মাৰ্ঘেৰিটাত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰৰ মৃত্যু : ক্ষুব্ধ ৰাইজৰ ক্ষতি পূৰণ দাবী

Screenshot_20180928-132355

ৰাজ্যত বৰ্ত্তমানো বিদ্যুৎ বিভাগৰ পয়ালগা অৱস্থা বিদ্যমান। ইপিনে ৰাজ্যৰ বিদ্যুৎ বিভাগে বিদ্যুতৰ মাচুল বৃদ্ধিতে গুৰুত্ব দি অহাৰ বিপৰীতে আন্তঃগাঁথনি উন্নয়নৰ প্ৰতি পিঠি দি আহিছে। ইয়াৰ ফলতে সংঘটিত হৈ আহিছে বিভিন্ন দুৰ্ঘটনা।

শুকুৰবাৰে পুৱা বিদ্যুৎ পৰিষদৰ চূড়ান্ত গাফিলতিৰ বাবে মাৰ্ঘেৰিটাত এজন কিশোৰে কৰুণভাৱে মৃত্যুক সাৱটি ল’বলগীয়া হয়। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এই মৰ্মান্তিক ঘটনা সংঘটিত হয়। পুৱাতে বিদ্যুৎস্পৃষ্ট হৈ বিনোদ বড়ো নামৰ ১৫ বছৰীয়া কিশোৰ এজনে কৰুণ মৃত্যুক সাৱটি ল’লে।

মাকুম পথাৰস্থিত তিৰুপতি নামৰ প্লাইড উদ্যোগৰ পৰা কাষৰ কোৱাৰ্টাৰ লৈ অপৰিকল্পিতভাৱে যোৱা বিদ্যুত পৰিবাহী তাঁৰত লাগিয়ে এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। ইয়াৰ পাছতে বিদ্যুত বিভাগ আৰু উদ্যোগ কৰ্তৃপক্ষৰ এই গাফিলতিক লৈ ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ।

তেনেই দৰিদ্ৰ পৰিয়ালৰ কিশোৰটিৰ মৃত্যুত স্থানীয় ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত উপযুক্ত  ক্ষতিপূৰণৰ দাবী জনাইছে। যিটো সময়ত ৰাজ্যৰ বিদ্যুৎ বিভাগে বিদ্যুত মাচুল বৃদ্ধিৰ সিদ্ধান্তৰে সৰ্বসাধাৰণৰ মূৰত ৰাম টাঙোন মাৰিব বিচাৰিছে সেই সময়ত বিভাগটোৰ গাফিলতিত এটি নিৰীহ কিশোৰে মৃত্যুক সাৱটি ল’ব লগা হোৱাটো অত্যন্ত পৰিতাপৰ বিষয়।

ইপিনে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লোৱা বিনোদৰ বড়োৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে।