চামগুৰিত বনৰীয়া হাতীৰ অস্বাভাৱিক মৃতদেহ উদ্ধাৰ
ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্যৰ অভাৱত জনাঞ্চললৈ ওলাই অহা হাতী-মানুহৰ মাজৰ সংঘাত চলি থকাৰ মাজতে নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ বৰদলত আজি এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়।
প্ৰাপ্ত তথ্য মতে চামগুৰি বিধানসভা সমষ্টিৰ বৰদলৰ ধাননি পথাৰত বনৰীয়া হাতীটোৰ মৃতদেহ উদ্ধাৰ হয়। হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
আনহাতে হাতীটোৰ আগঠেঙৰ ওচৰত তেজ নিৰ্গত হৈ থকালৈ চাই হাতীটোৰ মৃত্যু স্বাভাৱিক মৃত্যু নহয় বুলি স্থানীয় লোকে মন্তব্য কৰিছে। আন একাংশ লোকে আকৌ হাতী-মানুহৰ সংঘাতৰ ফলতো হাতীটোৰ মৃত্যু হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।
ইফালে একেদৰে নুমলীগড়ৰ বিভিন্ন অঞ্চলত বুধবাৰৰ নিশাৰ পৰা বৰ্তমানলৈকে জাক জাক বন্যহস্তীৰ দলে উপদ্ৰৱ চলাই আহিছে।
মৰঙি পথাৰ, ধলাগুৰি বাগান, কাঠনি, ৰংবং, জেকচন, বুঢ়াগোহাঁই খাট আদি অঞ্চলত বনৰীয়া হাতীৰ দলটোৱে শ শ বিঘা ধাননী পথাৰ তহিলং কৰি দিছে। যাৰ ফলত স্থানীয় ৰাইজে নিশা হ’লেই উজাগৰে থাকি হাতীৰ জাক খেদিব লগা হৈছে।