গোৱালপাৰাত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত নিহত ৪ গৰাকী বনভোজ যাত্ৰী

Himanta Biswa's convoy kills two bikers in Assam's Biswanath

প্ৰতিনিধিত্বমূলক ফটো

গোৱালপাৰাৰ দুধনৈত সংঘটিত এটা ভয়াবহ দুৰ্ঘটনাত ৪ জন লোকৰ প্ৰাণহানি ঘটিছে। যোৱা কালি সন্ধিয়া প্ৰায় ৬-৪৫ বজাত দুধনৈৰ ওচৰৰ ধনুভাঙাত এই দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাৰ বিৱৰণি অনুসৰি, AS01-EC, 2371 নম্বৰৰ টাটা ৱেগন আৰ বাহনখনে এটা বনভোজৰ দলক লৈ গৈ থাকোঁতে বাহনখনে এখন আগত গৈ থকা ট্ৰাকক অতিক্ৰম কৰিবলৈ লওঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। ৱেগন আৰ বাহনখনৰ আগফালটো ট্ৰাকত খুন্দা খাই ভাঙি যায়।

উক্ত দুৰ্ঘটনাটোত ৪ গৰাকী যাত্ৰী থিতাতে নিহত হয়। নিহত সকলক কৰেন্দ্, ভূপেন্দ্ৰ ৰাভা, ফটিক ৰাভা আৰু সুনীতা ৰাভা বুলি চিনাক্ত কৰা হৈছে। আটাইকেইগৰাকী নিহতৰ গোৱালপাৰা জিলাৰ ঘৰ অসম মেঘালয়ৰ সমীপৱৰ্তী দামৰাৰ বাসিন্দা। তেওঁলোকে কামৰূপ জিলাৰ চানডুবিত বনভোজ খাই উভতি আহি আছিল।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচত গোৱালপাৰা আৰক্ষীয়ে নাগৰিক, বাহনৰ গৰাকীসকল আৰু চালকসকললৈ পথত গাড়ী চলোৱাৰ সময়ত প্ৰয়োজনীয় সাৱধানতা অবলম্বন কৰিবলৈ গোহাৰি জনায়।

গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জনাইছে যে বিগত ২০১৮ বৰ্ষত জিলাখনত ১২৮ গৰাকী ব্যক্তিয়ে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল। তেওঁ কয় যে বাইকৰ পাছত উঠাসকলে হেলমেট পৰিধান কৰা, বেছি বেগত গাড়ী নচলোৱা আদিয়ে দুৰ্ঘটনা যথেষ্ট কমাব পাৰে। লগতে তেওঁ  চালকসকলে যাতে সুৰাপান কৰি গাড়ী চলাব নোৱাৰে তাৰ প্ৰতি চকু ৰাখিবলৈ বনভোজলৈ যোৱা দলসমূহলৈ আৱেদন জনায় ।