NORTHEAST NOW (Assamese)

নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত উন্মোচন ‘প্ৰসংগ সংগীত’

September 19, 2018 11:35 am · মিণ্টু দাস

নগাঁৱৰ ন্যায়িক আদালতৰ প্ৰেক্ষাগৃহত জিলা আইন সেৱা প্ৰাধিকাৰীয়ে মঙলবাৰে এটি ‘প্ৰংসগ সংগীত’ৰ শুভ উন্মোচনী কৰে। উক্ত উন্মোচনী সভাত জিলা ও সত্র ন্যায়াধীশ ৰীতা ক’ৰে বন্তি প্ৰজ্বলন কৰাৰ পাছতে ‘প্ৰসংগ সংগীত’টিৰ  উন্মোচন কৰা হয়।

উক্ত উন্মোচনী সভাৰ আদৰণী ভাষণত জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিৱ প্ৰণিতা মৰাঙে কয় যে সংগীতে সকলোৰে মনত সহজতে সাঁচ বহুৱায়। সংগীতৰ মাধ্যমেৰে কৰা প্ৰচাৰ সদায়ে ফলপ্ৰসু হয় আৰু জনজাগৰণ সৃষ্টিৰ সংগীতেই হৈছে উত্তম মাধ্যম।

নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী উপস্থিত থকা অনুষ্ঠানটোত প্ৰণিতা মৰাঙে লগতে কয় যে এই কথাৰ লগত সংগতি ৰাখিয়েই জিলা আইন সেৱা প্ৰাধিকাৰীয়ে ‘প্ৰসংগ সংগীত’টিৰ জৰিয়তে প্ৰচাৰ কাৰ্য আৰু সচেতনতা অব্যাহত ৰাখিব।

কালি উন্মোচিত হোৱা সংগীতটোৰ কথা নগাঁৱৰ অধিবক্তা শ্বাহনাজ চুলতানাৰ। দিব্যাৰানী হাজৰিকা, কিৰণ দাসে সুৰ দিয়া প্ৰসংগ সংগীতটি পৰিৱেশন কৰে দন্দধৰ হাজৰিকা, শ্বাহনাজ চুলতানা, ৰূপালী গোস্বামী, চয়নিকা দেৱী, দিব্যাৰানী হাজৰিকা, দিব্যপ্ৰসাদ বৰা, অভিজিৎ ৰঞ্জন হাজৰিকা আদিয়ে।

প্ৰসংগ সংগীত টিৰ জৰিয়তে জিলা আইন প্ৰাধিকাৰীয়ে ‘ন্যায় সকলোৰে বাবে’ সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰে।

Related News