নেপালৰ দুৰ্যোগৰ মাজত এক অবিশ্বাস্য ঘটনা। দেশখনৰ উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ তলৰ পৰা এটি ৬ বছৰীয়া শিশুক উদ্ধাৰ কৰে। উত্তৰ নেপালৰ ৰসুৱা জিলাত সংঘটিত হৈছে এই ঘটনা। শিশুটি ৩ দিন ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছিল।
নেপালৰ ভোটকোশী নদীৰ বানত আবদ্ধ হৈ পৰা লোকক বিচাৰি ফুৰাৰ সময়ত উদ্ধাৰকাৰী দলৰ সদস্যই মাটিৰ তলৰ পৰা শিশুটিৰ কান্দোন শুনিবলৈ পায়। তাৰ পিছত তেওঁলোকে খৰখেদাকৈ খান্দি শিশুটিক উদ্ধাৰ কৰে।
শিশুটিক উদ্ধাৰ কৰাৰ পিছত টিমুৰৰ সশস্ত্ৰ আৰক্ষী বাহিনীৰ সীমান্ত আউটপোষ্টলৈ লৈ যোৱা হয়। তাত ক্ৰমান্বয়ে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তাৰ পিছত শুকুৰবাৰে শিশুটিক কাঠমাণ্ডুলৈ লৈ যোৱা হয়। বৰ্তমান শিশুটিক কাঠমাণ্ডুৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
বুধবাৰে নেপালত এটা হিমবাহ ভাঙি ভয়ংকৰ বানৰ সৃষ্টি হয়। পাহাৰীয়া নদীৰ পৰা শিল, বৰফ, বোকা আৰু পানীৰ প্ৰব সোঁত নামি আহিছিল। ইয়াৰ ফলত নেপালত কমেও ৬৬৯ জন আৰু তিব্বতত ৭ জন লোকৰ মৃত্যু হয়। বহু ঘৰ-দুৱাৰ, দলং, পথ আৰু বিদ্যুতৰ আন্তঃগাঁথনি ধ্বংস হৈছে।
নেপাল আৰু তিব্বতত এতিয়াও প্ৰায় ৩ হাজাৰ লোক সন্ধানহীন হৈ আছে। নেপালত সন্ধানহীন হোৱা লোকৰ সংখ্যা প্ৰায় ২৪২৬ জন আৰু তিব্বতৰ গিয়ৰং কাউন্টিত ৫৫৪ জন। সন্ধানহীন হোৱা লোকৰ ভিতৰত কমেও ৫৪০ জন বিদেশী আছে, ইয়াৰে বহুতেই কৈলাশ মানসৰোৱৰ যাত্ৰাত যোৱা ভাৰতীয় তীৰ্থযাত্ৰী।
Kỳ tích: Bé gái 6 tuổi sống sót thần kỳ sau 3 ngày bị vùi dưới đống đổ nát trong thảm họa lũ lụt ở Nepal
Trong lúc tìm kiếm những người mất tích tại Timure, một đội thuộc Lực lượng Cảnh sát Vũ trang Nepal đã nghe thấy tiếng khóc phát ra từ bên dưới… pic.twitter.com/7WD2VWp48c
— Dr. Death (@VCong17833) August 30, 2026
বৰষুণ, ডাৱৰ আৰু নেপাল-তিব্বত সীমান্তৰ সমীপত বানৰ ফলত গঠিত হ্ৰদ এটা উফন্দি উঠাৰ আশংকাৰ বাবে উদ্ধাৰ অভিযানত সাময়িকভাৱে বাধাৰ সৃষ্টি হৈছিল। বতৰ উন্নত হোৱাৰ লগে লগে শনিবাৰে পুনৰ আৰম্ভ হয় বৃহৎ পৰিসৰৰ সন্ধান অভিযান। ধ্বংসাৱশেষৰ পৰা শিশুটিক জীৱন্তে উদ্ধাৰ ভয়ানক দুৰ্যোগৰ মাজত আত্মীয়হাৰা পৰিয়ালসমূহৰ বাবে এক বিৰল আশাৰ বাৰ্তা হৈ পৰিছে।


