• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউক্ৰেইনৰ সাহায্য বিতৰণ কেন্দ্ৰত ৰাছিয়াৰ আক্ৰমণত ২৬ জনৰ মৃত্যু! যুদ্ধবিৰতি উকলাৰ পিছতে এয়াৰ ষ্ট্ৰাইক

সোমবাৰৰ এই আক্ৰমণ সংঘটিত হয় দক্ষিণ-পূব ইউক্ৰেইনৰ জাপোৰিজ্জিয়া অঞ্চলৰ কমিছুভাখা গাঁৱত। ইউক্ৰেইনৰ জৰুৰীকালীন সেৱাৰ তথ্য অনুসৰি নিহতসকলৰ ভিতৰত দুজন উদ্ধাৰকাৰী আৰু চাৰিজন আৰক্ষী বিষয়াও আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2026 1:22 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ নতুন এক ভয়ানক ৰূপ পোহৰলৈ আহিছে। ইউক্ৰেইনৰ এখন বিদ্যালয়ত ৰাছিয়াৰ আক্ৰমণত কমেও ২৬ জন লোকৰ মৃত্যু হোৱা বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

জানিব পৰা মতে, বিদ্যালয়খন যুদ্ধবিধ্বস্ত অঞ্চলৰ লোকসকলক মানৱীয় সাহায্য আৰু সাহায্য সামগ্ৰী বিতৰণ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। আনহাতে ৰাছিয়াই যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাৰ পিছত ইউক্ৰেইনৰ ফালৰ পৰা অহা শ শ ড্ৰ’ন ধ্বংস কৰাৰ দাবী কৰিছে। এই একেৰাহে ঘটা ঘটনাই দুয়োখন দেশৰ মাজত সংঘাতৰ তীব্ৰতা আৰু সাধাৰণ মানুহৰ সুৰক্ষাক লৈ নতুন উদ্বেগৰ সৃষ্টি কৰিছে।

সোমবাৰৰ এই আক্ৰমণ সংঘটিত হয় দক্ষিণ-পূব ইউক্ৰেইনৰ জাপোৰিজ্জিয়া অঞ্চলৰ কমিছুভাখা গাঁৱত। ইউক্ৰেইনৰ জৰুৰীকালীন সেৱাৰ তথ্য অনুসৰি নিহতসকলৰ ভিতৰত দুজন উদ্ধাৰকাৰী আৰু চাৰিজন আৰক্ষী বিষয়াও আছে। আহত ৫জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ধ্বংসাৱশেষৰ তলত আৰু অধিক লোক আবদ্ধ হৈ পৰিব পাৰে বুলি আশংকা কৰা হৈছে।

Apply Now

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে কয় যে ৰাছিয়াৰ বাহিনীয়ে প্ৰথমে বিদ্যালয় ভৱনটোত আঘাত হানে। পিছত ওচৰৰ এটা আশ্ৰয় শিবিৰতো আক্ৰমণ কৰা হয়। তেওঁ কয় যে এই আক্ৰমণে প্ৰমাণ কৰিলে যে মস্কোৱে সংঘাত হ্ৰাস কৰাৰ পথত খোজ দিবলৈ আগ্ৰহী নহয়। অৱশ্যে ৰাছিয়াৰ পৰা এই আক্ৰমণ সন্দৰ্ভত কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।

ইউক্ৰেইনৰ সামৰিক বিষয়া মাইখাইলো চেমিকিনে কয় যে উদ্ধাৰ অভিযানৰ সময়ত উদ্ধাৰকাৰী দলটোৱে নতুন ড্ৰ’ন আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছিল। ফলত আক্ৰমণৰ পিছত ধ্বংসাৱশেষ আঁতৰাই সন্ধানহীনসকলক বিচাৰি উলিওৱাটো অধিক কঠিন হৈ পৰিল।

