NORTHEAST NOW (Assamese)

গৃহহীন মহিলা! শৌচগাৰত বাস কৰিছে এগৰাকী অশীতিপৰ বৃদ্ধাই

April 12, 2024 9:24 pm ·

এগৰাকী মহিলাৰ প্ৰত্যাহ্বান জৰ্জৰিত জীৱন সংগ্ৰামে আকৰ্ষণ কৰিছে নেটিজেনৰ দৃষ্টি৷ ঘটনা অনুসৰি এটা গৃহৰ অভাৱত এগৰাকী বৃদ্ধাই শৌচগাৰত দিন কটাবলগীয়া হোৱাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰিছে৷ মুকলিত মলত্যাগ নিৰ্মূলৰ বাবে চৰকাৰী আঁচনিৰ অংশ হিচাপে নিৰ্মাণ কৰা এটা শৌচাগাৰ পশ্চিম বংগৰ পুৰুলিয়া জিলাত এইগৰাকী ৬৬ বছৰীয়া মহিলাৰ অস্থায়ী ঘৰলৈ ৰূপান্তৰিত হৈছে। যোৱা বছৰ বৰষুণৰ ফলত গৃহ হেৰুৱাই পেলোৱাৰ পাছত সংকীৰ্ণ শৌচগাৰৰ ভিতৰতে বাস কৰি আহিছে মিথিলা মাহাতো নামৰ মহিলাগৰাকী।

মাহাতো পুৰুলীয়া জিলাৰ সুন্দৰাদী গাঁৱৰ বাসিন্দা। বহু বছৰ আগতে স্বামীক হেৰুৱাই আৰু সন্তানকেইগৰাকীয়ে আন ঠাইত বসতি স্থাপন কৰে৷যাৰ পাছত মিথিলা অকলে এটা সামান্য কেচাঁ ঘৰত বাস কৰিছিল। কিন্তু যোৱা বছৰ প্ৰচণ্ড বৰষুণে তেওঁৰ বাসগৃহটো ধ্বংস কৰি পেলোৱাৰ ফলত মহিলাগৰাকী গৃহহীন হৈ পৰে।

মহিলাগৰাকীয়ে স্থানীয় কৰ্তৃপক্ষৰ পৰা সহায় ল’বলৈ চেষ্টা কৰে যদিও মাথোঁ অস্থায়ী প্লাষ্টিকৰ চালিহে লাভ কৰে। কোনো কাৰ্যকৰী বিকল্পৰ সন্মুখীন নোহোৱাত চৰকাৰে প্ৰদান কৰা শৌচাগাৰত আশ্ৰয় ল’বলৈ আৰম্ভ কৰে৷

মহিলাগৰাকীৰ মতে, শৌচগাৰৰ পৰিসীমাৰ ভিতৰত বহি থকাটো কঠিন, শুই থকাটো আৰু বেছি কষ্টদায়ক। আৰু তথাপিও বৃদ্ধাগৰাকীয়ে এবছৰতকৈও অধিক সময় ধৰি এই পৰিস্থিতি সহ্য কৰি আহিছে। মিথিলা মাহাতোৱে দাবী কৰে যে তেওঁ বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো প্ৰশাসনে সহায় আগবঢ়োৱা নাছিল।বৰ্তমান মাহাতোৰ দুৰ্দশাই দৃষ্টি আকৰ্ষণ কৰাৰ লগে লগে স্থানীয় বিষয়াসকলে গৃহ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডে টিভিয়ে পুৰুলীয়াৰ জিলা দণ্ডাধীশ আৰু স্থানীয় খণ্ড উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰে যদিও দুয়োজনে এই সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰে।ইফালে, জিলা প্ৰশাসনৰ এক সূত্ৰই জনোৱা মতে, প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত উপলব্ধ সুবিধাসমূহ লাভ কৰিবলৈ মিথিলা মাহাতোৱে আবেদন কৰা নাছিল।

Related News