অতীতৰ স্মৃতি বিচাৰি গোৱালপাৰাৰ সৈনিক স্কুল চৌহদত উপস্থিত হোৱা আদিল হুছেইনক উষ্ম আদৰণি

Adil Hussain 1

অতীতৰ স্মৃতি বিচাৰি গোৱালপাৰা সৈনিক স্কুলৰ চৌহদত আজি হঠাৎ উপস্থিত হয় আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তথা গোৱালপাৰাৰ সুযোগ্য সন্তান আদিল হুছেইন৷

১৯৭১ চনত আদিল হুছেইনক দেউতাকে গোৱালপাৰাৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িবলৈ পঠাইছিল।

ক,খ মান এৰি আদিল হুছেইনে নামভৰ্তি কৰিছিল গোৱালপাৰা সৈনিক স্কুল চৌহদত থকা বালমন্দিৰ পাব্লিক স্কুলত।

লগতে পঢ়ক: ‘কা’ আন্দোলনত নিহতৰ স্বতন্ত্র ন্যায়িক তদন্ত বিচাৰি আবেদন; শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ইতিমধ্যে সোণোৱালী জয়ন্তী বৰ্ষ গৰকা বালমন্দিৰ পাব্লিক স্কুলত উপস্থিত হৈ নষ্টালজিক হৈ পৰে প্ৰখ্যাত অভিনেতা গৰাকী৷

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়ত্ৰীৰ আগত বৰ্ণনা কৰে বালমন্দিৰ পাব্লিক স্কুলৰ এৰি অহা দিনৰ বহু কথা।

আদিল হুছেইনে প্ৰত্যেকটো শ্ৰেণীলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব পৰা বক্তব্য ৰাখে ৷

অভিনেতা গৰাকীয়ে শেষত সৈনিক স্কুলৰ সভাগৃহত আয়োজিত আন এক অনুষ্ঠানতো আংশ লয়।