দক্ষিণ ইউক্ৰেইনৰ খেৰচন অঞ্চলত সীমিত যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাৰ লগে লগে এই আক্ৰমণ সংঘটিত হৈছে। ২৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই বিৰতিৰ উদ্দেশ্য আছিল ৰাছিয়াৰ নিয়ন্ত্ৰিত অঞ্চলসমূহলৈ মানৱীয় সাহায্য প্ৰদান কৰা আৰু সাধাৰণ নাগৰিকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ সুযোগ সৃষ্টি কৰা। যুদ্ধবিৰতি শেষ হোৱাৰ পিছত পুনৰ দুয়োখন দেশৰ মাজত ড্ৰ’ন আৰু সামৰিক কাৰ্যকলাপ বৃদ্ধি পায়।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই নিশাটোৰ ভিতৰতে ২১২খন ইউক্ৰেইনৰ ড্ৰ’ন ধ্বংস কৰে। এই সংখ্যা ৰাছিয়াৰ সামৰিক কৰ্তৃপক্ষই দিয়া অনুমান; নিক্ষেপ কৰা প্ৰতিটো ড্ৰোনৰ বিষয়ে তথ্য স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা হোৱা নাই। আনহাতে, ইউক্ৰেইনে অভিযোগ কৰে যে ৰাছিয়াই যুদ্ধবিৰতিৰ সময়ছোৱা ব্যৱহাৰ কৰি নিজৰ ড্ৰ’ন প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে গোলাবাৰুদৰ মজুত বৃদ্ধি কৰিছে।

যুদ্ধৰ প্ৰভাৱ ৰাছিয়াৰ শক্তি আন্তঃগাঁথনিতো অনুভৱ কৰা হৈছে। ৰাছিয়াৰ ইয়াৰোস্লাভল চহৰৰ স্লাভনেফ্ট-য়ানোছ তেল শোধনাগাৰত ড্ৰ’ন আক্ৰমণৰ পিছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ ওলাইছে। সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু অপেন চোৰ্চ চোৰাংচোৱা বিশ্লেষণৰ ভিত্তিত আক্ৰমণৰ স্থান চিনাক্ত কৰা হৈছে।

ৰাছিয়াৰ অন্যতম বৃহৎ তেল শোধনাগাৰত গেছলিন, ডিজেল, জেট ইন্ধন আৰু অন্যান্য পেট্ৰলিয়াম সামগ্ৰী উৎপাদন কৰা হয়। ইয়াৰ বাৰ্ষিক তেল শোধন ক্ষমতা প্ৰায় ডেৰ কোটি টন বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে। কিন্তু শেহতীয়া আক্ৰমণৰ ফলত কিমান ক্ষতি হৈছে, বা উৎপাদন বন্ধ কৰা হৈছে নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ৰাছিয়াৰ কৰ্তৃপক্ষই এতিয়াও ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ বিৱৰণ দিয়া নাই।

আনহাতে, ৰাছিয়াই দেশখনৰ ডিজিটেল আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ২ নৱেম্বৰত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এক নিৰ্দেশনাত স্বাক্ষৰ কৰিছিল, য’ত ৰাছিয়াৰ ব্যক্তিগত ডাটা চেণ্টাৰসমূহক তেওঁলোকৰ মুঠ আন্তঃগাঁথনি ক্ষমতাৰ ১০ শতাংশ সংৰক্ষণ কৰিবলৈ কোৱা হৈছে।

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি চৰকাৰে জৰুৰীকালীন অৱস্থাত দেশৰ আই টি সেৱা সুচল কৰি ৰাখিবলৈ এই সংৰক্ষিত কম্পিউটিং ক্ষমতা প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পাৰিব। চৰকাৰী আয়োগৰ নিৰ্দেশ পোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত সংশ্লিষ্ট ডাটা চেণ্টাৰসমূহক সেই আন্তঃগাঁথনিৰ সুবিধা প্ৰদান কৰিব লাগিব। বিদেশত অৱস্থিত ডাটা চেণ্টাৰৰ ক্ষমতাও বিশেষ অনুমোদনৰ অধীনত সাময়িকভাৱে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে।

শেহতীয়াকৈ ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণত ইয়াণ্ডেক্স আৰু স্বাৰবেংকৰ দৰে ৰাছিয়াৰ কোম্পানীসমূহৰ ডাটা চেণ্টাৰৰ ক্ষতি হোৱাৰ খবৰ আহিছে। সেই প্ৰেক্ষাপটত পুটিনৰ এই নিৰ্দেশক ৰাছিয়াৰ ডিজিটেল আন্তঃগাঁথনিৰ ধাৰাবাহিকতা বজাই ৰখাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেখা গৈছে।

ইফালে ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণত ইউক্ৰেইনৰ অন্যান্য অঞ্চলত হতাহতৰ বাতৰি পোৱা গৈছে। জাপ’ৰিজিয়াৰ উপৰিও ইউক্ৰেইনৰ খাৰ্কিভ আৰু অডেছা অঞ্চলতো হতাহতৰ বাতৰি পোৱা গৈছে। খাৰকিভত আহত হৈছে ১২ জন লোক। এটা শীতল ভঁৰাল, সেউজগৃহ আৰু কেইবাটাও আৱাসিক অট্টালিকা ক্ষতিগ্ৰস্ত হয়। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ওডেছাৰ এটা গুদাম আৰু কেইবাটাও ঘৰত আক্ৰমণত আৰু পাঁচজন লোক আহত হৈছে।

