কাজিৰঙাৰ কহঁৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে সপ্তাহ জোৰা টুৰিষ্ট গাইডৰ প্ৰশিক্ষণৰ কাৰ্যসুচী ৷
ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰাত থকা শতবৰ্ষ সমাৰোহ কেন্দ্ৰত দেওবাৰে পুৱাৰে পৰা আয়োজিত এই প্ৰশিক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ৫৫ মুঠ গৰাকী প্ৰশিক্ষাৰ্থীৰ লগতে ১৬ গৰাকী টুৰিষ্ট গাইডে অংশগ্ৰহণ কৰিছে ৷
লগতে পঢ়ক: অহা নাই এম্বুলেন্স, ঠেলাত আনিলে অসুস্থ ৰোগী! বাতৰি কৰা তিনি সাংবাদিকৰ বিৰুদ্ধে দাখিল এজাহাৰ
পুৱা প্ৰশিক্ষণ কাৰ্যসুচীত কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, ডি এফ অ’ ৰমেশ গগৈ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, হুকুমা বিল সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ সভাপতি কমল গগৈ, কাজিৰঙাৰ সাংবাদিক স্বপন নাথ, জীপ চাফাৰী সন্থাৰ বিষয় ববীয়াৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ উচ্চ পদস্থ বন বিষয়া সকল উপস্থিত থাকে ৷
ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা টুৰিষ্ট গাইড প্ৰশিক্ষণৰ সপ্তাহ জোৰা এই কাৰ্যসুচী আনুষ্ঠানিকভাৱে উদ্যোধন কৰে কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷
টুৰিষ্ট গাইড প্ৰশিক্ষণৰ প্ৰথম দিনৰ কাৰ্যসুচীত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি সোনাপুৰ মহাবিদ্যালয়ৰ প্ৰবক্তা স্বপ্না মেধি বৰদলৈয়ে টুৰিজিম আৰু ইক’ টুৰিজিমৰ বিষয়ে বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰে ৷
লগতে পঢ়ক: সৰ্বনাশ কাণ্ড! ৱেব চিৰিজ চাই বন্দুক ক্ৰয় কৰিলে এজন কিশোৰে; বন্ধুবৰ্গক ভয় খুৱাবলৈ গৈ হ’ল গ্ৰেপ্তাৰ
উল্লেখ্য যে সপ্তাহ জোৰা এই প্ৰশিক্ষণত অসমৰ পৰ্যটনৰ সৈতে জড়িত কেইবাগৰাকী গৱেষকে সমল ব্যক্তি হিচাবে প্ৰশিক্ষণ প্ৰদান কৰিব ৷
অহা ২৭ আগষ্টৰ পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সৌজন্যত আয়োজিত সপ্তাহ জোৰা এই টুৰিষ্ট গাইড প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব ৷





