• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ হোটেল বিলাস ইনৰ ভয়ংকৰ কাণ্ড : পাৰ্কিঙৰ কাজিয়াৰ পৰাই সূত্ৰপাত হৈছিল পাঁচজনৰ নৃশংস হত্যাকাণ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2026 3:02 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ এটা হোটেলত সংঘটিত পাঁচজন লোকৰ হত্যাকাণ্ডৰ ঘটনাক লৈ পোহৰলৈ আহিছে নতুন আৰু লোমহৰ্ষক তথ্য। বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ থকা প্ৰত্যক্ষদৰ্শী সত্যেন্দ্ৰ পাঠকৰ মুখত শুনা এই ঘটনাৰ বিৱৰণে এতিয়া সকলোকে স্তম্ভিত কৰি তুলিছে। বৰপেটাৰ ইচ্ছাপুৰ হাটীত উপস্থিত হৈ স্থানীয় বিধায়ক দীপক কুমাৰ দাসে সংবাদ মাধ্যমৰ সমূখত এই ভয়াবহ ঘটনাৰ আঁৰৰ আচল কাহিনী পোহৰলৈ আনে। বিধায়কগৰাকীয়ে জনোৱা মতে, এই গোটেই ঘটনাটোৰ সূত্ৰপাত হৈছিল কেৱল এটা সাধাৰণ গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰিহে।

ঘটনাৰ দিনা হোটেল বিলাস ইনৰ চৌহদত গাড়ী ৰখাক লৈ অভিযুক্ত ঘনকান্ত গগৈ আৰু দেৱৰ্ষি কাশ্যপৰ মাজত তৰ্কযুদ্ধৰ সৃষ্টি হৈছিল। হোটেলখনৰ নিৰ্দিষ্ট স্থানত দেৱৰ্ষিয়ে নিজৰ বাহনখন ৰখাৰ বাবে ঘনকান্তই তাত বাধা দিছিল আৰু বাহনখন আঁতৰাবলৈ নিৰ্দেশ দিছিল। ইয়াৰ বিপৰীতে দেৱৰ্ষিয়ে পৰামৰ্শ দিছিল যে ঘনকান্তৰ গাড়ীখন তেওঁৰ বাহনখনৰ পিছফালে ৰাখিব পাৰে। এই কথাত সন্মতি নিদি দুয়োৰে মাজত বাক-বিতণ্ডা তীব্ৰতৰ হৈ পৰে। তৰ্ক চলি থকা অৱস্থাতে দেৱৰ্ষিয়ে যেতিয়া হোটেলৰ ভিতৰলৈ সোমাই যোৱাৰ চেষ্টা চলাইছিল, ঠিক সেইমুহূৰ্ততে ঘনকান্তই তেওঁলৈ গুলীচালনা কৰে। পুত্ৰৰ এই অৱস্থা দেখি মাতৃ হেলেনা ভৰালীয়ে আগবাঢ়ি আহোঁতে তেৱোঁ আক্ৰমণৰ বলি হয়।

Apply Now

ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হোৱা ৰিণিকা কাশ্যপকো গুলীয়াই হত্যা কৰা হয়। ইফালে, এই ভয়ংকৰ পৰিস্থিতি দেখি প্ৰাণ বচাবলৈ দৌৰি পলোৱাৰ চেষ্টা কৰা ভূদেৱ ভৰালীকো পিছফালৰ পৰা আক্ৰমণ চলায় অভিযুক্তই। প্ৰাণৰ মমতাত পলাই ফুৰা সত্যেন্দ্ৰ পাঠকে কোনোমতে হোটেলৰ কম্পিউটাৰ কক্ষত আশ্ৰয় লৈছিল যদিও তাতো আক্ৰমণৰ হাত সাৰি যাব পৰা নাছিল। অৱশ্যে আন এজন নিহত ব্যক্তি নাৰায়ণ দাসৰ ক্ষেত্ৰত কেনেদৰে ঘটনা সংঘটিত হ’ল, সেই বিষয়ে সত্যেন্দ্ৰই কোনো স্পষ্ট তথ্য দিব পৰা নাই বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে।

উল্লেখ্য যে বিগত সোমবাৰে নিশা প্ৰায় ন বজাত সংঘটিত এই জঘন্য গুলীচালনা কাণ্ডৰ পিছতে আৰক্ষীয়ে তৎপৰতা প্ৰকাশ কৰি নিশা দহ বজাত অভিযুক্ত ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই নৃশংস আক্ৰমণত ভূদেৱ ভৰালী, হেলেনা ভৰালী, দেৱৰ্ষি কাশ্যপ, ৰিণিকা কাশ্যপ আৰু নাৰায়ণ দাসে প্ৰাণ হেৰুৱাবলগীয়া হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা সত্যেন্দ্ৰ পাঠকে দিয়া এই সাক্ষ্যই সমগ্ৰ ঘটনাটোৰ এক নতুন দিশ উন্মোচন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অবৈধ সুৰাৰ ব্যৱসায়ৰ নতুন কৌশল : পানীৰ সলনি দমকলৰ পৰা ওলাল দেশীয় সুৰা! ‎

অবৈধ সুৰাৰ ব্যৱসায়ৰ নতুন কৌশল : পানীৰ সলনি দমকলৰ পৰা ওলাল দেশীয় সুৰা! ‎

November 23, 2026 9:03 pm
গাড়ী চলাওঁতেও হেলমেট! কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছত পথ সুৰক্ষাৰ বাৰ্তা দিলে পাঠশালাৰ দীপাংকৰে

গাড়ী চলাওঁতেও হেলমেট! কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছত পথ সুৰক্ষাৰ বাৰ্তা দিলে পাঠশালাৰ দীপাংকৰে

November 23, 2026 7:25 pm
সাৱধান! কিনি খাই নেকি বটলৰ পানী?

সাৱধান! কিনি খাই নেকি বটলৰ পানী?

November 23, 2026 6:25 pm
অক্টোবৰৰ তুলনাত ভাৰতত প্ৰায় ১৩% কমিল সোণৰ দাম! ১৪ মাহৰ সৰ্বনিম্ন স্তৰৰ পাছতো আঁতৰা নাই পতনৰ শংকা

অক্টোবৰৰ তুলনাত ভাৰতত প্ৰায় ১৩% কমিল সোণৰ দাম! ১৪ মাহৰ সৰ্বনিম্ন স্তৰৰ পাছতো আঁতৰা নাই পতনৰ শংকা

November 23, 2026 6:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অবৈধ সুৰাৰ ব্যৱসায়ৰ নতুন কৌশল : পানীৰ সলনি দমকলৰ পৰা ওলাল দেশীয় সুৰা! ‎

অবৈধ সুৰাৰ ব্যৱসায়ৰ নতুন কৌশল : পানীৰ সলনি দমকলৰ পৰা ওলাল দেশীয় সুৰা! ‎

November 23, 2026 9:03 pm
গাড়ী চলাওঁতেও হেলমেট! কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছত পথ সুৰক্ষাৰ বাৰ্তা দিলে পাঠশালাৰ দীপাংকৰে

গাড়ী চলাওঁতেও হেলমেট! কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছত পথ সুৰক্ষাৰ বাৰ্তা দিলে পাঠশালাৰ দীপাংকৰে

November 23, 2026 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd