি, বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় নাগৰিকে অংশগ্ৰহণ কৰে।
এই যাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত প্ৰাচীন কীৰ্তিচিহ সমূহৰ সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়।