DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

গোদাবৰী নৈৰে পাৰৰে পৰা, অসমী আইলৈ যাচোঁ প্ৰণাম: বিদায় কোকিলকন্ঠী…

লোচন কৌশিক by লোচন কৌশিক
February 6, 2022 2:19 pm
গোদাবৰী নৈৰে পাৰৰে পৰা, অসমী আইলৈ যাচোঁ প্ৰণাম: বিদায় কোকিলকন্ঠী…
206
VIEWS
Share on FacebookShare on Twitter

কোকিলকণ্ঠী আৰু নাই! যি কণ্ঠৰ গুণমূগ্ধ সমগ্ৰ বিশ্ব, সেই কণ্ঠৰ গৰাকীয়ে চিৰ বিশ্ৰাম ললে এই ধৰাৰ পৰা। কৰোণাত আক্ৰান্ত হৈ যোৱা দুটা বছৰত প্ৰাণ হেৰুৱাইছে দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।

নিজৰ সুমধুৰ কণ্ঠেৰে কোটি কোটি জনতাৰ হৃদয় জয় কৰা লতাজীয়েও পৰাজয় স্বীকাৰ কৰিব লগা হল কৰোনাৰ আগত। কৰোনাই লতা মংগেশকাৰৰো প্ৰাণ নিলে। লতাজীৰ মৃত্যুত সমগ্ৰ দেশতে বিৰাজ কৰিছে এক শোকাকুল পৰিবেশে। এসময়ত লতাজীৰ কণ্ঠই ৰাজত্ব কৰিছিল কৰিছিল সমগ্ৰ বলীউড।

লতাজীৰ কণ্ঠই নিগৰাই গৈছিল এটাৰ পিছত এটা হিট গান। সংগীত নিৰ্মাতাসকলে নিজৰ গানবোৰ লতাজীৰ কণ্ঠত গোৱাবলৈ হেতা ওপৰা লগাব লগীয়া হৈছিল। আনকি সেই সময়ৰ জনপ্ৰিয় অভিনেত্ৰীসকলে চিনেমাত লতাজীয়ে গান গালেহে অভিনয় কৰাৰ চুক্তি কৰিছিল। যাৰ ফলত নিৰ্দেশকসকলেও শাৰী পাতিব লগীয়া হৈছিল লতাজীৰ আগত।

১৯৭৩ ত ‘পৰিচয়’ চিনেমাত কণ্ঠদান কৰা ‘বীতি না বীতাই ৰেনা’ গানৰ বাবে কোকিলকণ্ঠী গায়িকাগৰাকীয়ে প্ৰথমবাৰৰ বাবে NATIONAL FILM AWARD লাভ কৰিছিল। গানটোক এতিয়াও বলীউডৰ শ্ৰেষ্ঠ গানবোৰৰ মাজত ৰখা হয়। তাৰ পিছত ১৯৭৫ আৰু ১৯৯১ চনতো লতা মংগেশকাৰক NATIONAL FILM AWARD ত শ্ৰেষ্ঠ গায়িকাৰ সন্মান প্ৰদান কৰা হৈছিল।

৪০ ৰ দশকৰ পৰা চিনেমাত গান গাবলৈ আৰম্ভ কৰা লতাজীয়ে পিছৰ দশকবোৰত হিন্দী, মাৰাঠী আৰু কোংকনীৰ বাহিৰেও প্ৰায় ৩০ ৰো অধিক ভাৰতীয় ভাষাৰ গানত কণ্ঠদান কৰিছে। তাৰ মাজত আছে অসমীয়া ভাষাও।অসমৰ পৰা প্ৰায় ২ হাজাৰ কিলোমিটাৰ দূৰত থকা মাৰাঠী জীয়ৰী লতাজীৰ বাবে কেনেকৈ আজন্ম চিনাকী হৈ পৰিছিল অসমৰ নাম?

অসমৰ সংগীত জগতৰ মহীৰূহ ড০ ভূপেন হাজৰিকাও আছিল লতাজীৰ দৰেই এগৰাকী জীৱন্ত কিম্বদন্তী। এক সুমধুৰ আত্মিক সম্পৰ্কৰে দুয়ো গৰাকীয়ে সংগীত জগতৰ বাবে কাম কৰিছিল। লতাজীৰ বাবে সুধাকণ্ঠ আছিল দাদা। এই আপোন সম্বন্ধৰেই ভূপেন দাক সম্বোধন কৰিছিল লতা মংগেশকাৰে।

সুধাকণ্ঠ ভূপেন হাজাৰিকাই লতাজীৰ কণ্ঠত বাণীবদ্ধ কৰোৱাইছিল অসমীয়া গান। ভূপেন হাজাৰিকাই ‘এৰা বাটৰ সুৰ’ চিনেমাত লতা মংগেশকাৰক প্ৰমূখ সংগীতশিল্পী হিচাপে চুক্তিবদ্ধ কৰি অসমীয়াক উপহাৰ দিছিল ‘জোনাকৰে ৰাতিৰ’ দৰে জনপ্ৰিয় গান। সকলোকে শোকস্তব্দ্ধ কৰি গুচি গল তেওঁ। শোকত ম্ৰিয়মান দেশবাসী। ‘গোদাবৰী নৈৰে পাৰৰে পৰা, অসমী আইলৈ যাচোঁ প্ৰণাম।

সেইখন দেশ মোৰ দূৰণিৰ দেশ, তথাপি চিনাকি শুৱনি নাম’। জীৱন্ত কিম্বদন্তীলৈ পৰিণত হোৱা কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ ওপজা ভূমিৰ পৰা ভাৰতৰ সূৰ্য উঠা দেশ অসমলৈ বহু দূৰ।

তথাপি অসমৰ সৈতে লতাজীৰ আছিল এটা বিশেষ টান। দূৰণিৰ দেশ হ’লেও অসম তেওঁৰ বাবে এটা আজন্ম সুৱদী-শুৱনি নাম। সেয়ে গোদাবৰী নৈৰ পাৰৰ পৰাই অসমলৈ তেওঁৰ অপূৰ্ব কণ্ঠেৰে জনাইছিল প্ৰণাম।

বহু কেইখন অসমীয়া চিনেমা আৰু এলবামৰ গীতত কণ্ঠদান কৰি অসমীয়া জাতিৰ সাংস্কৃতিক ভঁড়াল চহকী কৰা লতাজী অসমবাসীৰ বাবে সদায়ে স্মৰণীয় হৈ থাকিব।

Recent News

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd