মৰ্মান্তিক! কুকুৰৰ আক্ৰমণত মৃত্যু পাঁচমহীয়া শিশুৰ

কুকুৰৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে এটি পাঁচমহীয়া শিশুৰ। তেলেংগানাৰ বিকাৰবাদ জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।

জানিব পৰা মতে, ঘটনাৰ সময়ত কৰ্মস্থলীলৈ গৈছিল শিশুটিৰ পিতৃ-মাতৃ। শিশুটি ঘৰত শুই আছিল। তেনে সময়তে ঘৰৰ চৌহদত প্ৰৱেশ কৰি কুকুৰটোৱে অকলশৰীয়া শিশুটিক আক্ৰমণ কৰে। কুকুৰৰ আক্ৰমণৰ ফলত শিশুটিৰ মৃত্যু হয়।

স্থানীয় একাংশ লোকে কুকুৰটোৰ গৰাকী হিচাপে এজন ব্যক্তিক চিনাক্ত কৰিছে যদিও উক্ত ব্যক্তিজনে কুকুৰটোৰ গৰাকী তেওঁ নহয় বুলি দাবী কৰিছে।

উল্লেখ্য যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২২ চনৰ পৰা ২০২৩ চনলৈ কুকুৰে কামোৰাৰ ঘটনা ২৬.৫ শতাংশলৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে শেহতীয়াকৈ কেইবাটাও এনেকুৱা ঘটনা সংঘটিত হৈছে। যোৱা মাহত পথৰ কুকুৰৰ আক্ৰমণত দুটা শিশুৱে প্ৰাণ হেৰুৱাইছিল।

যোৱা ১৪ এপ্ৰিলত হায়দৰাবাদৰ এটা নিৰ্মাণাধীন এপাৰ্টমেণ্ট বিল্ডিঙৰ ওচৰত খেলি থকাৰ সময়তে এটি ডেৰ বছৰীয়া শিশুৰ কুকুৰে মাৰাত্মকভাৱে আক্ৰমণ কৰে।

একেদৰে ১৩ এপ্ৰিলতো উত্তৰ প্ৰদেশৰ দেওৰিয়াত পথৰ কুকুৰৰ আক্ৰমণত এটি চাৰি বছৰীয়া কন্যা শিশুৰ মৃত্যু হয়।

শেহতীয়া কুকুৰৰ পোহনীয়া আৰু অঘৰী কুকুৰৰ আক্ৰমণৰ বৃদ্ধিক লৈ সৰৱ হৈ পৰিছে বিভিন্ন নাগৰিক সংস্থা। অঘৰী কুকুৰক ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পোহনীয়া কুকুৰকো বান্ধি ৰাখিবলৈ পৰামৰ্শ দিছে সংস্থা সমূহে।