• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিও সমাধান হোৱা নাই স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ সমস্যা : প্ৰফুল্ল কুমাৰ মহন্ত

বঢ়মপুৰত ৭৬ তম চহিদ দিৱসত চাৰি চহিদক স্মৰণ

মিণ্টু দাস by মিণ্টু দাস
September 19, 2018 10:20 am
c65c4828-539d-46fe-ac06-85989ce13b62
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ বঢ়মপুৰত মঙলবাৰে ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বঢ়মপুৰৰ চাৰিগৰাকী চহিদ ক্ৰমে বলো সূত, ঠগী সূত, লক্ষী হাজৰিকা আৰু ভোগেশ্বৰী ফুকননীৰ পুণ্য স্মৃতিত ৭৬ তম চহিদ দিৱস উদযাপন কৰা হয়।

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা চহিদ দিৱসৰ প্ৰাৰ্থনা আৰু দিহা নামত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী। এই কাৰ্যসূচীত উপস্থিত থাকি ৰাজবংশীয়ে কয় যে বঢ়মপুৰৰ ইতিহাসৰ বিষয়ে মই সৰু কালৰেপৰা শুনি আহিছো। সেই কাৰণে আজি বঢ়মপুৰৰ এই পুণ্য ভূমিত মই উপস্থিত হৈ পৰম সৌভাগ্য বুলি ভাবিছো।

Apply Now

পথৰুঘাটৰ স্বাধীনতা আন্দোলনৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই পথৰুঘাট মোৰ নিজা ঠাই হোৱা হেতুকে মই এই বিষয়ে বহু কথা জানো। কিন্তু বঢ়মপুৰৰ বহু ইতিহাস আছে বুলি উল্লেখ কৰি স্বাধীনতা আন্দোলনৰ বিষয়ে তত্বগধুৰ ভাষণ দিয়ে।

অনুষ্ঠানত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে বঢ়মপুৰৰ বহু গণ্য মান্য ব্যক্তি, স্থানীয় ৰাইজ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। ইয়াৰ পিছতে দুপৰীয়া ১২’৩০ বজাৰ পৰা অনুষ্ঠিত হয় ভাৰতৰ স্বাধীনতা আন্দোলনৰ চহিদ আৰু নিৰ্যাতিতসকলৰ স্মৃতিচাৰণ সভা।

চহিদ ভৱন আৰু কেন্দ্ৰীয় পুথিভড়াল পৰিচালনা সমিতিৰ সভাপতি বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ড: জয়শ্ৰী গোস্বামী মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্বোধক হিচাপে উপস্থিত থাকি প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই কয়- ‘বঢ়মপুৰত প্ৰতি বছৰে পালন কৰি অহা চহিদ দিৱসে চহিদ সকলৰ স্মৃতি ৰোমন্থন কৰাত সহায় কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনত বৃটিছৰ গুলিত প্ৰাণ আহুতি দিয়া সেইসকল চহিদ নৱপ্ৰজন্মৰ কাৰণে আদৰ্শৰ প্ৰতীক’।

আনহাতে সভাত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে ভাৰতৰ স্বাধীনতা আন্দোলন ঐতিহাসিক সংগ্ৰাম হিচাপে পৰিগণিত হৈ আহিছে, আমি সকলোৱে স্বাধীনতা আন্দোলনৰ ভাৰতবৰ্ষৰ ইতিহাস সম্পৰ্কে জানিব লাগিব।

সভাত বিশিষ্ট সাংবাদিক তথা ‘আমাৰ অসম’ কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু উপস্থিত থাকি কয় যে ১৯৪২ চনৰ স্বাধীনতা আন্দোলন ভাৰতবৰ্ষত এককভাৱে হোৱা সৰ্ববৃহৎ গণ আন্দোলন আছিল। সেই সময়ৰ ইংৰাজ শাসক উইলচন চাৰ্চিলে এই গণ আন্দোলনক নস্যাৎ কৰিছিল বুলি উল্লেখ কৰি ৰাজগুৰুৱে আন্দোলনকাৰী আৰু চৰকাৰৰ মাজত সেইসময়ত মধ্যস্থতাকাৰী হিচাপে আছিল কংগ্ৰেছ সভাপতি মৌলিনা আব্দূল কালাম আজাদ। সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ স্বাধীনতা স্বপ্নৰ নেতৃত্ব দিয়া এইগৰাকী মহান ব্যক্তিক আমি পুনৰ মনত পেলোৱা উচিত বুলি উল্লেখ কৰে।

আনহাতে বৰ্তমান সময়ত অসমত সামাজিক নেতৃত্ব দিব পৰা লোকৰ অভাৱ হোৱা বুলি সাংবাদিক ৰাজগুৰুৱে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সভাত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে স্বাধীনতা আন্দোলনৰ বিষয়ে ভাষণ আগবঢ়োৱাৰ লগতে মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ছাইদুল্লা নংগ্ৰূম উপস্থিত থাকি অসমত আঞ্চলিক দলৰ প্ৰাসংগিকতা সম্পৰ্কে উল্লেখ কৰে।

অসম গণ পৰিষদ নগাঁও জিলা সমিতিৰ সম্পাদক নিৰঞ্জন বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত চহিদ দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা চহিদ পৰিয়ালৰ সদস্যসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে বঢ়মপুৰ সমষ্টিৰ সামাজিক ক্ষেত্ৰখনত ওৰেটো জীৱন উৎসৰ্গা কৰা ৭০ গৰাকী ৭৫ৰ উদ্ধৰ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

সভাত প্ৰাক্তন বিধায়ক মকুন্দৰাম চোধুৰী, অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি তপন দাস, সমাজকৰ্মী ধ্ৰুৱ শৰ্মা, মুক্তি যোদ্ধা যতীন হাজৰিকাৰ উপৰি চহিদ পৰিয়ালৰ কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd