NORTHEAST NOW (Assamese)

শদিয়াত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ; আন এখন ১২ চকীয়া ট্ৰাকৰ পলায়ন 

October 23, 2019 9:31 pm · মানস প্ৰতিম গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

তিনিচুকীয়া জিলাৰ শদিয়াৰ চূণপোৰাত মঙলবাৰে নিশা বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে।

গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত শদিয়া বনাঞ্চলিক বিষয়াৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে শদিয়াৰ চূণপোৰাত অভিযান চলাই বিক্ৰম বুঢ়াগোহাঁই নামৰ লোক এজনৰ বাৰিৰ পৰা চোৰাং কাঠভৰ্তি এ এছ ০১ জি চি-৯৬২৯ নম্বৰৰ ১২ চকীয়া ট্ৰাক এখন জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে বন বিভাগৰ দলটোৱে গাঁওখনত প্ৰৱেশ কৰাৰ কথা জানিব পাৰি কাঠ মাফিয়াই অন্য এখন চোৰাং কাঠভৰ্তি ১২ চকীয়া ট্ৰাক পলুৱাই নিয়ে।

পলায়ন কৰা ট্ৰাকখনৰ সন্ধানত বন বিভাগৰ দলে অভিযান অব্যাহত ৰাখিছে বুলি জানিব দিছে।

জানিব পৰা মতে অভিযানৰত ডুমডুমা বন প্ৰাধিকাৰী দিলীপ ডেকাৰ চকুৰ সন্মুখতে বৰহাপজানত নিশা কাঠভৰ্তি ট্ৰাক তিনিচুকীয়া অভিমুখে পলায়ন কৰে।

ইয়াৰ পাছতে বন প্ৰাধিকাৰী গৰাকীয়ে শদিয়া, ডুমডুমা, ছৈখোৱা, কাকপথাৰ, ডিগবৈ আদি অঞ্চলত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিবলৈ বনাঞ্চলিক বিষয়াসকলক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে সন্ধিয়া জিলাখনৰ ধলা, চূণপোৰা, তালাপ, ৰূপাই, হাহঁচৰা-বৰহাপজান, মাকুম, তিনিচুকীয়াৰ হিজুগুৰি আদি এলেকাৰ ধাবা, তেল ডিপো, ট্ৰাক পাৰ্কিঙত সন্দেহজনক অৱস্থাত কাঠভৰ্তি কেইবাখনো ট্ৰাক ৰখাই থোৱা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Related News