সৰ্বভাৰতীয় ছাত্ৰ সন্থাৰ সভানেত্ৰী নেহা বৰাৰ এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰি বিজেপিয়ে কংগ্ৰেছ আৰু ছাত্ৰ নেত্ৰীগৰাকীক ‘হিন্দুবিৰোধী’ বুলি তীব্ৰ আক্ৰমণ কৰিছে। বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে বৰাক বিৰোধী দলপতি ৰাহুল গান্ধীৰ “পষ্টাৰ গাৰ্ল” আখ্যা দি তেওঁৰ মনত হিন্দুৰ প্ৰতি ঘৃণা থকা বুলি অভিযোগ কৰে। ভাইৰেল হোৱা ভিডিঅ’টোত বৰাই দাবী কৰিছিল যে হিন্দু আৰু উচ্চবৰ্ণৰ মহিলাসকল মন্দিৰৰ ভিতৰতো সুৰক্ষিত নহয়। ইয়াৰ উদাহৰণ হিচাপে তেওঁ উন্নাও আৰু কঠুৱাৰ মন্দিৰত পুৰোহিতৰ দ্বাৰা সংঘটিত ধৰ্ষণৰ ঘটনাৰ প্ৰসংগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ মুখপাত্ৰ ভাণ্ডাৰীয়ে কয় যে বৰাৰ মন্তব্য “ৰাহুল গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত” আৰু কংগ্ৰেছ দলে হিন্দুসকলক ঘৃণা কৰে। তেওঁ লগতে কয়, “কংগ্ৰেছৰ চিন্তা ভাৰতৰ ঐক্যৰ প্ৰতি ভাবুকি!”
ইফালে, সোমবাৰে হাৰিয়ানা কংগ্ৰেছে কয় যে দিল্লীত অনুষ্ঠিত ইণ্ডিয়া মিত্ৰজোঁটৰ শেহতীয়া সমাৱেশৰ “অভূতপূৰ্ব সফলতা”ৰ পাছত এতিয়া ‘ভোট বচাও-দেশ বচাও’ অভিযান ৰাজ্যখনৰ প্ৰতিখন গাঁও আৰু প্ৰতিটো বুথলৈ লৈ যোৱা হ’ব। হাৰিয়ানা কংগ্ৰেছৰ প্ৰভাৰী সঞ্জয় দত্ত আৰু ৰাজ্যিক গোটৰ মুৰব্বী ৰাও নৰেন্দ্ৰ সিঙে কয় যে দিল্লীৰ ৰামলীলা ময়দানত হোৱা বিশাল জনসমাগমে বিজেপিৰ অহংকাৰ, ক্ষমতাৰ অপব্যৱহাৰ আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ ওপৰত হোৱা ধাৰাবাহিক আক্ৰমণৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ প্ৰতিফলিত কৰিছে। তেওঁলোকে লগতে কয় যে দেশৰ জনসাধাৰণে নিজৰ ভোটাধিকাৰ, সংবিধান বা গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ সহ্য নকৰে বুলি এই সমাৱেশৰ জৰিয়তে স্পষ্ট বাৰ্তা দিছে।
দেওবাৰে ৰামলীলা ময়দানত অনুষ্ঠিত সমাৱেশত বিৰোধী মিত্ৰজোঁটে “ভোট চুৰি”ৰ অভিযোগ তুলি বিজেপিক ক্ষমতাচ্যুত কৰাৰ আহ্বান জনাইছিল। সমাৱেশত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে ভৱিষ্যতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদচ্যুত কৰি দেশদ্ৰোহৰ অপৰাধত কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও আইনৰ পৰা সাৰিব নোৱাৰিব বুলি বিৰোধী দলপতিগৰাকীয়ে মন্তব্য কৰিছিল। হাৰিয়ানা কংগ্ৰেছৰ প্ৰভাৰী সঞ্জয় দত্তই স্পষ্ট কৰি দিয়ে যে কংগ্ৰেছে এই সংগ্ৰাম কেৱল সমাৱেশ আৰু ৰাজহুৱা সভাৰ মাজতে আৱদ্ধ নাৰাখি জনসাধাৰণৰ অংশগ্ৰহণেৰে এক বিশাল গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিব।
বৰ্তমান এফালে নেহা বৰাৰ মন্তব্যক লৈ বিজেপিয়ে কংগ্ৰেছক হিন্দুবিৰোধী আখ্যা দি ৰাজনৈতিক আক্ৰমণ তীব্ৰতৰ কৰিছে, আনফালে কংগ্ৰেছে ইণ্ডিয়া মিত্ৰজোঁটৰ জৰিয়তে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ‘ভোট চুৰি’ৰ অভিযোগ তুলি তৃণমূল পৰ্যায়ত আন্দোলন গঢ়ি তোলাৰ প্ৰস্তুতি চলাইছে।





