আইকন*
প্ৰাণ ঢালি গান গোৱা ডেকাজন
সকলোকে সহোদৰ বুলি ভবা ডেকাজন
হঠাৎ গুচি গ’ল।
যোৱা কথা আছিলেই।
তোমালোকে ভাবিছিলা
তেওঁ নাযায়।
বহু বছৰ পিছত
তোমালোকৰ বয়স ভাটী হলে
আৱেগ-শূন্যভাৱে তোমালোকে
তেওঁৰ কথা পাতিবা,
নিস্পৃহ আৱেগেৰে
তেওঁৰ দোষ-গুণৰ কথা কবা।
নতুনবোৰে তোমালোকৰ কথালৈ
কাণ নিদিয়ে।
তেওঁলোকৰ সমুখত নতুন আইকন।
তেওঁলোক তাত মগ্ন।
*আইকন: ইংৰাজী icon.