মুঠতে যুদ্ধৰ পৰিসৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এফালে ইউক্ৰেইনৰ সাধাৰণ নাগৰিকৰ ওপৰত মাৰাত্মক আক্ৰমণ, আনফালে ৰাছিয়াৰ শক্তি আৰু ডিজিটেল আন্তঃগাঁথনিৰ ওপৰত কাউণ্টাৰ ড্ৰ’ন আক্ৰমণ। সীমিত যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাৰ পিছত পৰিস্থিতি অধিক জটিল হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনৰ সাহায্য বিতৰণ কেন্দ্ৰত ৰাছিয়াৰ আক্ৰমণত ২৬ জনৰ মৃত্যু! যুদ্ধবিৰতি উকলাৰ পিছতে এয়াৰ ষ্ট্ৰাইক

ইউক্ৰেইনৰ সাহায্য বিতৰণ কেন্দ্ৰত ৰাছিয়াৰ আক্ৰমণত ২৬ জনৰ মৃত্যু! যুদ্ধবিৰতি উকলাৰ পিছতে এয়াৰ ষ্ট্ৰাইক

November 3, 2026 1:22 pm
“কংগ্ৰেছৰ চিন্তা ভাৰতৰ ঐক্যৰ প্ৰতি ভাবুকি!” ৰাহুল গান্ধীৰ ‘পষ্টাৰ গাৰ্ল’ নেহা বৰাক লৈ বিজেপিৰ তীব্ৰ আক্ৰমণ

“কংগ্ৰেছৰ চিন্তা ভাৰতৰ ঐক্যৰ প্ৰতি ভাবুকি!” ৰাহুল গান্ধীৰ ‘পষ্টাৰ গাৰ্ল’ নেহা বৰাক লৈ বিজেপিৰ তীব্ৰ আক্ৰমণ

November 3, 2026 12:58 pm
বাবা ৰামদেৱৰ সংস্থা পতঞ্জলিৰ ঘিউতো ভেজাল! জব্দ ২০ লাখ টকাৰ সামগ্ৰী

বাবা ৰামদেৱৰ সংস্থা পতঞ্জলিৰ ঘিউতো ভেজাল! জব্দ ২০ লাখ টকাৰ সামগ্ৰী

November 3, 2026 12:08 pm
লাভজনক আইডিবিআই বিক্ৰীত বৃহৎ দুৰ্নীতি; সৰৱ বাজপেয়ীৰ কাৰ্যকালৰ বিত্ত সচিব, ৰাষ্ট্ৰপতিলৈ পত্ৰ

লাভজনক আইডিবিআই বিক্ৰীত বৃহৎ দুৰ্নীতি; সৰৱ বাজপেয়ীৰ কাৰ্যকালৰ বিত্ত সচিব, ৰাষ্ট্ৰপতিলৈ পত্ৰ

November 3, 2026 10:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনৰ সাহায্য বিতৰণ কেন্দ্ৰত ৰাছিয়াৰ আক্ৰমণত ২৬ জনৰ মৃত্যু! যুদ্ধবিৰতি উকলাৰ পিছতে এয়াৰ ষ্ট্ৰাইক

ইউক্ৰেইনৰ সাহায্য বিতৰণ কেন্দ্ৰত ৰাছিয়াৰ আক্ৰমণত ২৬ জনৰ মৃত্যু! যুদ্ধবিৰতি উকলাৰ পিছতে এয়াৰ ষ্ট্ৰাইক

November 3, 2026 1:22 pm
“কংগ্ৰেছৰ চিন্তা ভাৰতৰ ঐক্যৰ প্ৰতি ভাবুকি!” ৰাহুল গান্ধীৰ ‘পষ্টাৰ গাৰ্ল’ নেহা বৰাক লৈ বিজেপিৰ তীব্ৰ আক্ৰমণ

“কংগ্ৰেছৰ চিন্তা ভাৰতৰ ঐক্যৰ প্ৰতি ভাবুকি!” ৰাহুল গান্ধীৰ ‘পষ্টাৰ গাৰ্ল’ নেহা বৰাক লৈ বিজেপিৰ তীব্ৰ আক্ৰমণ

November 3, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd