NORTHEAST NOW (Assamese)

ভাৰত-ভূটান সীমান্তৰ বিভিন্ন গাঁৱৰ দুখীয়া পৰিয়ালৰ মাজত আৰক্ষীৰ খাদ্য সামগ্ৰী বিতৰণ

March 30, 2020 6:31 pm · দীপক কুমাৰ পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

ভাৰতত চলি থকা ২১ দিনীয়া লকডাউনৰ ষষ্ঠ দিনটোত বাক্সা জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈ সহ চকীত কৰ্মৰত আৰক্ষীৰ লোক সকলৰ মহানুভৱতাই অঞ্চলটোৰ ৰাইজৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হয়।

লকডাউনৰ ফলত বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ কুমাৰীকাটা অঞ্চলৰ খাদ্য সংকটত ভোগা দিন হাজিৰা কৰা লোকসকলৰ ঘৰে ঘৰে গৈ আজি কুমাৰীকাটা আৰক্ষীয়ে চাউল, দাইল, আলু, বিস্কুট, মিঠাতেল, ফুলকবি, বন্ধাকবি আদি অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী বিতৰণ কৰে।

আৰক্ষীৰ দলটোৱে আঙাৰকাটা, ঢেকীয়াবস্তি, বিনোৱাপুৰ আদিকে  ধৰি কেইবাখনো গাঁৱৰ দুখীয়া ৰাইজৰ মাজত এই সমূহ খাদ্য সামগ্ৰী বিতৰণ কৰা বুলি জানিব পৰা যায়।

উল্লেখ্য যে এনে সংকটপূৰ্ণ মূহুৰ্তত অতিকৈ দুখীয়া পৰিয়ালৰ লোক সকলে আৰক্ষীৰ পৰা খাদ্য সামগ্ৰী লাভ কৰি যথেষ্ট আনন্দিত হৈ পৰাৰ লগতে আৰক্ষীৰ ধন্যবাদ জ্ঞাপন কৰে।

Related News