• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কা’ আন্দোলনত নিহতৰ স্বতন্ত্র ন্যায়িক তদন্ত বিচাৰি আবেদন; শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2022 12:49 pm
1618254492_hc-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত পাঁচজনকৈ প্ৰতিবাদকাৰী নিহত হোৱা ঘটনাৰ স্বতন্ত্র ন্যায়িক তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন।

বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁই আৰু লেখক-সমাজকৰ্মী পৰেশ মালাকাৰে দাখিল কৰা ৮/২০২২ নম্বৰৰ এই আবেদনখনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত অসম চৰকাৰক তিনি সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে শুকুৰবাৰে এই আবেদনখনৰ শুনানি গ্ৰহণ কৰিছিল।

Apply Now

লগতে পঢ়ক: মিহিমুখত হাতীত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন ৰাষ্ট্ৰপতিৰ; অসমৰ ভীম কল লৈ যাব ৰাষ্ট্ৰপতি কোবিন্দে

উল্লেখ্য যে ২০১৯চনৰ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা তীব্ৰ আন্দোলনৰ সময়ত মহানগৰীৰ ছাত্ৰ ছেম ষ্টেফ’ৰ্ডকে ধৰি ৰাজ্যৰ পাঁচজন প্ৰতিবাদকাৰীৰ আৰক্ষীৰ গুলীত মৃত্যু ঘটিছিল।

শুনানি গ্ৰহণ কৰি আদালতে তিনি সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্য চৰকাৰকে ধৰি পদকীয়া পক্ষ ক্ৰমে গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব, আৰক্ষী সঞ্চালক প্ৰধান, মহানগৰ আৰক্ষী আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তলৈ জাননী জাৰি কৰে।

আদালতে অহা ২৩ মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে।

ৰাজ্যত কা গৃহীত হোৱাৰ পিছত গঢ়ি উঠা তীব্ৰ প্ৰতিবাদী আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত পাঁচজনকৈ প্ৰতিবাদকাৰী নিহত হোৱা ঘটনাৰ আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰা নাই আৰু মানৱ অধিকাৰ আয়োগত পঞ্জীয়ন হোৱা গোচৰটোও গুচৰীয়া আৰু সাক্ষী হাজিৰ নোহোৱাৰ ফলত বন্ধ ৰখা হৈছে বুলি ৰাজহুৱা স্বাৰ্থজনিত আবেদনখনত উল্লেখ কৰি কোৱা হৈছে যে আৰক্ষীৰ গুলীত নিহত হোৱা প্ৰতিটো মৃত্যুৰ ঘটনাৰ স্বতন্ত্ৰ তদন্ত কৰাৰ প্ৰয়োজন আছে বুলি উচ্চতম ন্যায়ালয়ে ইতিমধ্যে মতপোষণ কৰি থৈছে।

কিয়নো এনে ঘটনাই আইনৰ শাসনৰ আৰু ফৌজদাৰী ন্যায় ব্যৱস্থাৰ বিশ্বাসযোগ্যতাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰে।

লগতে পঢ়ক: যুদ্ধভূমিত মানৱতা! জটিল সময়ত ইউক্ৰেইনৰ ভাৰাঘৰৰ মালিকৰ পৰিয়ালক এৰি আহিবলৈ অস্বীকাৰ হাৰিয়ানাৰ যুৱতীৰ

আবেদনকাৰীয়ে গুৱাহাটীৰ ছাত্ৰ ছেম ষ্টেফ’ৰ্ডৰ হত্যাকাণ্ডকে ধৰি পাঁচোটা হত্যাকাণ্ডৰ গোচৰত ৰাজ্য প্ৰশাসন সাংবিধানিক কৰ্তব্য পালনত ব্যৰ্থ হৈছে বুলি আদালতক অৱগত কৰে।

এনে পৰিপ্ৰেক্ষিতত আবেদনকাৰীয়ে এই ঘটনাকেইটাৰ স্বতন্ত্ৰ ন্যায়িক তদন্তৰ লগতে ভুক্তভোগী পৰিয়ালকেইটাৰ বাবে উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ আদালতত আৰ্জি জনায়।

আদালতত আবেদনকাৰীৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিল অধিবক্তা বিক্ৰম ৰাজখোৱাই।      

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd