• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোণোৱালৰ দিনত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্য্য : দেবব্ৰত শইকীয়া

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 23, 2019 9:52 pm

2 min read

সোণোৱালৰ দিনত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্য্য : দেবব্ৰত শইকীয়া
327
VIEWS
Share on FacebookShare on Twitter

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ অহাৰ পিছত অসমত বিভিন্ন অপৰাধমূলক কাৰ্য্য পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই গুৰুতৰ অভিযোগ তুলিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

বুধবাৰে শইকীয়াই সম্বোধন কৰা সংবাদমেলত কালি প্ৰকাশ পোৱা ২০১৭ চনৰ ‘নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰে’ৰ প্ৰতিবেদনৰ তথ্য দাঙি ধৰে। শইকীয়াই সংবাদমেলত দাঙি ধৰা তথ্য অসম্পাদিত ৰূপত প্ৰকাশ কৰিছো।

  • মহিলাৰ বিৰুদ্ধে সংঘটিত চাইবাৰ অপৰাধৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত প্ৰথম স্থানত আছে আৰু নাৰীজনিত অপৰাধ তথা দলবদ্ধ বলাৎকাৰৰ ক্ষেত্ৰত অসম দ্বিতীয় স্থানত আছে। ২০১৭ বৰ্ষত অসমত ২৭ টা দলবদ্ধ বলাৎকাৰৰ ঘটনা সংঘটিত হৈছিল।
  • স্বামী অথবা স্বামীৰ পৰিয়ালে মহিলাৰ বিৰুদ্ধে কৰা অপৰাধৰ ক্ষেত্ৰত ৯৭৮২ টা ঘটনাৰে অসমৰ স্থান চতুৰ্থ। মুঠ ৫৫৫৪ ঘটনাৰে মহিলা অপহৰণৰ ক্ষেত্ৰতো অসমৰ স্থান চতুৰ্থ।
  • জোৰ-জুলুমকৈ বিয়া কৰাবলৈ মহিলা অপহৰণৰ ক্ষেত্ৰত ৩১৩৮ টা ঘটনাৰে অসমৰ স্থান তৃতীয়।
  • মহিলা সৰবৰাহৰ ক্ষেত্ৰত ১০৭ টা ঘটনাৰে অসমৰ স্থান দ্বিতীয়।

অৱশ্যে ২০১৭ চনৰ পৰৱৰ্তী কালৰ তথ্য প্ৰকাশ কৰা হোৱা নাই বুলি সদৰী কৰি শইকীয়াই কয় ‘বৰ্তমান অসমৰ আইন শৃংখলা পৰিস্থিতিলৈ চাই এইটো অনুমান কৰিব পাৰি যে ২০১৭ চনৰ ধাৰা এতিয়াও অব্যাহত আছে। যোৱা বছৰ কাৰ্বিআংলঙত অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ হত্যাকাণ্ডৰ পৰা যি ধাৰা আৰম্ভ হ’ল সেই ধাৰা বন্ধ হোৱাৰ কোনো লক্ষণ নাই।‘

তেওঁ এনে কিছু ঘটনাৰ উদাহৰণ দি কয় ‘ডিব্ৰুগড় জিলাৰ চাৰখলীয়া ৰামসিং চাপৰিত এদল উন্মত্ত লোকে গো-পালক পৰিয়ালক আক্ৰমণ কৰি এজনক হত্যা কৰিছিল। টীয়ক চাহ বাগিচাৰ ৭০ বছৰৰ ঊৰ্ধ্বৰ চিকিৎসকৰো দলবদ্ধ আক্ৰমণৰ ঘটনাত মৃত্যু হৈছিল। এই ঘটনাৰ তদন্ত ফাষ্ট ট্ৰেক আদালতত কৰা হ’ব বুলি সোণোৱালে কৈছিল যদিও বৰ্তমানো কোনোধৰণৰ ব্যৱস্থা হাতত লোৱা নাই।‘

সংবাদমেলত শইকীয়াৰ দাবী ‘মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহ বিভাগটো আৰু অধিক কঠোৰভাৱে পৰিচালনা কৰাটো বিচাৰো। যি চৰকাৰখনে বেটী বচাও বেটি পঢ়াওৰ কথা কয়, সেই সময়ত এনেধৰণৰ ঘটনা বৃদ্ধি হোৱাটোৱে এইটোৱেই সূচাইছে যে তেওঁলোকে অপৰাধীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰে দেশৰ আইন শৃংখলা ৰক্ষাত গুৰুত্ব দিব নিবিচাৰে।’

Recent News

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd