• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱনাথ বৰ্মন: একাঁজলি শ্ৰদ্ধাঞ্জলি

দিব্যৰঞ্জন খাটনিয়াৰ by দিব্যৰঞ্জন খাটনিয়াৰ
December 17, 2022 1:07 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা শতিকাৰ সত্তৰৰ দশকটো আছিল অসম আৰু অসমীয়াৰ বাবে বৌদ্ধিক প্ৰাণস্পন্দনেৰে আন্দোলিত এক সময়। ষাঠিৰ দশক বা তাৰ আগতেই ভুমুকি মাৰিলেও অমলেন্দু গুহ, হীৰেন গোহাঁই, নীলমণি ফুকন, ভবেন বৰুৱা আৰু বহুজনে প্ৰতিষ্ঠা লাভ কৰিলে এইটো  দশকতে। এই সময়ছোৱাত প্ৰকাশিত “নতুন পৃথিৱী”, “সংলাপ”, “সংজ্ঞা” আদি উচ্চ স্তৰৰ আলোচনীত ডঃ শিৱনাথ বৰ্মনৰ লিখনী বা অনুবাদ কৰ্ম প্ৰায়েই প্ৰকাশিত হৈছিল। অৰ্থাৎ প্ৰগতিশীল আৰু উদাৰপন্থী দুয়ো শিবিৰৰ লগতে বৰ্মন ঘনিষ্ঠ আছিল।

এনে স্থিতিৰ হয়তো দুটা কাৰণ আছিল। বৰ্মন ছাৰৰ সান্নিধ্যলৈ অহাৰ সুযোগ লভা সকলে জানে যে বিনয়ী মানুহজনে নিজকে এজন জ্ঞানৰ প্ৰচাৰক হিচাপে চাবলৈ ভাল পাইছিল। বাহিৰৰ পৰা ওলোৱা (আৰু তেতিয়াৰ অসমত সহজলভ্য নোহোৱা) কিতাপ এখন পঢ়াৰ সুযোগ পালে ডঃ বৰ্মনে সেইখনৰ সাৰকথাখিনি অসমীয়া পাঠকৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত কৃপণালি নকৰিছিল।

উদাহৰণ স্বৰূপে, স্পিন’জা আদি পশ্চিমীয়া দাৰ্শনিকৰ বিষয়ে লিখোঁতে মৌলিকতাৰ প্ৰশ্নটো একাষৰীয়া কৰি থৈ উইল ডুৰাণ্টৰ লিখনীৰ ওপৰত পোনপটীয়াকৈ ভেঁজা দিছিল। দ্বিতীয়তে, আজি ধাৰণা হয় যে মাৰ্ক্সবাদে হয়তো মানুহজনৰ মন-মগজুৰ সকলো প্ৰয়োজন পূৰাব পৰা নাছিল, পল্লৱগ্ৰাহিতাৰ ক্ষীণ সূঁতি এটা ফল্গুধাৰাৰ ৰূপত মানুহজনৰ মনৰ গহন কোণত হয়তো সদায়েই বৈ ৰৈছিল।

Apply Now

দুটা দিশত ডঃ বৰ্মন তেখেতৰ সমসাময়িক অসমীয়া পণ্ডিত সকলতকৈ পৃথক আছিল-(১) আধুনিক পদাৰ্থ বিজ্ঞানৰ ওপৰত থকা তেখেতৰ দখল, আৰু (২) সংস্কৃত ভাষাৰ জ্ঞান। আইনষ্টাইন বিষয়ক গ্ৰন্থখন পঢ়ি উঠি অধ্যাপক দিলীপ কুমাৰ দত্তই মন্তব্য কৰিছিল যে আইনষ্টাইনৰ ওপৰত এনে সুলিখিত গ্ৰন্থ তেওঁ ইংৰাজী ভাষাতো পঢ়িবলৈ পোৱা নাই।

আনহাতে, একাধিক বৰেণ্য অসমীয়াৰ বিষয়ে তেখেতে সংস্কৃত ভাষাত প্ৰশংসাসূচক কবিতা ৰচনা কৰিছিল। ৰাধাকৃষ্ণণ, সুৰেন্দ্ৰনাথ দাসগুপ্ত আদিৰ ভাৰতীয় দৰ্শন সম্পৰ্কীয় কিতাপখিনি খৰচি মাৰি পঢ়াৰ প্ৰমাণ মানুহজনৰ ৰচনাৱলীত সিঁচৰতি হৈ আছে। ঊনবিংশ শতিকাৰ অসমৰ সমাজ আৰু ইতিহাসৰ বিষয়ে নানা তথ্যপাতি মানুহজনে ঘুকুটিয়াই উলিয়াইছিল, প্ৰয়োজন সাপেক্ষে কলিকতাৰ জাতীয় গ্ৰন্থাগাৰত দীঘলীয়াকৈ থাকি লৈ এনে তথ্যপাতি সংগ্ৰহ কৰিছিল আৰু ডাঙৰ ডাঙৰ বহীত সেইবোৰ টুকি আনিছিল। ইণ্টাৰনেট/লেপটপৰ আগৰ সেই দিনবোৰত এনে গৱেষণা কেনে কষ্টসাধ্য আছিল আজি কল্পনা কৰাও টান।

ব্ৰিটিছ আমোলত অসমীয়া ভাষাৰ বিৰুদ্ধে বাঙালী আমোলাৰ ষড়যন্ত্ৰৰ তত্ত্ব নস্যাৎ কৰিব পৰা তথ্যপাতি পোহৰলৈ অনাত শিৱনাথ বৰ্মনৰ (আৰু লগতে প্ৰসেনজিৎ চৌধুৰীৰ)অৱদান অবিস্মৰণীয়। শংকৰদেৱ -চৰ্চাৰ ক্ষেত্ৰত ডঃ বৰ্মনৰ অৰিহণা অনস্বীকাৰ্য্য। মানুহ শংকৰদেৱজন‌ প্ৰতিষ্ঠা কৰাত শিৱনাথ বৰ্মনৰ সাফল্য মহেশ্বৰ নেওগেও আওপকীয়া ভাবে হ’লেও স্বীকাৰ কৰি গৈছে।

বিশেষীকৰণৰ এই যুগত মানবীয় জ্ঞানৰ এনে বিচিত্ৰ দিশ সামৰি ল’ব পৰা প্ৰতিভা বিৰল। মৌলিক চিন্তা চৰ্চাৰ পৰিৱেশ এটা আজিও ৰাজ্যখনত গঢ় লৈ নুঠিল। তথাপিও যি কেইজন ক্ষণজন্মা ব্যক্তিৰ উদ্যোগত এনে চৰ্চাৰ ক্ষীণ সূঁতি এটি আমাৰ লেখক-পাঠক সমাজত বৈ আহিছে সেই সকলৰ মাজত শ্ৰদ্ধাৰ শিৱনাথ বৰ্মন ছাৰো অন্যতম। ছাৰৰ ওচৰলৈ যোৱাৰ সুযোগ যেতিয়াই পাইছিলো প্ৰতিবাৰেই দুটা হ’লেও নতুন কথা শিকি আহিছিলো। তেখেতৰ অভাৱ আমাৰ পাঠক সমাজে অনুভৱ কৰিব।

দিব্যৰঞ্জন খাটনিয়াৰ

দিব্যৰঞ্জন খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd